ETV Bharat / state

অতি বিষাক্ত ৰাছেল ভাইপাৰ সাপ উদ্ধাৰ তেজপুৰত

author img

By ETV Bharat Assamese Team

Published : Dec 30, 2023, 10:43 PM IST

Updated : Dec 31, 2023, 9:38 AM IST

Russell Viper Assam: তেজপুৰত বিষাক্ত ৰাছেল ভাইপাৰ প্ৰজাতিৰ সাপে নিদ্ৰা হৰিছে ৰাইজৰ । এই সাপডালৰ অস্তিত্ব পোহৰলৈ আনিছে সৌৰভ বৰকটকীয়ে ।

Viper snake in Tezpur
সৰ্পবান্ধৱ সৌৰভ বৰকটকী

তেজপুৰ, ৩০ডিচেম্বৰ : তেজপুৰত শনিবাৰে প্ৰথমবাৰলৈ উদ্ধাৰ হয় বিষাক্ত ৰাছেল ভাইপাৰ প্ৰজাতিৰ সাপ ৷ উল্লেখ্য় যে বিহগুৰিৰ তন্ময় কেওট নামৰ এজন কিশোৰৰ দুমাহ পূৰ্বে এই অতি বিষাক্ত সাপবিধৰ দংশনত মৃত্যু হৈছিল । ইয়াৰ পাছতে ৰাজ্যখনত প্ৰাকৃতিকভাৱে অধিক উপলব্ধ নোহোৱা এইবিধ সাপৰ বিপদজনক উপস্থিতিকলৈ ৰাইজৰ মাজত উদ্ভৱ হয় সংশয় ।

ৰাইজৰ মাজত সৃষ্টি হোৱা সংশয়ৰ মাজতে ইয়াৰ অনুসন্ধান অব্যাহত ৰাখে সৰ্পবান্ধৱ হিচাপেখ্যাত সৌৰভ বৰকটকীয়ে ৷ আজি পুৱা বেছেৰীয়াৰ বগাবৰা চুবুৰীৰ প্ৰসন্ন বৰাৰ মাটিমাহ তলিত এই সাপডাল দেখা পোৱাৰ বিষয়ে বৰকটকীক বৰাই জনোৱাত বৰকটকীয়ে প্ৰায় চাৰিঘন্টা জোৰা প্ৰচেষ্টাৰ অন্তত উদ্ধাৰ কৰে বিষাক্ত সাপডাল ৷

আজি এই সাপডালৰ অস্তিত্ব পোহৰলৈ আনি বৰকটকীয়ে প্ৰমাণ কৰিলে অসমত সচৰাচৰ নোপোৱা এইবিধ অতি বিষাক্ত সাপ তেজপুৰতে আছে ৷ সাপ ডাল উদ্ধাৰৰ পিছতে বন বিভাগক গটাই দিয়ে সৰ্পবান্ধৱ হিচাপে খ্যাত সৌৰভ বৰকটকীয়ে ৷ শনিবাৰে মাটিমাহ চপাই থকা এগৰাকী মহিলাই প্ৰথমে এই সাপডাল দেখা পায় ৷

উল্লেখযোগ্য যে তন্ময় নামৰ কিশোৰটিক এইখন কৃষিপথাৰতে দংশন কৰিছিল ৷ সামান্য আঘাতপ্ৰাপ্ত অৱস্থাত উদ্ধাৰ হোৱা এই সাপডাল বন বিভাগে কাজিৰঙাস্থিত বন্যপ্ৰাণী পুনৰ সংস্থাপন কেন্দ্ৰত চিকিৎসাৰ ব্যৱস্থা কৰি গুৱাহাটী চিৰিয়াখানাত ৰখাৰ পোষকতা কৰিছে বৰকটকীয়ে ৷

ৰাজ্যৰ প্ৰাণীজগতৰ বাবে এক গুৰুত্বপূৰ্ণ দিন হিচাপে অভিহিত কৰি সৌৰভ বৰকটকীয়ে কয় যে এই প্ৰজাতিৰ সাপ কেনেদৰে অসমলৈ আহিল সেয়াও এতিয়া ৰহস্যৰ বিষয় ৷ বিশ্বৰ সৰ্বাধিক বিষাক্ত সাপৰ শীৰ্ষ ১০বিধ প্ৰজাতিৰ এবিধ এই ৰাছেল ভাইপাৰ শ্ৰেণীৰ ভাৰতীয় ভাইপাৰ বিধৰ দংশনৰ কিছু সময়ৰ পিছতে প্ৰাণ হেৰুৱাব পাৰে মানুহে ৷

উল্লেখ্য যে ফেটীসাপৰ নিউৰ'টক্সিক বিষৰ বিপৰীতে ভাইপাৰ প্ৰজাতিৰ সাপৰ বিষ হিম'টক্সিক হোৱাত ই অধিক বিপদজনক হৈ পৰে । ইয়াৰ বিষে কম সময়ৰ ভিতৰত মানুহৰ কিডনী বিকল কৰি তোলে ৷ যিহেতু এইবিধ সাপ প্ৰাকৃতিকভাৱে ৰাজ্যত উপলব্ধ নহয় সেয়ে ইয়াৰ যাতে মুকলি স্থানত বংশ বৃদ্ধি নহয় তাৰ বাবে সচেতন হোৱাৰ আৱশ্যকতাৰ কথা দোহাৰি বৰকটকীয়ে আজি উদ্ধাৰ হোৱা সাপডাল চিৰিয়াখানাত ৰখাৰ বাহিৰে আন স্থানত মুকলি কৰাটো উচিত নহয় বুলিও কয় ।

লগতে পঢ়ক : নগাঁৱত বিকশিত ভাৰত সংকল্প যাত্ৰাত অংশগ্ৰহণ কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৰ

Last Updated : Dec 31, 2023, 9:38 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.