পথ নিৰ্মাণৰ দাবীত আছুৰ তীব্ৰ প্ৰতিবাদ - AASU Protest - AASU PROTEST

🎬 Watch Now: Feature Video

thumbnail
পথ নিৰ্মাণৰ দাবীত আছুৰ তীব্ৰ প্ৰতিবাদ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : May 18, 2024 at 8:53 PM IST

1 Min Read
Choose ETV Bharat

শিৱসাগৰ,১৮ মে': শিৱসাগৰ নগৰত সদৌ অসম ছাত্র সন্থাৰ শিৱসাগৰ জিলা আৰু আঞ্চলিক সমিতিৰ তীব্ৰ প্ৰতিবাদ । নগৰখনৰ ভুৱন চন্দ্ৰ গগৈ পথৰ দুৰাৱস্থাক লৈ আছুৱে ৰূপায়ণ কৰে পথ অৱৰোধ কাৰ্যসূচী । দীৰ্ঘদিনৰে পৰা বিধ্বস্ত হৈ আছে শিৱসাগৰ চহৰ আৰু নাজিৰা সংযোগী ভূৱন চন্দ্ৰ গগৈ পথচোৱা । ৰাইজে নিতৌ পথৰ দুৰৱস্থাৰ বাবে জ্বলাকলা খাইছে যদিও পথটো খৰতকীয়াকৈ পুনৰ নিৰ্মাণত গুৰুত্ব দিয়া নাই লোকনিৰ্মাণ বিভাগে ।  

ইয়াৰ পৰিপ্ৰেক্ষিতত পথ অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে শিৱসাগৰ আঞ্চলিক ছাত্ৰ সন্থাই । ‌আছু কৰ্মীসকলে লোক নিৰ্মাণ বিভাগ হায় হায়, পথৰ নিৰ্মাণৰ নামত ভেকোভাওনা বন্ধ কৰক আদি শ্ল'গান দি পৰিৱেশ উত্তাল কৰি তোলে । অচিৰেই পথটো যাতায়তৰ বাবে সুচল নকৰিলে লোক নিৰ্মাণ বিভাগৰ কাৰ্যালয় ঘেৰাও কৰাৰ  হুংকাৰ দিয়ে প্ৰতিবাদকাৰী আছু নেতাই । ইপিনে পথ অৱৰোধৰ ফলত বহু সময় ধৰি আৱদ্ধ হৈ পৰে শ শ যান-বাহন । 

লগতে পঢ়ক: মাৰ যোৱা নাই পংখীৰ মৃত্যুৰ উত্তেজনা; মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন ৰাজহুৱা কৰাৰ দাবী দল-সংগঠনৰ - Pankhi Handique Death

এখন বিদ্যালয় আৰু শিক্ষক লাগে ! প্ৰতিবাদত নামিল চৰাঞ্চলৰ কণ কণ শিক্ষাৰ্থী - Demand For A School

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details