ডাষ্টবিনত বেয়া কণী আৰু ব্ৰইলাৰৰ জীৱিত পোৱালী পেলাবলৈ আহি ৰাইজৰ ৰোষত যুৱকৰ দল - young men caught red handed

By ETV Bharat Assamese Team

Published : May 17, 2024, 5:54 PM IST

thumbnail
ডাষ্টবিনত বেয়া কণী আৰু ব্ৰইলাৰৰ জীৱিত পোৱালী পেলাবলৈ আহি ৰাইজৰ ৰোষত যুৱকৰ দল (etv bharat assam)

গুৱাহাটী, ১৭ মে’ : গুৱাহাটীৰ বশিষ্ঠৰ লতাকটা অঞ্চলত আজৱ কাণ্ড ৷ GMC ৰ এটা ডাষ্টবিনৰ ওচৰত কাণত ধৰিলে এটা যুৱকৰ দলে ৷ যুৱকৰ দলটোৰ অপৰাধ হৈছে ডাষ্টবিনত দলটোৱে হাজাৰ হাজাৰ ব্ৰইলাৰৰ কণীৰ লগতে জীয়া পোৱালি পেলাই দুৰ্গন্ধময় পৰিৱেশৰ সৃষ্টি কৰিছিল ৷  ডাষ্টবিনত কণী আৰু ব্ৰইলাৰৰ জীৱিত পোৱালি পেলাবলৈ আহিয়েই স্থানীয় ৰাইজৰ হাতত ধৰা পৰিল যুৱকৰ দলটো । 

ঘটনাৰ বিৱৰণী অনুসৰি খানাপাৰাস্থিত এটা ব্যক্তিগত ব্ৰইলাৰৰ কণী ফুটোৱা প্ৰতিষ্ঠানৰ পৰা বাহনেৰে ডাষ্টবিনত পেলাবলৈ আহিছিল কণী আৰু পোৱালিসমূহ । তাৰ পিচতে স্থানীয় লোকে যুৱকৰ দলটোক প্ৰত্যক্ষ কৰি জবাবদিহি কৰে প্ৰতিস্থানটোৰ কৰ্মচাৰী তথা প্ৰতিষ্ঠানটোৰ মেনেজাৰজনক । 

এই ঘটনাক কেন্দ্ৰ কৰি বৃহস্পতিবাৰে নিশা অঞ্চলজুৰি  তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় । উল্লেখ্য যে ইয়াৰ পূৰ্বেও বহুবাৰ বশিষ্ঠত এনেদৰে কণী আৰু পোৱালী পেলাই অঞ্চলটোৰ পৰিৱেশ বিনষ্ট কৰিছে এনে প্ৰতিষ্ঠানসমূহে । ইতিমধ্যে ঘটনা সন্দৰ্ভত গুৱাহাটী পৌৰ নিগমকো অৱগত কৰে স্থানীয় ৰাইজে ৷

লগতে পঢ়ক: অচিৰেই গেলা-পচা আৰু দুগন্ধময় নগৰীলৈ পৰিণত হ'ব যোৰহাট... - Municipal employees protest

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.