ETV Bharat / state

মাৰ যোৱা নাই পংখীৰ মৃত্যুৰ উত্তেজনা; মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন ৰাজহুৱা কৰাৰ দাবী দল-সংগঠনৰ - Pankhi Handique death

author img

By ETV Bharat Assamese Team

Published : May 17, 2024, 5:11 PM IST

Pankhi Handique death case: পংখী সন্দিকৈৰ ৰহস্য়জনক মৃত্যুৰ পাচত ৰাজ্য়জুৰি প্ৰতিক্ৰিয়া অব্যাহত আছে ৷ পংখীৰ মৰণোত্তৰ প্ৰতিবেদন ৰাজহুৱা কৰিবলৈ আহ্বান বিভিন্ন দল-সংগঠনৰ ৷

strike against Pankhi Handique death at Dolmukh in Sivasagar town
কি আছে পংখী সন্দিকৈৰ মৰণোত্তৰ প্ৰতিবেদনত ? (ETV BHARAT ASSAM)

কি আছে পংখী সন্দিকৈৰ মৰণোত্তৰ প্ৰতিবেদনত ? (ETV BHARAT ASSAM)

শিৱসাগৰ, 17 মে’ : শিৱসাগৰত উত্তাল প্ৰতিবাদ ৷ শুকুৰবাৰে সদৌ টাই আহোম ছাত্র সন্থা, বীৰ লাচিত সেনা, জাতীয় সংগ্ৰামী সেনা, উজনি অসম মুছলিম কল্যাণ পৰিষদ, জাগৃতি মহিলা সমাজ আদিকে কৰি বিভিন্ন দল-সংগঠনে শিৱসাগৰ নগৰৰ দ’লমুখ চাৰিআলিত এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ।

যোৱা 2 মে’ত শিৱাসগৰ জিলাৰ নিতাইপুখুৰীৰ পংখী সন্দিকৈ নামৰ এগৰাকী বোৱাৰীৰ ৰহস্যজনকভাৱে মৃত্যু হৈছিল ৷ সন্দেহজনকভাৱে চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হোৱা পংখীৰ মৃতদেহক লৈ উত্থাপন হৈছিল অভিযোগ আৰু প্ৰতিঅভিযোগৰ ।

ইয়াৰ মাজতে পংখী হত্যাৰ ন্যায়ৰ দাবীত শিৱসাগৰৰ বিভিন্ন দল-সংগঠনে নিতিকেশক কঠোৰ শাস্তি দিয়াৰ দাবী উত্থাপন কৰিছিল । ইফালে ইয়াৰ পিচতে থাওৰাৰ সমষ্টিৰ বিধায়ক সুশান্ত বৰগোহাঁয়ে জাতি-জনগোষ্ঠীয় দল-সংগঠনসমূহক উপলুঙা কৰিছিল ।

লগতে পঢ়ক: পংখী সন্দিকৈৰ ন্যায়ৰ দাবীত শিৱসাগৰত ৰাজহুৱা সভা - Mysterious Death Of Pankhi Handique

এই উপলুঙাসূচক মন্তব্যৰ পিচতে শুকুৰবাৰে শিৱসাগৰ নগৰত এক প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত কৰে দল-সংগঠনকেইটাই ৷ প্ৰতিবাদকাৰীসকলে নিতিকেশ দাসক চাকৰিৰ পৰা নিলম্বন তথা ফাঁচীৰ দাবী উত্থাপন কৰাৰ লগতে তদন্তকাৰী আৰক্ষী বিষয়াদ্বয় নামৰূপ থানাৰ আৰক্ষী বিষয়া নীলকমল বৰুৱা আৰু দ্ৰোণকান্ত দেউৰীক নিলম্বন কৰিব লাগে বুলি দাবী উত্থাপন কৰে ৷ লগতে প্ৰতাবাদকাৰীসকলে বিধায়ক বৰগোহাঁইক উভতি ধৰে ৷

ইফালে শৃংখল চলিহাই আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ গাপ দিয়াৰ অভিযোগ উত্থাপন কৰিছে ৷ তেওঁ কয় যে, যিসময়ত আৰক্ষীয়ে নিকা আৰু স্বচ্ছভাৱে কাম কৰাৰ দাবী কৰে তেনে সময়ত পংখীৰ মৃত্যুত গণতন্ত্ৰ ক’লৈ গ’ল ?

নামৰূপ থানাৰ আৰক্ষী বিষয়া নীলকমল বৰুৱা আৰু দ্ৰোণকান্ত দেউৰীক নিলম্বন নকৰিলে অনাগত দিনত এই আন্দোলন অব্যাহত থাকিব বুলি হুংকাৰ প্ৰদান কৰে চলিহাই ৷ লগতে পংখীৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন ৰাজহুৱা কৰিবলৈ দাবী উত্থাপন কৰে শৃংখল চলিহাই ৷

লগতে পঢ়ক: পংখী সন্দিকৈৰ মৃত্য়ু সন্দৰ্ভত সুশান্ত বৰগোহাঁইয়ে কৰা মন্তব্য়ত উভতি ধৰিলে আটাছুৱে - Mysterious death of Pankhi Handique

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.