সুৰাপায়ী চালকৰ বিৰুদ্ধে অভিযান হোজাই আৰক্ষীৰ

By ETV Bharat Assamese Team

Published : Dec 31, 2023, 1:24 PM IST

thumbnail

হোজাই,৩১ ডিচেম্বৰ: নৱবৰ্ষৰ প্ৰাকক্ষণত সুৰাপান কৰা চালকৰ বিৰুদ্ধে কঠোৰ হৈছে ৰাজ্যৰ আৰক্ষী প্ৰশাসন । ৰাজ্যৰ প্রান্তে প্রান্তে চলিছে নাকা চেকিং । তাৰ সমান্তৰালভাৱে দুৰ্ঘটনা ৰোধৰ বাবে হোজাই আৰক্ষী তথা পৰিবহণ বিভাগে আৰম্ভ কৰিছে অভিযান । সেই অনুসৰি ইতিমধ্যেই ই-ৰিক্সা, ডাম্পাৰৰ চলাচলত নিষেধাজ্ঞা জাৰি কৰাৰ লগতে ১৪৪ ধাৰা জাৰি কৰে ।  

কুঁৱলীৰ প্রকোপৰ প্ৰতি লক্ষ্য ৰাখি জিলা দণ্ডাধীশ তথা হোজাই জিলা আয়ুক্ত লাচিত কুমাৰ দাসে ১৪৪ ধাৰাৰ অধীনত ই-ৰিক্সা আৰু ডাম্পাৰ চলাচলত কিছু নিষেধাজ্ঞা জাৰি কৰে । ২৮ ডিচেম্বৰত জাৰি কৰা নিষেধাজ্ঞা অনুসৰি সন্ধিয়া ৫ বজাৰ পৰা পুৱা ৬ বজালৈ ৰাষ্ট্ৰীয় ঘাইপথ আৰু গ্রামাঞ্চলৰ পথত ই-ৰিক্সাৰ চলাচলৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা হয় । তদুপৰি সন্ধিয়া ৫ বজাৰ পৰা পুৱা ৭ বজালৈ ৰাষ্ট্ৰীয় ঘাইপথৰ লগতে আন ৰাজ্যিক পথৰ ওপৰত ডাম্পাৰ চলাচলৰ ক্ষেত্ৰতো জিলা প্রশাসনে নিষেধাজ্ঞা আৰোপ কৰে ।  

তদুপৰি সকলো ধৰণৰ গধুৰ বাহন ৰাষ্ট্ৰীয় ঘাইপথ আৰু ৰাজ্যিক ঘাইপথৰ কাষত পার্কিং কৰিব নোৱাৰিব, কেৱল নির্দিষ্ট কৰি দিয়া পার্কিং স্থানতহে পার্কিং কৰিব লাগিব । আনহাতে একেটা নির্দেশনা অনুসৰি কোনো লোকে জিলাখনৰ অধীনস্থ হোটেল, ৰিজ'ৰ্ট, ধাবা আদি স্থানৰ সন্মুখত পথৰ দাঁতিত কোনো বাহন পার্কিং কৰি ৰাখিব নোৱাৰিব । শনিবাৰে নিশা হোজাইৰ মাজেৰে যোৱা ৫৪ নং ৰাষ্ট্ৰীয় ঘাই পথটো হোজাই আৰক্ষীয়ে নাকা চেকিং চলাই দুৰ্ঘটনা ৰোধৰ বাবে ব্যৱস্থা গ্ৰহণ কৰে । 

লগতে পঢ়ক: অতি বিষাক্ত ৰাছেল ভাইপাৰ সাপ উদ্ধাৰ তেজপুৰত

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.