শৰীৰ চৰ্চাৰে জিলিকিল মাজুলীৰ ভাস্কৰ

By ETV Bharat Assamese Team

Published : Dec 27, 2023, 1:35 PM IST

thumbnail

মাজুলী,২৭ ডিচেম্বৰ: চেষ্টাৰ অসাধ্য একো নাই । তাকেই প্ৰমাণ কৰি দেখুৱালে মাজুলীৰ এজন যুৱকে । পেটৰ তাড়নাত বহিঃৰাজ্যত কোম্পানীত কাম কৰি, অশেষ কষ্টৰ মাজেৰে জিলিকিল আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত । মাজুলীৰ চিতাদাৰচুক সোণাপুৰৰ ভাস্কৰ পায়েঙে দেশৰ দুখনকৈ মিষ্টাৰ ইণ্ডিয়া আৰু ইণ্টাৰনেচনেল চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰি ব্ৰঞ্জ আৰু আৰু ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হয় । বুধবাৰে পুৱাই ফেৰীৰে কমলাবাৰী ঘাটত উপস্থিত হয় মাজুলীৰ তথা অসমৰ সুযোগ্য সন্তানগৰাকী ।  

অশেষ কষ্ট স্বীকাৰ কৰি অসমৰ বাহিৰত কাম কৰাৰ লগতে ভাস্কৰে শৰীৰচৰ্চাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব দিছিল । মিষ্টাৰ ইণ্ডিয়া চেম্পিয়নশ্বিপত তৃতীয় পুৰস্কাৰ লাভ কৰা ভাস্কৰক মাজুলীৰ বিভিন্ন দল-সংগঠনৰ লগতে গাওঁবাসীয়ে কমলাবাৰী ফেৰী ঘাটত উষ্ম আদৰণি জনায় । মাজুলীত উপস্থিত হৈ ভাস্কৰ পায়েঙে এই বঁটা গ্ৰহণ কৰি যথেষ্ট সুখী বুলি উল্লেখ কৰে । লগতে আহি থকা দিনত আৰু আগুৱাই যাবলৈ সকলোৰে পৰা মৰম, উৎসাহ-প্ৰেৰণা কামনা কৰে ।  

লগতে পঢ়ক: জুবিন গাৰ্গৰ সংগীতানুষ্ঠানৰ সময়ত ৫ টাকৈ পথ দুৰ্ঘটনা, নিহত ৫

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.