ETV Bharat / state

পংখী সন্দিকৈৰ ন্যায়ৰ দাবীত শিৱসাগৰত ৰাজহুৱা সভা - Mysterious Death Of Pankhi Handique

author img

By ETV Bharat Assamese Team

Published : May 14, 2024, 9:39 PM IST

Pankhi Handique death: ডিমৌ বিধানসভা সমষ্টিৰ বিধায়ক সুশান্ত বৰঁগোহাইয়ে আগবঢ়োৱা কটু মন্তব্য আৰু পংখী সন্দিকৈৰ ন্যায়ৰ দাবীত শিৱসাগৰত ৰাজহুৱা সভা ।

Mysterious Death Of Pankhi Handique
পংখী সন্দিকৈৰ ন্যায়ৰ দাবীত শিৱসাগৰত ৰাজহুৱা সভা (Etv bharat assam)

পংখী সন্দিকৈৰ ন্যায়ৰ দাবীত শিৱসাগৰত ৰাজহুৱা সভা (Etv bharat assam)

শিৱসাগৰ, 14 মে’: শিৱসাগৰ জিলাৰ ডিমৌত বিগত 2 মে'ৰ দিনা ৰহস্য়জনকভাৱে মৃত্যু ঘটা পংখী সন্দিকৈৰ মৃত্যুৰ প্ৰতিক্ৰিয়া অব্যাহত আছে । বুধবাৰে শিৱসাগৰ প্ৰেছ ক্লাৱত প্ৰায় 30 টাকৈ সংগঠন একত্ৰিত হৈ এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰে । পংখীৰ স্বামী নীতিকেশ দাসক চাকৰিৰ পৰা নিলম্বন, নামৰূপ থানাৰ তদন্তকাৰী আৰক্ষী বিষয়াক নিলম্বন কৰাৰ লগতে বিধায়ক সুশান্ত বৰগোহাঁইক ৰাজহুৱাভাৱে ক্ষমা খোজাৰ দাবী জনায় এই সভাখনৰ আয়োজন কৰা হয় ।

সভাত উপস্থিত সংগঠনৰ লোক আৰু ৰাইজে পংখীৰ স্বামী নীতিকেশ দাসক চাকৰিৰ পৰা বৰ্খাস্ত কৰিব লাগে আৰু নামৰূপ থানাৰ আৰক্ষী বিষয়া নীলকমল বৰুৱা আৰু দ্ৰোণকান্ত দেউৰীক নিলম্বন কৰিব লাগে বুলি দাবী উত্থাপন কৰে । এই দাবী পূৰণ নহ’লে আগন্তুক 17 মে' তাৰিখৰ পৰা শিৱসাগৰৰ ৰাজপথত নিৰবিচ্ছিন্নভাবে প্ৰতিবাদ কৰাৰ হুংকাৰ প্ৰদান কৰে শিৱসাগৰৰ 30 টাৰো অধিক অধিক জাতীয় দল সংগঠনৰ নেতৃত্বই ।

উল্লেখযোগ্য যে শিৱসাগৰ জিলাৰ ডিমৌ নিতাই পুখুৰীৰ জীয়ৰী পংখী সন্দিকৈৰ নামৰূপৰ ভাড়াঘৰত চিপ লৈ থকা অৱস্থাত ৰহস্যজনকভাৱে মৃতদেহ উদ্ধাৰ হৈছিল বিগত 2 মে'ৰ দিনা । এই ঘটনাক আত্মহত্যাৰ বিপৰীতে নিজ স্বামীয়ে হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়া চেষ্টা কৰা বুলি পংখীৰ পৰিয়ালৰ লোকে অভিযোগ তুলিছিল ।

শিৱসাগৰৰ আটাছুকে ধৰি কেইবাটাও দল-সংগঠনে মৃত পংখী সন্দিকৈৰ পৰিয়ালক ন্যায় প্ৰদানৰ দাবীত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ বাবে ডিমৌ সমষ্টিৰ বিধায়ক সুশান্ত বৰগোহাঁইয়ে দল-সংগঠনসমূহৰ বিৰুদ্ধে কটু মন্তব্য আগবঢ়াইছিল । বিধায়কগৰাকীৰ এই মন্তব্য়ৰ পিচতেই শিৱসাগৰৰ দল-সংগঠনসমূহ জাঙুৰ খাই উঠা পৰিলক্ষিত হৈছে । আজি অনুষ্ঠিত ৰাজহুৱা সভাত বিজেপি বিধায়কগৰাকীক ৰাজহুৱাভাৱে ক্ষমা খোজাৰ বাবে দাবী জনোৱা হয় ৷

লগতে পঢ়ক: পংখী সন্দিকৈৰ মৃত্য়ু সন্দৰ্ভত সুশান্ত বৰগোহাঁইয়ে কৰা মন্তব্য়ত উভতি ধৰিলে আটাছুৱে - Mysterious death of Pankhi Handique

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.