ETV Bharat / health

বিজ্ঞাপন দেখি ভোল নাযাব; এনেবোৰ খাদ্যই আপোনাৰ শিশুটিৰ বাবে মাতিব পাৰে বিপদ ! - HOMEMADE CERELAC FOR BABY

author img

By ETV Bharat Assamese Team

Published : May 14, 2024, 5:54 PM IST

CERELAC AT HOME: বিজ্ঞাপনত এনে বহু খাদ্যই দেখুওৱা হয় যাক দেখি বহুতে সেই খাদ্য খাবলৈ বাধ্য হয় ৷ ঠিক তেনেদৰে শিশুৰ বাবেও বজাৰত আজিকালি বিভিন্ন খাদ্যৰ বিকল্প উপলব্ধ যেনে চেৰেলেক ৷ কিন্তু বজাৰত উপলব্ধ চেৰেলেক আপোনাৰ শিশুটিৰ স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক হ’ব পাৰে ৷ সেয়ে আজিৰ এই প্ৰতিবেদনৰ জৰিয়তে আপুনিও আপোনাৰ কণমানি শিশুটিৰ বাবে ঘৰতে এনেদৰে প্ৰস্তুত কৰক চেৰেলেক যি অতি সুস্বাদু হোৱাৰ লগত স্বাস্থ্যৰ বাবেও উপকাৰী-

how to make cerelac at home ?
বিজ্ঞাপন দেখি ভোল নাযাব; এই খাদ্যই আপোনাৰ শিশুটিৰ বাবে মাতিব পাৰে বিপদ! (IMAGE SOURCE: FREEPIK)

বৰ্তমান সময়ত বজাৰত বিভিন্ন ধৰণৰ শিশুৰ বাবে খাদ্যৰ বিকল্প পোৱা যায় ৷ এই খাদ্যৰ ব্ৰেণ্ডবোৰে বিজ্ঞাপনৰ জৰিয়তে গ্ৰাহকক এনেকৈ আকৰ্ষিত কৰিছে যে, সকলোৱে নিজৰ সন্তানৰ বাবে সেইসমূহ উপযুক্ত বুলি ভাবি লৈ খুওৱাবলৈ আৰম্ভ কৰে ৷ কিন্তু প্ৰকৃততে বহুদিন ভালে ৰাখিবলৈ এই খাদ্যত যি পদাৰ্থ ব্যৱহাৰ কৰা হয়, সেয়া শিশুৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হ'ব পাৰে ৷ সেয়েহে, আপুনি আপোনাৰ সন্তানৰ সুস্বাস্থ্যৰ কথা ভাবি ঘৰতেই তেওঁলোকৰ বাবে চেৰেলেক তৈয়াৰ কৰিব পাৰে ৷ যিসমূহ আপুনি ৬ মাহতকৈ ডাঙৰ সন্তানক খুবাৱ পাৰে ৷ ঘৰত কিদৰে চেৰেলেক তৈয়াৰ কৰিব পাৰি, আজি জানো আহক-

চেৰেলেক বনাবলৈ প্ৰয়োজনীয় সামগ্ৰীসমূহ

  • চাউল - ১ কাপ
  • মগু দাইল - ২ চামুচ
  • মচুৰ দাইল - ২ চামুচ
  • ৰহৰ দাইল - ২ চামুচ
  • কাঠবাদাম - ৭টা
  • বুটৰ দাইল - ২ চামুচ
  • পানী - ২ কাপ
  • ঘেঁহু - ১ কাপ
  • মাখানা- ২ কাপ

প্ৰস্তুত পদ্ধতি

প্ৰথমে চাউলখিনি পৰিস্কাৰ পানীৰে ভালদৰে ধুই লৈ এখন কাপোৰত থৈ অলপ শুকাবলৈ দিব ৷ একেদৰে গোটেইখিনি দাইল, ঘেঁহু আৰু কাঠবাদাম ধুই সেইখিনিও কাপোৰ এখনত উলিয়াই লৈ অলপ শুকাবলৈ দিব ৷ ইয়াৰ পাছত প্ৰথমে চাউলখিনি কেৰাহীত মুগাবৰণীয়া হোৱাকৈ অলপ ভাজি ল’ব ৷ চাউলখিনি ভজা হ’লে দাইল ঘেঁহু আৰু কাঠবাদামখিনিও একেদৰে ভাজি ল’ব ৷ এই দুয়োখিনি উপকৰণ ঠাণ্ডা হোৱাৰ পাছত মিক্সিত পিছি গুৰি কৰিব ৷ এই গুৰিখিনি ভালদৰে চালি লৈ কাঁচৰ পাত্ৰত ভৰাই থ'ব ৷ সন্তানক খুওৱাৰ সময়ত পাউডাৰ আৰু পানী এটা পেনত মিহলি কৰি তাত কেইটুকুৰামান মিচিৰি দি কম জুইত ভালদৰে ৰান্ধিব ৷ এনেদৰেই আপোনাৰ ঘৰতে তৈয়াৰ কৰা স্বাস্থ্যসন্মত চেৰেলেক সাজু কৰিব পাৰে ৷

লগতে পঢ়ক: Child Care: শিশুৰ জন্মৰ ৬ মাহৰ পিছত কেনেধৰণৰ খাদ্য খুৱাব লাগে ? শিশুৰোগ বিশেষজ্ঞ ডাঃ চামিউল এ. হুছেইনৰ পৰা জানি লওক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.