মুছলমান নথকা সমষ্টিত জিকিব নোৱাৰে কংগ্ৰেছে : পীযুষ হাজৰীকা

By ETV Bharat Assamese Team

Published : Nov 27, 2023, 5:21 PM IST

thumbnail

ওদালগুৰি, 27 নৱেম্বৰ : "গৌৰৱ গগৈ মুছলমানৰ ভোট লৈহে জিকি আছে ৷ য'ত মুছলমানৰ ভোট বেছি তাতহে কংগ্ৰেছে জয়লাভ কৰে ৷ অহাবাৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছে এখনতকৈ বেছি আসনত জিকিব নোৱাৰে ৷" এই মন্তব্য মন্ত্ৰী পীযুষ হাজৰীকাৰ ৷ সোমবাৰে টংলাত অনুষ্ঠিত হোৱা বিজেপিৰ এক বিশেষ কাৰ্যসূচীত উপস্থিত হৈ এই মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷ মন্ত্ৰীগৰাকীয়ে লগতে কয় যে, নগাঁৱৰ আসনখনত মুছলমান লোকৰ ভোট বেছিকৈ থকাৰ বাবেই প্ৰাৰ্থিত্বকলৈ টনা-আজোঁৰা চলি আছে কংগ্ৰেছৰ ৷  

উল্লেখ্য যে, আগন্তুক লোকসভা নিৰ্বাচনক লৈ ব্যাপক প্ৰস্তুতি চলাইছে শাসকীয় দল বিজেপিয়ে ৷ ৰাজ্যৰ আন আন প্ৰান্তৰ লগতে বড়োভূমিতো লোকসভা নিৰ্বাচনৰ কুচ-কাৱাজ তীব্ৰতৰ কৰি তুলিছে দলটোৱে ৷ সেয়েহে এতিয়া বিটিচিৰ অলিয়ে-গলিয়ে বিজেপিৰ মন্ত্ৰী-বিধায়কৰ চফৰ ৷

সোমবাৰে ওদালগুৰি জিলাৰ নৱগঠিত 48 নং টংলা বিধানসভা সমষ্টি আৰু খালিং মণ্ডলৰ উদ্যোগত টংলাত অনুষ্ঠিত হয় বিজেপিৰ বিশাল জনজাগৰণ সভা ৷ এই সভাত অংশগ্ৰহণ কৰি মন্ত্ৰী পীযুষ হাজৰীকাই বিৰোধী দলক তীব্ৰ সমালোচনা কৰে ৷ সভাত মন্ত্ৰীগৰাকীৰ সৈতে সাংসদ দিলীপ শইকীয়া, বিধায়ক জিতু গোস্বামী, বিটিচিৰ  কাৰ্যবাহী সদস্য দিগন্ত বৰুৱা, বিজেপিৰ জিলা সভাপতি সুনীল বসুমতাৰী, সম্পাদক জৌশ্ৰাং বড়োসহ দলৰ বহুতো নেতা-কৰ্মী উপস্থিত থাকে ৷  

ইফালে এই সভাত অংশগ্ৰহণ কৰা সাংসদ দিলীপ শইকীয়াই সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত 'কা' (CAA) সমৰ্থনত পুনৰ মন্তব্য প্ৰকাশ কৰা পৰিলক্ষিত হ’ল ৷ 
লগতে পঢ়ক : নাগৰিকত্ব সংশোধনী আইনৰ নিয়মাৱলী মাৰ্চ ২০২৪ ভিতৰত প্ৰস্তুত হ’ব, প্ৰতিশ্ৰুতি কেন্দ্ৰীয় মন্ত্ৰী অজয় মিশ্ৰৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.