কাজিৰঙাত টাস্ক ফ’ৰ্চৰ বৈঠক: গঁড়ৰ চোৰাং চিকাৰ বিৰোধী কৌশলৰ ওপৰত আলোচনা - KAZIRANGA NATIONAL PARK

🎬 Watch Now: Feature Video

thumbnail
গঁড়ৰ চোৰাং চিকাৰ বিৰোধী টাস্ক ফ’ৰ্চৰ দ্বিতীয়খন বৈঠক (ETV BHARAT ASSAM)

By ETV Bharat Assamese Team

Published : May 17, 2024 at 4:27 PM IST

1 Min Read
Choose ETV Bharat

কাজিৰঙা, 17 মে’ : কাজিৰঙাৰ কহঁৰাত শুকুৰবাৰে গঁড়ৰ চোৰাং চিকাৰ বিৰোধী টাস্ক ফ’ৰ্চৰ দ্বিতীয়খন বৈঠক অনুষ্ঠিত হয় ৷ কহঁৰাৰ বন বিভাগৰ শতবৰ্ষ সমাৰোহ কেন্দ্ৰৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এই বৈঠকত গঁড়ৰ চোৰাং চিকাৰ বিৰোধী ব্যৱস্থা শক্তিশালী কৰাৰ কৌশলৰ ওপৰত আলোচনা কৰা হয় ৷  

যিহেতু বাৰিষা সমাগত, গতিকে এনে সময়ত বৰ্তমান গঁড় সুৰক্ষা ব্যৱস্থা, বন-আৰক্ষীৰ সমন্বয়, বন সুৰক্ষা বাহিনী নিয়োগ আৰু চোৰাংচোৱা নেটৱৰ্ক শক্তিশালী কৰাৰ ওপৰত আলোকপাত কৰা হয়‌ এই সভাত ৷ বিশেষ আৰক্ষী সঞ্চালক হৰমীত সিঙৰ সভাপতিত্বত অনুষ্ঠিত সভাত আই জি পি (এছ টি এফ) আৰু (চি আৰ), কেবাজনো জ্যেষ্ঠ আৰক্ষী বিষয়া আৰু কাজিৰঙা ক্ষেত্ৰ সঞ্চালককে ধৰি জ্যেষ্ঠ বন বিষয়া আৰু অন্যান্য সঞ্চালক আৰু ডি এফ অ’সকল উপস্থিত থাকে ৷

লগতে পঢ়ক: নিউ বঙাইগাঁও ৰে’লৱে ষ্টেশ্যনত 50 বক্স ভৰ্তি সোণালী কুকুৰা জব্দ - Swine Flu In ASSAM