দুৰ্নীতিৰ অভিযোগ ! নগাঁৱৰ কোন ঠিকাদাৰক সকীয়ালে মহিলাই ? - Irregularity in Road construction
Road Construction Nagaon : পথ পকীকৰণৰ নামত নগাঁৱত চলিছে কি? পুৰণি সামগ্ৰী ব্যৱহাৰ কৰি পথ নিৰ্মাণত দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ ৷ ঠিকাদাৰক সকীয়নি স্থানীয় মহিলাৰ ৷ পথ নিৰ্মাণত খেলিমেলি বন্ধ নকৰিলে ঠিকাদাৰক এসিকনি দিবলৈ সাজু স্থানীয় মহিলা ৷ স্থানীয় ৰাইজৰ অভিযোগ প্ৰতি নীৰৱ নগাঁৱৰ লোকনির্মাণ বিভাগ ৷

Published : May 20, 2024 at 9:42 PM IST
নগাঁও, 20 মে’ : ৰাজ্যৰ গ্ৰামঞ্চলৰ বাট-পথ উন্নীত কৰাৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই গাদী দখল কৰাৰ পাচতেই গ্ৰহণ কৰিছিল ন ন আঁচনি ৷ তাৰ মাজৰে এটা আঁচনি হৈছে মুখ্যমন্ত্ৰী উন্নত পকী পথ নিৰ্মাণ আঁচনি ৷ মুখ্যমন্ত্ৰীৰ উন্নত পকী পথ নিৰ্মাণ আঁচনিৰ জৰিয়তে চৰকাৰে কোটি কোটি টকা আৱন্টন দিছে যদিও পথ নিৰ্মাণৰ নামত একাংশ ঠিকাদাৰে কিদৰে নিৰ্মাণ কাৰ্য সম্পাদন কৰিছে তাৰ ওপৰত বিভাগীয় কৰ্তৃপক্ষই দৃষ্টি ৰাখিছে নে নাই তাক লৈ সন্দেহৰ সৃষ্টি কৰিছে এটা পথ নিৰ্মাণক লৈ স্থানীয় মহিলাই কৰা অভিযোগে ৷ পথটো নগাঁৱৰ ধিং ডুমডুমীয়া পথ ৷
নগাঁৱৰ ধিঙৰ পৰা ডুমডুমীয়ালৈ যোৱা প্ৰায় 6 কিলোমিটাৰ পথ পকীকৰণৰ বাবদ প্ৰায় পাঁচ কোটি টকা আৱন্টন দিয়া বুলি জানিব পৰা গৈছে ৷ কিন্তু প্ৰাককলন অনুসৰি যিদৰে নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰিব লাগে সেয়া একপ্ৰকাৰ ভৰিৰে মোহাৰি জনৈক জৈন উপাধিৰ এগৰাকী ঠিকাদাৰে নিজ মইমতালিৰে পথটিৰ নিৰ্মাণ কৰি থকা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ অতি লেহেমীয়া গতিত নিৰ্মাণ কাৰ্য চলোৱাৰ অভিযোগ উত্থাপন হৈছে দায়িত্বপ্ৰাপ্ত ঠিকাদাৰগৰাকীৰ বিৰুদ্ধে ৷ কেৱল লেহেমীয়াই নহয় অতি নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰি পথ নিৰ্মাণ কৰি থকাৰো অভিযোগ উত্থাপন হৈছে ৷
প্ৰাককলন অনুসৰি পথ নিৰ্মাণত চি চি ব্লক নতুন আৰু উন্নত মানদণ্ডৰ ব্যৱহাৰ কৰিব লাগে যদিও এই পথৰ নিৰ্মাণত অতি নিম্ন মানদণ্ডৰেই নহয় পুৰণি চি চি ব্লক ব্যৱহাৰ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৷ কিন্তু পথছোৱা নিৰ্মাণৰ বহু পুৰণি চি চি ব্লক ব্যৱহাৰ কৰাৰ পাচতো বিভাগীয় কোনো বিষয়া অভিযন্তাই এই পৰ্যন্ত কোনো বিহীত ব্যৱস্থা গ্ৰহণ নকৰাৰো অভিযোগ উঠিছে ৷ পথ নিৰ্মাণত পুৰণি চি চি ব্লক ব্যৱহাৰ কৰাত জাঙুৰ খাই উঠিছে স্থানীয় মহিলাসকলো ৷ আনকি পথছোৱা নিৰ্মাণৰ ক্ষেত্ৰত সংঘটিত কৰা অনিয়ম বন্ধ নকৰিলে দায়িতপ্ৰাপ্ত ঠিকাদাৰক এসিকনি দিবলৈ সাজু বুলি সকীয়নি স্থানীয় মহিলাৰ ৷ উল্লেখযোগ্য যে, মুখ্যমন্ত্ৰী উন্নত পকী পথ নিৰ্মাণ আঁচনিৰ অধীনত চলি থকা একাধিক পথ নিৰ্মাণৰ ক্ষেত্ৰত দুৰ্নীতি-অনিয়মৰ আশ্ৰয় লোৱাৰ অভিযোগো উত্থাপন হৈছে ৷

