ETV Bharat / state

নিৰ্মাণৰ পাছতে জহি-খহি গ'ল পথ, যাতায়াতৰ ক্ষেত্ৰত ভূগিছে দুৰ্ভোগ - Dilapidated Road In South Salmara

author img

By ETV Bharat Assamese Team

Published : May 26, 2024, 10:27 AM IST

POOR ROAD CONDITION : চৰকাৰে উন্নয়নৰ ঢাক-ঢোল বজোৱাৰ সময়তে পথৰ দুৰাৱস্থাই জ্বলা-কলা খুৱাইছে একাংশ ৰাইজক । দক্ষিণ শালমৰাৰ একাংশ ৰাইজে এটা পথৰ বাবে দুৰ্ভোগ ভূগিছে দীৰ্ঘদিনে । নিৰ্মাণৰ পাছতে জহি-খহি যোৱা পথচোৱা মেৰামতিৰ দাবী ৰাইজৰ ।

People demand repair of dilapidated road at South Salmara
নিৰ্মাণৰ পাছতে জহি-খহি গ'ল পথ (ETV Bharat Assam)

ধুবুৰী, ২৬ মে': সবকা সাথ, সবকা বিকাশ শ্ল’গান মাথো কাগজী শব্দ হৈয়ে ৰ’ল । উন্নয়ন ধোঁৱাচাঙতহে ৰ'ল । গ্ৰামাঞ্চলৰ বহুতো ঠাইত যাতায়াতৰ ক্ষেত্ৰত ৰাইজে ভূগিছে যমৰ যাতনা । গ্ৰামাঞ্চলৰ কথাটো বাদেই চহৰাঞ্চলতো এতিয়াও বোকা-পানী গচকিয়েই বহিঃজগতৰ সৈতে যোগাযোগ ৰাখিবলগীয়া হৈছে একাংশ ৰাইজে ।

তেনে এক পৰিস্থিতিয়েই সৃষ্টি হৈছে দক্ষিণ শালমৰাত । দক্ষিণ শালমাৰা সমষ্টিৰ এটা গুৰুত্বপূৰ্ণ পথ হিচাপে পৰিচিত শালকাটা-ধেনাৰখুটী সংযোগী প্ৰায় ৫ কিঃমিঃ দৈৰ্ঘৰ পথটো সম্প্ৰতি যাতায়াতৰ বাবে অনুপযোগী হৈ পৰিছে ৷ পথৰ পৰা জহি-খহি গৈছে চি চি ব্লক, ঠায়ে ঠায়ে দ খাৱৈত পৰিণত হৈছে ৷ যাতায়াতৰ ক্ষেত্ৰত চৰম দুৰ্ভোগ ভূগিছে ৰাইজে ৷

নিৰ্মাণৰ পাছতে জহি-খহি গ'ল পথ (ETV Bharat Assam)

স্থানীয় ৰাইজে জনোৱা অনুসৰি, ২০১৮-১৯ বৰ্ষৰ স্বাক্ষৰ প্ৰকল্পৰ অধীনত শালকাটাৰ পৰা ধেনাৰখুঁটিলৈ প্ৰায় ৫ কিঃমিঃ দৈৰ্ঘৰ পথচোৱা নিৰ্মাণৰ বাবে চৰকাৰে ৫ কোটি ৭০ লাখ ২৪ হাজাৰ টকা আৱণ্টন দিছিল ৷ উক্ত কামৰ ঠিকা লাভ কৰিছিল ফয়জাল হক নামৰ এগৰাকী ঠিকাদাৰে ৷ পিছে উক্ত কোটি টকীয়া পথচোৱা নিৰ্মাণৰ কামত নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ ফলত নিৰ্মাণৰ পিছতেই পথচোৱা জহি-খহি যোৱাৰ অভিযোগ উত্থাপন কৰে ৰাইজে ৷

চাৰিচকীয়া বাহন চলাচলৰ অনুপযোগী হোৱাৰ বাবে সম্প্ৰতি মৰণত শৰণ দি দুচকীয়া আৰু তিনি চকীয়া বাহনসমূহ চলাচল কৰি আছে পথটোত । শীঘ্ৰে পথচোৱা মেৰামতি বা পুনৰ নিৰ্মাণ নকৰিলে যিকোনো মূহুৰ্ততে পথচোৱাত দুচকীয়া বা তিনি চকীয়া বাহনৰো চলাচল বন্ধ হৈ পৰাৰ আশংকা কৰিছে স্থানীয় ৰাইজে ৷ সেয়ে অতি শীঘ্ৰে পথচোৱা নিৰ্মাণত সংঘটিত হোৱা দুৰ্নীতিৰ এক উচিত তদন্ত কৰি পথচোৱা পুনৰ মেৰামতি কৰি যাতায়াতৰ বাবে সূচল কৰাৰ দাবী ৰাইজৰ ৷

লগতে পঢ়ক: কোন সাংসদ-বিধায়কৰ ঘৰৰ কাষতেই আছে বিধ্বস্ত পথ ? - Dilapidated Road In Silapathar

দুৰ্নীতিৰ অভিযোগ ! নগাঁৱৰ কোন ঠিকাদাৰক সকীয়ালে মহিলাই ? - Irregularity In Road Construction

পথ নিৰ্মাণৰ দাবীত আছুৰ তীব্ৰ প্ৰতিবাদ - AASU Protest

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.