ETV Bharat / state

অসমৰ ক্ৰীড়া ক্ষেত্ৰৰ মিশ্ৰিত ফলাফলৰ এটা বৰ্ষ ২০২৩

author img

By ETV Bharat Assamese Team

Published : Dec 28, 2023, 5:08 PM IST

Assam Sports 2023
অসমৰ ক্ৰীড়া ক্ষেত্ৰৰ মিশ্ৰিত ফলাফলৰ এটা বৰ্ষ ২০২৩

Assam Sports 2023 : সময়ৰ পৃষ্ঠাত আবদ্ধ হ'বলৈ আগবাঢ়িছে আৰু এটা বছৰ । মাত্ৰ কেইটামান ঘণ্টাৰ পিছতে অতীত হ'ব ২০২৩ বৰ্ষ । লগে লগে সোঁৱৰণীৰ পৃষ্ঠাত সোমাই পৰিব ২০২৩ বৰ্ষৰ ঘটনা-পৰিঘটনা । ২০২৩ বৰ্ষটো আছিল অসমৰ ক্ৰীড়া ক্ষেত্ৰৰ উত্তৰণ আৰু প্ৰতিশ্ৰুতিৰে ভৰা এটা বৰ্ষ । এই বৰ্ষটোত অসমৰ ক্ৰীড়া জগতত কেইবাটাও উল্লেখযোগ্য ঘটনা সংঘটিত হৈছে । এক কথাত ক'বলৈ গ'লে ২০২৩ বৰ্ষটো অসমৰ ক্ৰীড়া ক্ষেত্ৰৰ বাবে এক মিশ্ৰিত ফলাফলৰ বৰ্ষ । এই প্ৰতিবেদনত ২০২৩ বৰ্ষৰ অসমৰ ক্ৰীড়া জগতৰ কেইটামান বিশেষ ঘটনাৰ ওপৰত আলোকপাত কৰা হৈছে ।

বিশেষ প্ৰতিবেদন, ৩০ ডিচেম্বৰ : পলকতে এবাৰ চকু ফুৰাওঁ আহক ২০২৩ বৰ্ষত অসমৰ ক্ৰীড়া ক্ষেত্ৰত কি কি গুৰুত্বপূৰ্ণ ঘটনা সংঘটিত হৈছে :

লাভলীনাৰ সফলতাৰ ধাৰাবাহিকতা; মহিলা বক্সিঙত চেম্পিয়ন

২০২৩ বৰ্ষটো আছিল বক্সাৰ লাভলীনা বৰগোঁহাইৰ উজ্জীৱিত প্ৰদৰ্শনেৰে অসমে গৌৰৱ কৰিবলগা এটা বৰ্ষ । অসমৰ প্ৰথমগৰাকী অলিম্পিক পদক বিজয়ী লাভলীনাই ২৬ মাৰ্চত অসম তথা ভাৰতবাসীক উপহাৰ দিয়ে এক গৌৰৱৰ মুহূৰ্ত । মহিলা বক্সিং চেম্পিয়নশ্বিপ, ২০২৩ত লাভলীনাই ৰচে অভিলেখ । কে ডি যাদৱ ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপত স্বৰ্ণ জয় কৰে অসম কন্যা লাভলীনা বৰগোঁহায়ে ৷ ৭৫ কেজি শাখাত লাভলীনা বৰগোঁহায়ে স্বৰ্ণ পদক অৰ্জন কৰে ৷ প্ৰথমবাৰৰ বাবে ফাইনেলত প্ৰৱেশ কৰিয়ে লাভলীনাই অষ্ট্ৰেলিয়াৰ বক্সাৰ কেটলিন পাৰ্কাৰক পৰাস্ত কৰি স্বৰ্ণ জয় কৰিবলৈ সক্ষম হয় ।

পেৰিছ অলিম্পিকলৈ যোগ্যতা অৰ্জন লাভলীনাৰ

২০২৩ বৰ্ষৰ এছিয়ান গেমছৰ ফাইনেলত প্ৰৱেশ কৰাৰ লগে লগে ভাৰতীয় বক্সাৰ লাভলীনা বৰগোঁহায়ে আগন্তুক পেৰিছ অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰে ৷ থাইলেণ্ডৰ বেইচন মানিকনক ৫-০ ব্যৱধাত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে ভাৰতীয় বক্সাৰগৰাকীয়ে ৷ এই বিজয়ৰ লগে লগে পেৰিছ অলিম্পিকত স্থান নিশ্চিত কৰে অসমৰ বক্সাৰগৰাকীয়ে ৷

