Protest in jonai: প্ৰাপ্য বিচাৰি প্ৰতিবাদত বহিল অনা শিক্ষক কৰ্মচাৰী

By ETV Bharat Assamese Team

Published : Sep 6, 2023, 8:14 AM IST

thumbnail

জোনাই, 6 ছেপ্টেম্বৰ: চিলাপথাৰত প্ৰতিবাদত নামিল মহাবিদ্যালয়ৰ কৰ্মচাৰী । মঙলবাৰে কৰ্মবিৰতি পালনেৰে ৰাজ্যৰ বিভিন্ন মহাবিদ্যালয়ৰ অনা-শিক্ষক কৰ্মচাৰীয়ে অচল কৰি তুলিলে শিক্ষানুষ্ঠান । উল্লেখ্য যে, অসম স্নাতক মহাবিদ্যালয় অনা-শিক্ষক কৰ্মচাৰী সন্থাৰ আহ্বান মৰ্মে মঙলবাৰৰ পৰা তিনিদিনীয়াকৈ আৰম্ভ হ'ল কৰ্ম বিৰতি । তিনিদিনীয়াকৈ হাতত লোৱা প্ৰতিবাদী কাৰ্যসূচীত প্ৰাপ্য দৰমহাৰ লগতে অন্যান্য সুবিধা প্ৰদানৰ দাবী জনাই অনা-শিক্ষক কৰ্মচাৰীসকলে ৷ অনা-শিক্ষকৰ প্ৰতিবাদত অচল হৈ পৰে চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয় ৷

মহাবিদ্যালয়ৰ কৰ্মচাৰীসকলে প্ৰৱেশদ্বাৰত বেনাৰ-পোষ্টাৰ লৈ অৱস্থান গ্ৰহণ কৰি কৰ্তব্যৰ পৰা আঁতৰি থাকে । আমাৰ প্ৰাপ্য আদায় দিয়ক, অসম চৰকাৰে আমাৰ সমস্যাক গুৰুত দিয়ক, আমাৰ দাবী ন্যাৰ্য্য দাবী আদি শ্ল'গানৰে উত্তাল কৰি তোলে পৰিৱেশ । চৰকাৰে অনা-শিক্ষকসকলক চাকৰিৰ নামত চৰম প্ৰতাৰণা কৰিছে । কাৰণ সামান্য দৰমহাত দশকৰ পিচত দশক ধৰি প্ৰাদেশিকৃত মহাবিদ্যালয়ৰ অনা-শিক্ষকসকলে কাম কৰি আহিছে । অথচ শেহতীয়াভাৱে নতুনকৈ কলেজত যোগদান কৰা তৃতীয়-চতুৰ্থ বৰ্গৰ কৰ্মচাৰীও যথেষ্ঠ পৰিমাণে দৰমহা লাভ কৰিছে । এই আক্ষেপ প্ৰতিবাদী অনা -শিক্ষকক কৰ্মচাৰীৰ ৷

লগতে পঢ়ক:Deprived teachers: চৰকাৰৰ বঞ্চনা; দিন-হাজিৰা কৰি সংসাৰ পোহপাল দিছে ৰাজ্যৰ একাংশ শিক্ষকে

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.