Child sexual abuse: পঢ়োৱাৰ চলেৰে ঘৰলৈ আনি কণমানি ভাগিনীয়েকক যৌন নিৰ্যাতন চলালে আত্মীয়ই

By ETV Bharat Assamese Team

Published : Oct 3, 2023, 4:56 PM IST

thumbnail

যোৰহাট, 3 অক্টোবৰ : যোৰহাটত মানৱতাক লজ্জিত কৰা এক ঘটনা সংঘটিত হৈছে । 6 বছৰীয়া শিশুক যৌন নিৰ্যাতন চলালে নিজ আত্মীয়ই। যোৰহাটৰ মাৰোৱাৰীপট্টিৰ নিবাসী এজন লোকে পত্নীৰ 6 বছৰীয়া ভাগিনীয়েকক যৌন নিৰ্যাতন চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৷

যোৰহাটৰ পুৰণি বালিবাটৰ কৃষ্ণা জুৱেলাৰীৰ লগতে থকা ভাৰাঘৰত কণমানিজনীক যৌন নিৰ্যাতন চলাইছিল লোকজনে । পৰৱৰ্তী সময়ত এই কথা ওলাই পৰাৰ ভয়ত নিজ পত্নীক লগত লৈ লখিমপুৰৰ বিহপুৰীয়াত থকা আইতাকৰ ঘৰত থৈ আহে নিৰ্যাতিতা কণমানিজনীক। 

মাতৃহাৰা কণমানিজনীক পঢ়োৱাৰ নামত মাত্ৰ কিছুদিনৰ পূৰ্বে দম্পতীটোৱে যোৰহাটলৈ আনিছিল । এই ঘটনা পোহৰলৈ অহাৰ পাছত ভাৰাঘৰৰ গৰাকীয়ে উলিয়াই দিয়ে পৰিয়ালটোক। সোমবাৰে নিশা আৰক্ষীয়ে লোকজনক গ্ৰেপ্তাৰ কৰে। ঘটনাক কেন্দ্ৰ কৰি এতিয়া যোৰহাটত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

লগতে পঢ়ক: Silsako Evicted people protest : ক্ষতিপূৰণসহ পুনৰ সংস্থাপনৰ দাবীত চচলত শিলসাঁকোৰ উচ্ছেদিতৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.