এছিয়ান গেমছত ৰূপকৰ পদক লাভলীনাৰ

২০২৩ বৰ্ষত অসম তথা ভাৰতৰ বাবে লাভলীনা বৰগোঁহাইৰ আন এক কৃতিত্ব হৈছে এছিয়ান গেমছত ৰূপৰ পদক । চীনৰ হাংঝৌত অনুষ্ঠিত এছিয়ান গেমছত মহিলাৰ ৭৫ কিলোগ্ৰাম বক্সিং শাখাত ৰূপৰ পদক লাভ কৰে লাভলীনাই । লাভলীনাৰ পৰা এইবাৰৰ এছিয়ান গেমছত সোণৰ পদক আশা কৰা হৈছিল যদিও ফাইনেলত পৰাস্ত হৈ ৰূপৰ পদকতে সন্তুষ্ট থাকিবলগা হয় তাৰকা বক্সাৰগৰাকী ৷ এছিয়াডৰ মহিলাৰ ৭৫ কিলোগ্ৰাম বক্সিং শাখাৰ ফাইনেলত চীনৰ লি কীয়ানৰ হাতত ৫-০ ব্যৱধানত পৰাস্ত হয় লাভলীনা ৷

এছিয়ান গেমছত ভাৰতীয় দলক নেতৃত্ব লাভলীনাৰ

চীনৰ হাংঝৌত অনুষ্ঠিত ১৯ সংখ্যক এছিয়ান গেমছত ভাৰতীয় দলৰ ধ্বজাবাহকৰ সন্মান লাভ কৰে লাভলীনা বৰগোঁহায়ে । ভাৰতীয় পুৰুষ হকী দলৰ অধিনায়ক হৰমনপ্ৰীত সিঙৰ সৈতে লাভলীনাই সগৌৰৱে এছিয়ান গেমছত ভাৰতীয় দলক নেতৃত্ব প্ৰদান কৰে ।

১০ কোটিত নিলাম লাভলীনাৰ বক্সিং গ্ল’ভছ

টকিঅ' অলিম্পিকৰ ব্ৰঞ্জ পদক বিজয়ী লাভলীনাৰ বক্সিং গ্ল’ভছ নিলাম হয় ১০ কোটি টকাত ৷ সাংস্কৃতিক মন্ত্ৰণালয়ৰ দ্বাৰা আয়োজিত ই-নিলামত নিবিদাকাৰীসকলৰ প্ৰিয় হিচাপে বিবেচিত হয় নীৰজ চোপ্ৰা আৰু লাভলীনাৰ গ্ল'ভছ ৷ লাভলীনা আৰু নীৰজৰ গ্ল'ভছৰ মূল্যই সৰ্বাধিক ১০ কোটি টকা স্পৰ্শ কৰে ৷ লাভলীনাৰ গ্ল’ভছযোৰৰ বেছ প্ৰাইচ আছিল ৮০ লাখ টকা ।

এছিয়ান গেমছত ভাৰতক প্ৰতিনিধিত্ব ৭ অসম সন্তানৰ

চীনৰ হাংঝৌ চহৰত অনুষ্ঠিত এইবাৰৰ এছিয়ান গেমছত অসমৰ ৭ গৰাকী খৈলুৱৈয়ে অংশগ্ৰহণ কৰে ৷ ৬৫৫ জনীয়া ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰে লাভলীনাকে ধৰি অসমৰ শিৱ থাপা (বক্সিং), অস্মিতা চলিহা (বেডমিণ্টন), অম্লান বৰগোঁহাই (এথলেটিকছ), জাহ্নৱী শৰ্মা (সাঁতোৰ), উমা চেত্রী (ক্রিকেট), প্রিয়া দেৱী (চেপাক টাক্ৰো) ৷

