Independence Day Celebration : ১৪ আগষ্টত ঘন অৰণ্য়ত পৃথক পতাকাৰে স্বাধীনতা দিৱস পালন নগা বিদ্ৰোহী সংগঠনৰ

By

Published : Aug 15, 2023, 3:22 PM IST

thumbnail

যোৰহাট, ১৫ আগষ্ট : উত্তৰ-পূৰ্বাঞ্চলৰ এখন গুৰুত্বপূৰ্ণ ৰাজ্য হৈছে নাগালেণ্ড । এই নাগালেণ্ডৰ এখন বনাঞ্চলৰ ঘন জংঘলত সোমবাৰে উদযাপন কৰা হয় নগালেণ্ড স্বাধীনতা দিৱস । নাগালেণ্ডৰ বিদ্ৰোহী সংগঠন গভাৰ্ণমেণ্ট অব দ্য পিপল'ছ ৰিপাব্লিক অব নাগালেণ্ডৰ হেভুট' বেটেলিয়ন কেম্পত উদযাপন কৰে ৭৭ সংখ্যক নাগালেণ্ড স্বাধীনতা দিৱস । স্বাধীনতা দিৱস উপলক্ষে তেওঁলোকে উত্তোলন কৰে পৃথক পতাকা । এই পতাকা উত্তোলন কৰে মেম্বাৰ অব কালেক্টিভ লিডাৰ আংয়াইখাম মাকুঙ্গাই ।

উক্ত কাৰ্যসূচীত উপস্থিত থাকে সংগঠনটোৰ কেইবাগৰাকীও শীৰ্ষ বিষয়া । উল্লেখ্য যে ভাৰতৰ পৰা ঔপনিৱেশিক শাসকগোষ্ঠী ইংৰাজে নিজ দেশলৈ আঁতৰি যোৱাৰ প্ৰাকক্ষণত ১৯৪৭ চনৰ ১৪ আগষ্টৰ মাজনিশা নগা লোকসকলে ৰাষ্ট্ৰীয় স্বাধীনতা ঘোষণা কৰিছিল । সেয়েহে বিদ্ৰোহী সংগঠনটোৱে পূৰ্বৰ দৰে এইবাৰো ঘন অৰণ্যত অতি উলহ-মালহেৰে উদযাপন কৰে নাগালেণ্ড স্বাধীনতা দিৱস । লগতে স্বাধীনতা দিৱস উদযাপনস্থলীৰ পৰাই বিদ্ৰোহী সংগঠনটোৱে শীঘ্ৰে নাগা ফ্ৰেমৱৰ্ক চুক্তি সমাধান কৰিবলৈ কেন্দ্ৰীয় চৰকাৰলৈ আহ্বান জনায় ।

লগতে পঢ়ক :77th Independence Day LIVE Update : ঐতিহাসিক লালকিল্লাত দেশবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰী মোদীৰ ভাষণ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.