পথ নিৰ্মাণৰ দাবীত আছুৰ তীব্ৰ প্ৰতিবাদ - AASU Protest

By ETV Bharat Assamese Team

Published : May 18, 2024, 8:53 PM IST

thumbnail
পথ নিৰ্মাণৰ দাবীত আছুৰ তীব্ৰ প্ৰতিবাদ (ETV Bharat Assam)

শিৱসাগৰ,১৮ মে': শিৱসাগৰ নগৰত সদৌ অসম ছাত্র সন্থাৰ শিৱসাগৰ জিলা আৰু আঞ্চলিক সমিতিৰ তীব্ৰ প্ৰতিবাদ । নগৰখনৰ ভুৱন চন্দ্ৰ গগৈ পথৰ দুৰাৱস্থাক লৈ আছুৱে ৰূপায়ণ কৰে পথ অৱৰোধ কাৰ্যসূচী । দীৰ্ঘদিনৰে পৰা বিধ্বস্ত হৈ আছে শিৱসাগৰ চহৰ আৰু নাজিৰা সংযোগী ভূৱন চন্দ্ৰ গগৈ পথচোৱা । ৰাইজে নিতৌ পথৰ দুৰৱস্থাৰ বাবে জ্বলাকলা খাইছে যদিও পথটো খৰতকীয়াকৈ পুনৰ নিৰ্মাণত গুৰুত্ব দিয়া নাই লোকনিৰ্মাণ বিভাগে ।  

ইয়াৰ পৰিপ্ৰেক্ষিতত পথ অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে শিৱসাগৰ আঞ্চলিক ছাত্ৰ সন্থাই । ‌আছু কৰ্মীসকলে লোক নিৰ্মাণ বিভাগ হায় হায়, পথৰ নিৰ্মাণৰ নামত ভেকোভাওনা বন্ধ কৰক আদি শ্ল'গান দি পৰিৱেশ উত্তাল কৰি তোলে । অচিৰেই পথটো যাতায়তৰ বাবে সুচল নকৰিলে লোক নিৰ্মাণ বিভাগৰ কাৰ্যালয় ঘেৰাও কৰাৰ  হুংকাৰ দিয়ে প্ৰতিবাদকাৰী আছু নেতাই । ইপিনে পথ অৱৰোধৰ ফলত বহু সময় ধৰি আৱদ্ধ হৈ পৰে শ শ যান-বাহন । 

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.