লাভলীনা বৰগোঁহাইলৈ বীৰাংগনা মূলাগাভৰু বঁটা

অলিম্পিয়াড তথা বিশ্ব চেম্পিয়ন লাভলীনা বৰগোঁহাইক টাইপাই প্ৰদান কৰে বীৰাংগনা মূলাগাভৰু বঁটা । বীৰাংগনা মূলাগাভৰু স্মৃতি দিৱসত প্ৰদান কৰা হয় এই বঁটা ।

ভাৰতীয় মহিলা ক্ৰিকেট দলত স্থান লাভ ক্ৰিকেটাৰ জিণ্টিমণিৰ

ভাৰতীয় মহিলা এ দলত স্থান লাভ কৰে ক্ৰিকেটাৰ জিণ্টিমণি কলিতাই ৷ ইংলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত শৃংখলাৰ বাবে ভাৰতীয় মহিলা ক্ৰিকেট দলত স্থান লাভ কৰে মঙলদৈৰ উদীয়মান ক্ৰিকেটাৰ জিণ্টিমণি কলিতাই ৷ অসমৰ মহিলা দলৰ ক্ৰিকেটাৰ জিণ্টিমণিক উইমেন প্ৰিমিয়াৰ লীগত (WPL) মুম্বাই ইণ্ডিয়ানছে ক্ৰয় কৰে ৷ তেওঁ ২০২৪ ছিজনৰ ডব্লিউপিএলৰ বাবেও মুম্বাই দলত আছে ।

আনহাতে, ভাৰতীয় মহিলা ক্ৰিকেটৰ ১৯ অনূৰ্ধ্ব দলতো স্থানলাভ কৰে উদীয়মান ক্ৰিকেটাৰ জিণ্টিমণি কলিতাই । জিণ্টিমণি কলিতাই ১৩ নৱেম্বৰৰ পৰা ১৯ নৱেম্বৰলৈ বিশাখাপট্টনমত অনুষ্ঠিত ত্ৰিদেশীয় ক্ৰিকেট প্ৰতিযোগিতাত ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰে ।

ভাৰতীয় মহিলা ফুটবল দলক নেতৃত্ব প্ৰদান অপূৰ্ণা নাৰ্জাৰীৰ

দেশৰ ক্ৰীড়া ক্ষেত্ৰত অসমৰ আন এগৰাকী খেলুৱৈয়ে ২০২৩ বৰ্ষত উল্লেখযোগ্য বৰঙনি আগবঢ়ায় । দেশৰ মহিলা ফুটবলত অসমক গৌৰৱান্বিত কৰে এইগৰাকী অসম কন্যাই । ৰাষ্ট্ৰীয় মহিলা ফুটবল দলৰ অধিনায়ক হিচাপে নিৰ্বাচিত হয় অসম জীয়াৰী অপূৰ্ণা নাৰ্জাৰী । ছুইডেনৰ বিৰুদ্ধে অনুষ্ঠিত মেচত ভাৰতীয় দলটোক নেতৃত্ব দিয়ে অপূৰ্ণাই ।

উল্লেখ্য যে ২০২৩ বৰ্ষৰ মাৰ্চ মাহত অপূৰ্ণা নাৰ্জাৰীৰ নেতৃত্বত ভাৰতীয় মহিলা ফুটবল দলটোৱে ভিয়েটনামত ছিংগাপুৰক ৭-০ গ'লৰ বিশাল ব্যৱধানত পৰাস্ত কৰে । বিটিআৰৰ অন্তৰ্গত কোকৰাঝাৰ সদৰ চহৰৰ পৰা ১০ কিলোমিটাৰ নিলগৰ বনগাঁৱৰ সন্তান হৈছে অপূৰ্ণা নাৰ্জাৰী ৷

আনহাতে, অপূৰ্ণা নাৰ্জাৰীয়ে এএফচি অনূৰ্ধ্ব-২০ এছিয়ান কাপ কোৱালিফায়াৰৰ প্ৰথম ৰাউণ্ডতো ভাৰতীয় মহিলা দলটোক নেতৃত্ব প্ৰদান কৰি বিশাল বিজয় সাব্যস্ত কৰিছিল ।

