পংখী সন্দিকৈৰ মৃত্য়ু সন্দৰ্ভত সুশান্ত বৰগোহাঁইয়ে কৰা মন্তব্য়ত উভতি ধৰিলে আটাছুৱে - Mysterious death of Pankhi Handique
ATASU press Meet: আটাছুকে ধৰি কেইবাটাও দল-সংগঠনে পংখী সন্দিকৈৰ পৰিয়ালক ন্যায় প্ৰদানৰ দাবীত ঘাইপথ অৱৰোধ কৰা সন্দৰ্ভত বিধায়ক সুশান্ত বৰগোহাঁইৰ তীৰ্যক মন্তব্য় । ইয়াৰ পিচতেই সৰৱ হৈ পৰিছে আটাছু, অসমীয়া যুৱ মঞ্চ আৰু জাতীয় সংগ্ৰামী সেনা, অসম ।

Published : May 11, 2024 at 5:33 PM IST
শিৱসাগৰ, ১১ মে': শিৱসাগৰ জিলাৰ ডিমৌত যোৱা ২ মে'ত সংঘটিত পংখী সন্দিকৈৰ ৰহস্য়জনক মৃত্যুৰ পাছত ৰাজ্য়জুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । নিতাইপুখুৰী আৰক্ষী চকীৰ অন্তৰ্গত দুৱৰীছিগা গাঁৱৰ ভৈৰৱ সন্দিকৈৰ জ্যেষ্ঠ কন্যা ২২ বছৰীয়া পংখী সন্দিকৈৰ স্বামী নিতিকেশ দাসৰ বিৰুদ্ধে হত্য়াৰ অভিযোগ তুলি ইতিমধ্য়ে ভুক্তভোগীৰ পৰিয়ালে নামৰূপ আৰক্ষী থানাত এজাহাৰ দখিল কৰিছে ।
ভুক্তভোগীৰ পৰিয়ালে নিতিকেশ দাসৰ বিৰুদ্ধে শাৰীৰিক-মানসিক অত্যাচাৰ আৰু হত্যাৰ অভিযোগ উত্থাপন কৰি এজাহাৰ দাখিল কৰিছে নামৰূপ থানাত । শিৱসাগৰৰ আটাছুকে ধৰি কেইবাটাও দল- সংগঠনে পংখী সন্দিকৈৰ পৰিয়ালক ন্যায় প্ৰদানৰ দাবীত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰা বাবে ডিমৌ সমষ্টিৰ বিধায়ক সুশান্ত বৰগোহাঁইয়ে দল-সংগঠনসমূহৰ বিৰুদ্ধে কটু মন্তব্য কৰে । বিধায়কগৰাকীৰ এই মন্তব্য়ৰ পিচতেই শিৱসাগৰৰ দল-সংগঠনসমূহ জাঙুৰ খাই উঠিছে ।
শিৱসাগৰ প্ৰেছ ক্লাবত আজি আটাছু,অসমীয়া যুৱ মঞ্চ আৰু জাতীয় সংগ্ৰামী সেনা, অসমে বিধায়কগৰাকীৰ এনে মন্তব্যৰ বিৰুদ্ধে এক সংবাদ মেলত ক্ষোভ প্ৰকাশ কৰে । সংবাদমেলত আটাছুৰ সভাপতি বসন্ত গগৈয়ে পংখী সন্দিকৈৰ পৰিয়ালক ন্যায় প্ৰদানৰ বাবে ওলাই অহা শ শ মহিলাক বিধায়কগৰাকীয়ে উপলুঙা কৰিছে বুলি তীব্ৰ সমালোচনা কৰে । এই সন্দৰ্ভত আটাছুৰ সভাপতি বসন্ত গগৈয়ে কয়," আমি সুশান্ত বৰগোহাঁইৰ পৰা ন্যায় বিচৰা নাই,অসমৰ মুখ্যমন্ত্ৰীৰ পৰা বিচাৰিছো । " শিৱসাগৰৰ দল-সংগঠনসমূহে বিধায়কগৰাকীৰ শ্ৰুতলিপিত পৰিচালিত নহয় বুলি উল্লেখ কৰি আটাছুৰ সভাপতিগৰাকীয়ে পংখীৰ পৰিয়ালে ন্যায় লাভৰ বাবে মাত মতাতো বিধায়কগৰাকীৰ নৈতিক দায়িত্ব আছিল বুলি মন্তব্য কৰে । লগতে তেওঁ কয়, "বিধায়কগৰাকীৰ বিপক্ষে যিবিলাক প্ৰশ্নবোধক আছে তাৰ উত্তৰ দিয়ক বিধায়ক সুশান্ত বৰগোঁহাইয়ে ।"
আনহাতে, অসমীয়া যুৱ মঞ্চৰ নেতা যাদৱ গগৈয়ে জাতীয় সংগঠনক সমালোচনা কৰাৰ আগতে নিজৰ সমষ্টিৰ উন্নয়নত মন দিবলৈ আহ্বান জনায় । তেওঁ পংখী সন্দিকৈৰ জন্মস্থানত ন্যায়ৰ বাবে প্ৰতিবাদ নকৰি নামৰূপত কৰিব নেকি বুলি বিধায়কগৰাকীক প্ৰশ্ন কৰে । সংবাদমেলত সুশান্ত বৰগোহাঁইৰ বিৰুদ্ধে সৰৱ হৈ জাতীয় সংগ্ৰামী সেনাৰ সভাপতি চিতঙ বৰুৱাই কয়," ৰাজনেতিক দালালৰ পৰামৰ্শ নিবিচাৰো । অসমৰ সংগঠন সমূহে অসমৰ ন্যায়ৰ হকে মাত মাতি আহিছো ।" তেওঁ ভৱিষ্যতে এনে কাৰ্যৰ পৰা আঁতৰি থাকিবলৈ বিধায়কগৰাকীক সকীয়াই দিয়ে । শিৱসাগৰৰ কেইবাটাও দল -সংগঠনে উপ- -আৰক্ষী অধীক্ষক তথা তদন্তকাৰী বিষয়াজনে হত্যকাণ্ডক ধনৰ বিনিময়ত অত্মহত্যাৰ ৰূপ দিয়াৰ অভিযোগ উত্থাপন কৰি আৰক্ষী বিষয়াকেইজনক নিলম্বনৰ দাবী উত্থাপন কৰে ।
উল্লেখ্য় নিতাইপুখুৰী আৰক্ষী চকীৰ অন্তৰ্গত দুৱৰীছিগা গাঁৱৰ নিৱাসী ভৈৰৱ সন্দিকৈৰ জ্যেষ্ঠ কন্যা ২২ বছৰীয়া পংখী সন্দিকৈ আছিল এগৰাকী প্ৰতিভাৱান যুৱতী । বিভিন্ন সাংস্কৃতিক কৰ্মত জড়িত আছিল এইগৰাকী যুৱতী । মেধাৱী ছাত্ৰী পংখী সন্দিকৈ শিৱসাগৰ ছাত্ৰ একতা সভাৰ সহকাৰী সাধাৰণ সম্পাদিকা আছিল । তদুপৰি তেওঁৰ মডেলিং, এঙ্কৰিং আৰু অভিনয়ৰ প্ৰতি ৰাপ আছিল ।

