ETV Bharat / bharat

77th Independence Day LIVE Update : ঐতিহাসিক লালকিল্লাত দেশবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰী মোদীৰ ভাষণ

author img

By

Published : Aug 15, 2023, 8:13 AM IST

Updated : Aug 15, 2023, 10:46 AM IST

77th Independence Day LIVE Update
স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

দেশবাসীক দেশৰ 77 সংখ্যক স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । তেওঁ স্বাধীনতা সংগ্ৰামীসকলৰ ত্যাগক শ্ৰদ্ধা জনাই স্বাধীনতা সংগ্ৰামীসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

নেশ্যনেল ডেস্ক, 15 আগষ্ট : আজি দেশৰ 77 সংখ্যক স্বাধীনতা দিৱস ৷ ইতিমধ্যে ঐতিহাসিক লালকিল্লা দুৰ্গত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক সম্ভাষণ জনাই স্বাধীনতা সংগ্ৰামীসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷ 2024 চনৰ সংসদীয় নিৰ্বাচনৰ পূৰ্বে এইবাৰ শেষবাৰৰ বাবে মোদীয়ে প্ৰদান কৰে ভাষণ ৷

পুৱা 8:29

‘‘2014 চনত ভাৰত দশম বৃহত্তম অৰ্থনীতি আছিল । আজি 140 কোটি নাগৰিকৰ প্ৰচেষ্টাত আমি বিশ্বৰ 5 ম বৃহত্তম অৰ্থনীতিলৈ পৰিণত হৈছো ৷ এয়া এনেই হোৱা নাই । দুৰ্নীতিৰ পৰা দেশক ৰক্ষা কৰি আমি শক্তিশালী অৰ্থনীতিৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছো’’ - প্ৰধানমন্ত্ৰী ৷

পুৱা 8:05

ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে কয়, "ভাৰতৰ অগ্ৰগতি আৰু বিকাশৰ ফলত দেশত বিশ্বব্যাপী আস্থা নৱীকৃত হৈছে । বিশ্ব প্ৰযুক্তিৰ দ্বাৰা পৰিচালিত, প্ৰযুক্তিৰ প্ৰতি থকা উজ্জ্বলতাৰে ভাৰতে বিশ্বৰ মঞ্চত নতুন ভূমিকা আৰু প্ৰভাৱ পেলাব ৷ বিশ্বত ভাৰতৰ ওপৰত আস্থা বৃদ্ধি হ’ব’’ ৷

পুৱা 7:43

মণিপুৰত হিংসাৰ চক্ৰ, মহিলাৰ ওপৰত হোৱা অত্যাচাৰৰ ঘটনাৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীয়ে মন্তব্য প্ৰদান কৰে । তেওঁ কয় যে, ভাৰত ৰাষ্ট্ৰৰ মানুহৰ লগত আছে । শান্তিৰ জৰিয়তে মণিপুৰত সমাধানৰ পথ বিচাৰি পাব ৷ কেন্দ্ৰই সমাধানৰ বাবে সকলো প্ৰচেষ্টা চলাই আছে ৷ কেন্দ্ৰৰ মতেই ৰাজ্য চৰকাৰে তেনেকৈয়ে কৰি যাব বুলিও তেওঁ লগতে কয় ।

পুৱা 7:30

দিল্লীৰ লালকিল্লাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । স্বাধীনতা দিৱসৰ অনুষ্ঠানৰ সাক্ষী হ’বলৈ সমাজৰ বিভিন্ন শ্ৰেণীৰ প্ৰায় 1800 বিশেষ অতিথিক আমন্ত্ৰণ জনোৱা হৈছে দিল্লীৰ লালকিল্লালৈ । এই অনুষ্ঠানত উপস্থিত আছে মোদী চৰকাৰৰ কেবিনেট সতীৰ্থসকলে আদি কৰি বিভিন্ন দেশৰ কূটনীতিবিদ আৰু বিশেষ আমন্ত্ৰিত সদস্যসকল ।

পুৱা 7:27

ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গাৰ্ড অৱ অনাৰ পৰিদৰ্শন কৰে । তেওঁ ট্ৰাই চাৰ্ভিচ আৰু দিল্লী আৰক্ষীক লৈ গাৰ্ড অৱ অনাৰ গ্ৰহণ কৰে ।

পুৱা 7:23

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, মন্ত্ৰালয়ৰ প্ৰতিৰক্ষা অজয় ভাট আৰু প্ৰতিৰক্ষা সচিব গিৰিধৰ আৰামনেৰ লগতে ট্ৰাই-চাৰ্ভিচৰ মুৰব্বীসকলে লালকিল্লাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আদৰণি জনায় ৷ তাৰ পাচতে তেওঁ জাতীয় পতাকা উত্তোলন কৰিবলৈ আগবাঢ়ি যায় ।

পুৱা 7:17

লালকিল্লাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকআদৰণি জনাবলৈ অপেক্ষা কৰি আছে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, মন্ত্ৰালয়ৰ প্ৰতিৰক্ষা অজয় ভাট আৰু প্ৰতিৰক্ষা সচিব গিৰিধৰ আৰামনে । দিল্লী আৰক্ষীৰ চমু আদৰণিৰ অন্তত প্ৰধানমন্ত্ৰী মোদীয়ে গাৰ্ড অৱ অনাৰ পৰিদৰ্শন কৰিবলৈ আগবাঢ়ি যায় ।

পুৱা 7 :00

ৰাজঘাটত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী । ইয়াত ৰাজঘাটত মহাত্মা গান্ধীজীৰ স্মৃতিসৌধত প্ৰধানমন্ত্ৰীগৰাকীয়ে ফুলেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । এতিয়া তেওঁ লালকিল্লালৈ আগবাঢ়িব আৰু দেশবাসীৰ আগত নিজৰ ভাষণ প্ৰদান কৰিব ৷ ইয়াৰ পূৰ্বে তেওঁ গাৰ্ড অৱ অনাৰক পৰিদৰ্শন কৰিব । ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে তেওঁৰ একেৰাহে দশম আৰু শেষবাৰৰ বাবে ভাযণ প্ৰদান কৰিব ।

6:67

স্বাধীনতা দিৱস উপলক্ষে দিল্লীৰ বাসগৃহত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে ।

Last Updated :Aug 15, 2023, 10:46 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.