বিশ্ব ক্ৰিকেটত ইতিহাস সৃষ্টি ৰিয়ান পৰাগৰ

টি-২০ ক্ৰিকেটত ক্ৰমাগত ছয়টা অৰ্ধশতক অৰ্জন কৰি এক বিৰল কৃতিত্ব অৰ্জন কৰা প্ৰথমগৰাকী খেলুৱৈ হিচাপে ৰিয়ান পৰাগে ২০২৩ বৰ্ষত ৰেকৰ্ড বুকত নিজৰ নাম সোণালী আখৰেৰে লিবিপব্ধ কৰে । ২০২৩ বৰ্ষৰ চৈয়দ মোস্তাক আলী ট্ৰফীত অসম আৰু কেৰালাৰ মাজৰ ৰোমাঞ্চকৰ মেচখনত ৰিয়ানে এই অভিলেখ ৰচিবলৈ সক্ষম হয় ।

আনহাতে, ২০১৯ বৰ্ষত আইপিএলত অভিষেক ঘটা ৰিয়ান পৰাগে আগন্তুক ২০২৪ বৰ্ষৰ আইপিএলৰ বাবে ৰাজস্থান ৰয়েলছৰ সৈতে চুক্তিবদ্ধ হৈছে ।

এলভিছ আলী হাজৰিকাৰ অনন্য কৃতিত্ব

প্ৰথমগৰাকী অসমীয়া হিচাপে ইংলিচ চেনেল সাঁতুৰি অভিলেখ ৰচনা কৰে অসমৰ সুসন্তান এলভিছ আলী হাজৰিকাই । এসময়ৰ ৰাষ্ট্ৰীয় তথা প্ৰখ্যাত সাঁতোৰবিদগৰাকীয়ে ইংলিচ চেনেল সাঁতুৰি বিশ্বৰ বুকুত অসমৰ নাম উজলাবলৈ সক্ষম হয় । অসমৰ সাঁতোৰবিদ এলভিছ আলী হাজৰিকাই ১৯ জুলাইত নৰ্থ চেনেল অতিক্ৰম কৰা প্ৰথমগৰাকী অসমীয়া হিচাপে কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হয় । ৩১ ঘণ্টাত তেওঁ ৭৮ কিলোমিটাৰ সাঁতুৰি এই কৃতিত্ব অৰ্জন কৰে ।

আনহাতে, আন্তঃৰাষ্ট্ৰীয় সাঁতোৰবিদ এলভিছ আলী হাজৰিকাই এই বছৰতে আন এক অভিলেখ সৃষ্টি কৰে । এলিফেণ্টা আইলেণ্ড জেটিৰ পৰা গে'টৱে অব ইণ্ডিয়া আৰব সাগৰলৈ (চ’লো ছুইম) সফলতাৰে সাঁতোৰ সম্পন্ন কৰা প্ৰথমগৰাকী অসমীয়া হোৱাৰ গৌৰৱ অৰ্জন কৰে।

এছিয়ান গেমছ, ভাৰতীয় জাতীয় মহিলা ক্ৰিকেট দলত উমা চেত্ৰী

চীনৰ হাংঝৌত অনুষ্ঠিত এছিয়ান গেছমৰ স্বৰ্ণ পদক বিজয়ী ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অন্যতম সদস্য আছিল অসম কন্যা উমা চেত্ৰী ৷ ১৯ সংখ্যক এছিয়ান গেমছত ভাৰতক প্ৰতিনিধিত্ব কৰা ভাৰতীয় মহিলা ক্ৰিকেট দলত স্থানলাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনে প্ৰতিভাৱান ক্ৰিকেটাৰ উমা চেত্ৰীয়ে ৷

আনহাতে, বাংলাদেশ ভ্ৰমণলৈ যোৱা ভাৰতীয় ৰাষ্ট্ৰীয় মহিলা ক্ৰিকেট দলতো স্থান লাভ কৰিবলৈ সক্ষম হয় উমা চেত্ৰীয়ে ৷ বাংলাদেশত অনুষ্ঠিত তিনিখনীয়া টি-২০ আৰু সমান সংখ্যক এদিনীয়া শৃংখলাত বেটাৰ আৰু উইকেটকীপাৰ হিচাপে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে উমা চেত্ৰীয়ে ৷

ইফালে উমা চেত্ৰীয়ে হংকঙত অনুষ্ঠিত এচিচি উদীয়মান মহিলা এছিয়া কাপ, ২০২৩তো ভাৰতীয় এ দলত অংশগ্ৰহণ কৰে ৷ এই ক্ৰিকেট টুৰ্ণামেণ্টত ভাৰতে খেলা দুখন মেচতেই উমাই বেটাৰ আৰু উইকেটৰক্ষক হিচাপে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ৷

বিশ্বকাপ ক্ৰিকেটৰ চাৰিখন ৱাৰ্ম-আপ মেচ সফলতাৰে আয়োজন অসম ক্ৰিকেট সন্থাৰ

সদ্যসমাপ্ত আইচিচি এদিনীয়া ক্ৰিকেট বিশ্বকাপত অসম ক্ৰিকেট সন্থাই চাৰিখনকৈ ৱাৰ্ম-আপ মেচ আয়োজন কৰে । অসম ক্ৰিকেট সন্থাৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হয় এই মেচকেইখন ।

ইয়াৰে ভিতৰত ২৯ ছেপ্টেম্বৰত অনুষ্ঠিত হয় বাংলাদেশ আৰু শ্ৰীলংকাৰ মেচ । আনহাতে, ৩০ ছেপ্টেম্বৰত অনুষ্ঠিত হ'বলগীয়া ভাৰত-ইংলেণ্ডৰ বিশ্বকাপ প্ৰস্তুতি মেচখন বৰষুণৰ বাবে বাতিল কৰা হয় । ইয়াৰ উপৰি ২ অক্টোবৰত ইংলেণ্ড-বাংলাদেশ আৰু ৩ অক্টোবৰত আফগানিস্তান-শ্ৰীলংকাৰ মাজত ৱাৰ্ম-আপ মেচ অনুষ্ঠিত হয় ।

বৰ্ষাপাৰাত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট মেচ

অসম ক্ৰিকেট সন্থাই এই বছৰটোত দুখনকৈ আন্তৰাষ্ট্ৰীয় ক্ৰিকেট মেচৰ আয়োজন কৰে, য'ত ভাৰতীয় দলে অংশগ্ৰহণ কৰে । ২ অক্টোবৰত ভাৰত-দক্ষিণ আফ্ৰিকাৰ মাজৰ টি-২০ শৃংখলাৰ এখন মেচ বৰ্ষাপাৰাত অনুষ্ঠিত হয় । মেচখনত ভাৰতে দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰে ।

আনহাতে, বিশ্বকাপৰ পিছত ২৮ নৱেম্বৰত ভাৰত-অষ্ট্ৰেলিয়া টি-২০ শৃংখলাৰ এখন মেচ বৰ্ষাপাৰাত অনুষ্ঠিত হয় । অৱশ্যে মেচখনত ভাৰত পৰাস্ত হয় ।

খেলো ইণ্ডিয়া পেৰা গেমছত ইতিহাস সৃষ্টি অসম সন্তান অনিস্মিতাৰ

২০২৩ বৰ্ষত ৰাষ্ট্ৰীয় পৰ্যায়ত উজলি উঠে আন এগৰাকী অসম সন্তান অনিস্মিতা কোঁৱৰ ৷ খেলো ইণ্ডিয়া পেৰা গেমছত অনিস্মিতাই স্বৰ্ণ পদক অৰ্জন কৰি প্ৰথমগৰাকী অসমীয়া খেলুৱৈ হিচাপে পৰিগণিত হয় ৷ নতুন দিল্লীত অনুষ্ঠিত খেলো ইণ্ডিয়া পেৰা গেমছ, 2023ত অনিস্মিতাই টি-37 শাখাৰ দীঘল জাঁপত সোণৰ পদক লাভ কৰে । ডিব্ৰুগড়ৰ এটা দুখীয়া পৰিয়ালত জন্মগ্ৰহণ কৰা অনিস্মিতাৰ সফলতাক সকলোৱে প্ৰশংসা কৰে ৷

