ETV Bharat / bharat

নাগৰিকত্ব সংশোধনী আইনৰ নিয়মাৱলী মাৰ্চ ২০২৪ ভিতৰত প্ৰস্তুত হ’ব, প্ৰতিশ্ৰুতি কেন্দ্ৰীয় মন্ত্ৰী অজয় মিশ্ৰৰ

author img

By ETV Bharat Assamese Team

Published : Nov 27, 2023, 2:13 PM IST

পশ্চিমবংগৰ মতুৱাসকলৰ নাগৰিকত্ব প্ৰদানক লৈ বিভিন্ন দলৰ ৰাজনীতি অব্যাহত আছে । মতুৱাসকলক আকৰ্ষণৰ লক্ষ্যৰে পুনৰ বিজেপিয়ে তেওঁলোকক নাগৰিকত্ব প্ৰদানৰ আশ্বাস দিছে । ঠাকুৰনগৰৰ ঠাকুৰবাৰীত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী অজয় মিশ্ৰই মতুৱাসকলক নাগৰিকত্ব প্ৰদানৰ প্ৰতিশ্ৰুতি দিয়াক লৈ পশ্চিমবংগৰ ৰাজনীতি উত্তাল হৈ পৰিছে ।

Minister Ajay Mishra
পশ্চিমবংগৰ মতুৱাসকলক নাগৰিকত্ব প্ৰদানৰ প্ৰতিশ্ৰুতি কেন্দ্ৰীয় মন্ত্ৰী অজয় মিশ্ৰৰ

নেশ্যনেল ডেস্ক,২৭ নৱেম্বৰ : লোকসভা নিৰ্বাচন চমু চাপি অহাৰ লগে লগে বিজেপিয়ে বিশেষ ৰণনীতি প্ৰস্তুত কৰি ৰাজ্যসমূহত প্ৰচাৰ আৰম্ভ কৰিছে । ভোটাৰক আকৰ্ষণৰ বাবে বিভিন্ন প্ৰতিশ্ৰুতি দিছে । এইবাৰ পশ্চিমবংগত গৃহ বিভাগৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী অজয় মিশ্ৰ টেনিৰ গুৰুত্বপূৰ্ণ মন্তব্য । পশ্চিমবংগৰ মতুৱা সম্প্ৰদায়ক যিকোনো প্ৰকাৰে নাগৰিকত্ব প্ৰদানৰ প্ৰতিশ্ৰুতি দিলে মন্ত্ৰীগৰাকীয়ে । শান্তনু ঠাকুৰে প্ৰদান কৰা সৰ্বভাৰতীয় মাতুৱা মহাসংঘৰ পৰিচয় পত্ৰক বিশেষ গুৰুত্ব প্ৰদানৰো প্ৰতিশ্ৰুতি দিয়ে মন্ত্ৰীগৰাকীয়ে । মন্ত্ৰীগৰাকীৰ এই মন্তব্যৰ পাছতে ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । শাসকীয় তৃণমূল কংগ্ৰেছে তেওঁৰ এই মন্তব্যক ভোটৰ ৰাজনীতি বুলি অভিহিত কৰিছে ।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৰাস উৎসৱ উপলক্ষে দেওবাৰে উত্তৰ ২৪ পৰগণা জিলাৰ ঠাকুৰনগৰৰ মাতুৱা ঠাকুৰবাৰীত উপস্থিত হয় । আবেলি হৰিচান্দ মন্দিৰ দৰ্শন কৰাৰ পাছত তেওঁ মাতুৱাসকলক সম্বোধন কৰি মাতুৱাৰ আৰাধ্যা হৰিচান্দ গুৰুচান্দ ঠাকুৰৰ জীৱনৰ ওপৰত আলোকপাত কৰে । সম্প্ৰদায়টোক চৰকাৰে উপেক্ষা কৰাৰ অভিযোগ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে এতিয়ালৈকে মাতুৱাসকলক নাগৰিকত্ব প্ৰদান কৰা হোৱা নাই ।

আনহাতে তেওঁ দাবী কৰা মতে বিজেপিয়ে মতুৱাসকলক নাগৰিকত্ব প্ৰদানৰ বাবে সাজু । কিন্তু নাগৰিকত্ব সংশোধনী আইন গৃহীত হোৱাৰ পাছত বিৰোধী টিএমচিয়ে অস্থিৰতা সৃষ্টি কৰি আহিছে আৰু উচ্চতম ন্যায়ালয়ত কেইবাটাও গোচৰ ৰুজু কৰিছে বুলি উদ্বেগ প্ৰকাশ কৰে । কিন্তু মতুৱাসকলে চিন্তা কৰাৰ প্ৰয়োজন নাই বুলি তেওঁ দাবী কৰে । মন্ত্ৰীগৰাকীয়ে প্ৰতিশ্ৰুতি দি কয় যে সকলো মতুৱালোকে নাগৰিকত্ব লাভ কৰিব । তাৰ বাবে কোনো নথিপত্ৰৰো প্ৰয়োজন নাই । যিসকলৰ হাতত ২০১৪ চনৰ ৩১ ডিচেম্বৰৰ পূৰ্বে ভাৰতলৈ অহাৰ নথি পত্ৰ আছে তেওঁলোকে নাগৰিকত্ব লাভ কৰিব । যিসকলৰ ওচৰত কোনো নথি পত্ৰ নাই তেওঁলোকেও নাগৰিকত্ব লাভ কৰিব বুলিও তেওঁ কয় ।

মন্ত্ৰী অজয় মিশ্ৰৰ মতে বহু মাতুৱালোকে বাহিৰলৈ যাবলৈ ভয় কৰে । মাতুৱাসকলে নাগৰিকত্ব লাভ নকৰালৈ তেওঁলোকে শান্তনু ঠাকুৰে প্ৰদান কৰা সৰ্বভাৰতীয় মাতুৱা মহাসংঘৰ পৰিচয় পত্ৰ লৈ সমগ্ৰ দেশ ভ্ৰমণ কৰিবলৈ সক্ষম হ'ব বুলিও কয় মন্ত্ৰীগৰাকীয়ে ।

মন্ত্ৰীগৰাকীৰ এই মন্তব্যৰ পাছতে টিএমচিৰ পৰা তীব্ৰ প্ৰতিক্ৰিয়া আহিছে । এগৰাকী টিএমচি নেতাই প্ৰশ্ন কৰিছে যে এগৰাকী মন্ত্ৰীয়ে কেনেকৈ আইন প্ৰস্তুত কৰিব পাৰে ? বিজেপিয়ে ভাৱে মানুহবোৰ মূৰ্খ । এই প্ৰতিশ্ৰুতিৰে বিজেপিয়ে ২০১৯ চনৰ নিৰ্বাচনত জয়ী হৈছিল । সেই প্ৰতিশ্ৰুতিৰে মন্ত্ৰীগৰাকীয়ে ভাবিছে পুনৰ ২০২৪ চনৰ নিৰ্বাচনী বৈতৰণী পাৰ কৰিব । নেতাগৰাকীৰ মতে বিজেপিয়ে লোকসভা নিৰ্বাচনত সিংহাসন হেৰুৱাব বুলি ভয় খাইছে । মতুৱাসকলক নাগৰিকত্ব প্ৰদানৰ বিজেপিৰ ক্ষমতা নাই বুলিও দাবী কৰে টিএমচি নেতাগৰাকীয়ে ।

লগতে পঢ়ক :ন্যায়াধীশ নিৰ্বাচনৰ বাবে সৰ্বভাৰতীয় ন্যায়িক সেৱা পