ETV Bharat / state

Deprived teachers: চৰকাৰৰ বঞ্চনা; দিন-হাজিৰা কৰি সংসাৰ পোহপাল দিছে ৰাজ্যৰ একাংশ শিক্ষকে

author img

By ETV Bharat Assamese Team

Published : Sep 5, 2023, 12:52 PM IST

পদপথত ঘুগুনি, পকৰী বিক্ৰী কৰি পোৱা টকাৰে সংসাৰ পোহপাল দিছে ৰাজ্যৰ একাংশ অৱসৰপ্ৰাপ্ত শিক্ষকে ৷ ৰাজ্যৰ শিক্ষা বিভাগে শুনিবনে এইসকল প্ৰাপ্য বঞ্চিত অৱসৰী শিক্ষকৰ বিননি ৷

Deprived teachers
পকৰী বেচি পোৱা টকাৰে সংসাৰ পোহপাল দিছে ৰাজ্যৰ একাংশ শিক্ষকে

কৃষি কৰ্ম, ঘুগুনী, পকৰী বেচি পোৱা টকাৰে সংসাৰ পোহপাল দিছে ৰাজ্যৰ একাংশ শিক্ষকে

ধেমাজি, 5 ছেপ্টেম্বৰ: শিক্ষক দিৱসৰ দিনাই ধেমাজিত চকুলো টুকিছে কেইবাগৰাকীও শিক্ষকে ৷ ৰাজ্যৰ বিভিন্ন শিক্ষানুষ্ঠানত শিক্ষক দিৱস পালন কৰাৰ সময়তে পোহৰলৈ আহিছে ৰাজ্যৰ শিক্ষা বিভাগৰ এখন পয়ালগা ছবি ৷

শিক্ষক দিৱসৰ দিনটো আহিলেই মন গধুৰ হৈ পৰে ধেমাজি মাছখোৱা নগৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষকসকলৰ ৷ কাৰণ ওৰেটো জীৱন শিক্ষকতা কৰি আনৰ জীৱন সুন্দৰ কৰি তোলা শিক্ষকসকলৰ জীৱন এতিয়া বিপৰ্যস্ত হৈ পৰিছে ৷ কুলাই পাচিয়ে নধৰা হৈ পৰিছে ধেমাজি মাছখোৱা নগৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষকসকলৰ জীৱন ৷

চৰকাৰীভাৱে উপেক্ষিত হৈ শিক্ষকৰ মৰ্যাদা নোপোৱাকৈয়ে অৱসৰ ল’বলৈ বাধ্য হ’ল ধেমাজি মাছখোৱা নগৰ মাধ্যমিক বিদ্যালয়ৰ দুৰ্ভগীয়া শিক্ষকসকলে ৷ 1987 চনতে মাছখোৱা অঞ্চলৰ 9 জন শিক্ষিত যুৱকে ধেমাজি মাছখোৱা নগৰ মাধ্যমিক বিদ্যালয়খন প্ৰতিষ্ঠা কৰিছিল ।

জানিব পৰা মতে, 2005 চনত বিদ্যালয়খনে চৰকাৰী স্বীকৃতি লাভ কৰিছিল । কিন্তু 2017 চনৰ শিক্ষাৰ আইন অনুসৰি 3 জন ছাত্ৰ-ছাত্ৰী কম হোৱা বাবেই 2021 চনত শিক্ষা বিভাগৰ আওঁতাত নপৰিল বিদ্যালয়খন ।

অৱশেষত বিনা বেতনে এজনৰ পিছত আনজন শিক্ষকে অৱসৰ ল’বলগীয়াত পৰিল ৷ প্ৰধান শিক্ষক অমূল্য শইকীয়াৰ পিছতে মোলান কোঁচ, মন বাহাদুৰ ছেত্ৰী আৰু বিকাশ কোঁচ ল’লে অৱসৰ ৷ এখনৰ পিচত আনখন চৰকাৰ সলনি হ’ল যদিও এগৰাকী শিক্ষকেও নাপালে প্ৰাপ্য ৷

যাৰ বাবে পেঞ্চনৰ টকাকেইটাৰে অৱসৰী জীৱন কটোৱাৰ বিপৰীতে বৰ্তমান মোলান কোঁচে পৰিয়াল পোহপাল দিবলৈ মাছখোৱা চাৰিআলিত সন্ধিয়া ঘুগুনি আৰু পকৰী বিক্ৰী কৰিবলৈ বাধ্য হৈছে ৷ মন বাহাদুৰ ছেত্ৰীয়ে শাক পাচলি খেতি আৰু বিকাশ কোঁচে কেতিয়াবা দিন মজুৰি কৰিবলৈ যায় ৷

লগতে পঢ়ক: INDIA coordination committee: দিল্লীত বিৰোধী মিত্ৰজোঁটৰ সমন্বয় সমিতিৰ প্ৰথমখন বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.