অসম সন্তান অম্লান বৰগোঁহাইৰ আন এক অভিলেখ

চীনৰ চেংডুত অনুষ্ঠিত বিশ্ব বিশ্ববিদ্যালয় গেমছত অভিলেখ ৰচে অসমৰ প্ৰতিশ্ৰুতি সম্পন্ন দৌৰবিদ তথা দেশৰ দ্ৰুততম মানৱ অম্লান বৰগোঁহায়ে ৷ পূৰ্বৰ নিজৰে অভিলেখ ভংগ কৰি আন এক অভিলেখ গঢ়ে অম্লান বৰগোঁহায়ে ৷ পুৰুষৰ ২০০ মিটাৰ এছএফ-২ ত অম্লান বৰগোঁহায়ে এই সফলতা অৰ্জন কৰে ৷ মাত্ৰ ২০.৫৫ ছেকেণ্ডৰ ভিতৰত ২০০ মিটাৰ দৌৰ সম্পন্ন কৰি অম্লানে তৃতীয় স্থানেৰে ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয় ৷ লগে লগে এই কৃতিত্ব অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় পুৰুষ হিচাপে পৰিগণিত হয় অসম সন্তান অম্লান বৰগোঁহাই ৷ নিজৰ কেৰিয়াৰত তৃতীয়বাৰৰ বাবে এই অভিলেখ গঢ়াৰ পাচত এছিয়া চেম্পিয়ন গেমছৰ বাবেও তেওঁৰ পথ প্ৰশস্ত হয় ৷

ৰাষ্ট্ৰীয় ক্ৰীড়াত সৰ্বাধিক পদকেৰে অসমৰ দ্বাদশ স্থান

গোৱাত অনুষ্ঠিত ২০২৩ বৰ্ষৰ ৰাষ্ট্ৰীয় ক্ৰীড়াত এই পৰ্যন্ত সৰ্বোচ্চ প্ৰদৰ্শন দাঙি ধৰে । অসমৰ দলটোৱে মুঠ ১৪ টা সোণ, ২০ টা ৰূপ আৰু ২২ টা ব্ৰঞ্জৰ পদকেৰে সৰ্বমুঠ ৫৬ টা পদক অৰ্জন কৰি পদক তালিকাত দ্বাদশ স্থান লাভ কৰে ।

অসম চৰকাৰৰ মহা ক্ৰীড়া সমাৰোহ খেল মহাৰণ

২০২৩ বৰ্ষত অসম চৰকাৰ তথা ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰালয়ে প্ৰথমবাৰৰ বাবে আয়োজন কৰে ৰাজ্যৰ সৰ্ববৃহৎ ক্ৰীড়া মহোৎসৱ খেল মহাৰণ । অসমৰ চুকে-কোণে লুকাই থকা ক্ৰীড়া প্ৰতিভাসমূহক চিনাক্ত কৰি উলিয়াই অনা আৰু এক মঞ্চ প্ৰদানৰ বাবে গ্ৰহণ কৰা হয় এই খেল মহাৰণৰ পদক্ষেপ । ১ নৱেম্বৰৰ পৰা আৰম্ভ হোৱা এই খেল মহাৰণত মুঠ ৫ টা বিভাগত ক্ৰীড়া প্ৰতিযোগিতা আয়োজন কৰা হৈছে । গাঁও পঞ্চায়ত তথা স্থানীয় পৰ্যায়, বিধানসভা সমষ্টি পৰ্যায়, জিলা পৰ্যায় আৰু ৰাজ্যিক পৰ্যায়- এই চাৰিটা পৰ্যায়ত অনুষ্ঠিত হৈ আছে খেল মহাৰণ ।

উল্লেখ্য যে ১ নৱেম্বৰৰ পৰা ২০ নৱেম্বৰলৈ স্থানীয় পৰ্যায়ত অনুষ্ঠিত হয় এই খেল মহাৰণৰ প্ৰতিযোগিতা । ইয়াৰ পৰা নিৰ্বাচিত খেলুৱৈসকলে ২৭ নৱেম্বৰৰ পৰা ১৭ ডিচেম্বৰলৈ বিধানসভা পৰ্যায়ত অংশগ্ৰহণ কৰে । আনহাতে, বিধানসভা পৰ্যায়ৰ পৰা নিৰ্বাচিত খেলুৱৈসকলে ২৬ ডিচেম্বৰৰ পৰা ৭ জানুৱাৰীলৈকে জিলা পৰ্যায়ত অংশগ্ৰহণ কৰিব । জিলা পৰ্যায়ত কৃতিত্ব লাভ কৰা খেলুৱৈসকলক লৈ ৰাজ্যিক পৰ্যায়ত অনুষ্ঠিত হ'ব খেল মহাৰণৰ চূড়ান্ত পৰ্যায়ৰ প্ৰতিযোগিতা ।

ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতাৰ বাবে বিভাগ অনুযায়ী তলৰ স্থানসমূহ নিৰ্ধাৰণ কৰা হৈছে ।

গুৱাহাটীত কাবাডী (১৯ ঊৰ্ধ্ব আৰু ১৯ অনূৰ্ধ্ব)

ডিব্ৰুগড়ত ভলীবল (১৯ ঊৰ্ধ্ব আৰু ১৯ অনূৰ্ধ্ব)

তেজপুৰত ফুটবল (১৯ ঊৰ্ধ্ব)

ডিফুত ফুটবল (১৯ অনূৰ্ধ্ব)

কাছাৰত খো খো (১৯ অনূৰ্ধ্ব) আৰু

কোকৰাঝাৰত এথলেটিকছ (১৯ ঊৰ্ধ্ব আৰু ১৯ অনূৰ্ধ্ব)

এই খেল মহাৰণৰ বাবে মুঠ ৫২,৭৬,৪৮১ গৰাকী খেলুৱৈয়ে নাম পঞ্জীয়ন কৰে । ইয়াৰে ভিতৰত পুৰুষ ৩০,৭৩,৬৬৯ গৰাকী আৰু মহিলা ২২,০২,৮১২ গৰাকী । আনহাতে, ইয়াৰ মাজৰ পৰা ১৬,৯৭,৮৪১ গৰাকী পুৰুষ আৰু ১২,২৮,৩৪৬ গৰাকী মহিলাসহ মুঠ ২৭,২৬,১৮৭ গৰাকী খেলুৱৈয়ে খেল মহাৰণত অংশগ্ৰহণ কৰে ।

আনহাতে, স্থানীয় পৰ্যায়ৰ পৰা অনূৰ্ধ্ব ১৯ শাখাত ৭৮,২১৫ গৰাকী আৰু ১৯ ঊৰ্ধ্বৰ শাখাত ৪০,০৫৩ গৰাকী খেলুৱৈয়ে জিলা পৰ্যায়লৈ যোগ্যতা অৰ্জন কৰে । অৱশ্যে এই প্ৰতিবেদন যুগুত কৰাৰ সময়লৈকে ৰাজ্যিক পৰ্যাৰ খেলুৱৈৰ চূড়ান্ত সংখ্যা প্ৰকাশ পোৱা নাই ।

অসম ক্ৰিকেট সন্থাৰ প্ৰাক্তন সম্পাদক সহজানন্দ ওজাৰ পৰলোক প্ৰাপ্তি

২০২৩ বৰ্ষটোত এক বিষাদপূৰ্ণ ঘটনাও সংঘটিত হয় । বিশিষ্ট শিক্ষাবিদ তথা ক্ৰীড়া সংগঠক সহজানন্দ ওজাৰ ১০ অক্টোবৰত পৰলোক প্ৰাপ্তি ঘটে । ভাৰতীয় ক্ৰিকেট দলৰ সহ-পৰিচালক হিচাপে পাকিস্তান ভ্ৰমণ কৰিছিল প্ৰয়াত সহজানন্দ ওজাই । ওজাৰ কাৰ্যকালতেই গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামত পোন প্ৰথমবাৰৰ বাবে ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজত অনুষ্ঠিত হৈছিল আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰিকেট মেচ ।

অসম ক্ৰিকেট সন্থাৰ প্ৰাক্তন সম্পাদক, নগাঁও আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ, বিশিষ্ট শিক্ষাবিদ, ক্ৰীড়া সংগঠক, সমাজকৰ্মী সহজানন্দ ওজাৰ ৮৫ বছৰ বয়সত বাৰ্ধক্যজনিত ৰোগত পৰলোক প্ৰাপ্তি ঘটে ৷ নগাঁও ক্ৰীড়া সংস্থাৰ এসময়ৰ সম্পাদক তথা সভাপতি সহজানন্দ ওজাই ১৯৭৭ চনৰ পৰা ১৯৮৬ চন পৰ্যন্ত অসম ক্ৰিকেট সন্থাৰ সম্পাদকৰ দায়িত্ব বহন কৰিছিল ।

লগতে পঢ়ক :শৰীৰ চৰ্চাৰে জিলিকিল মাজুলীৰ ভাস্কৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.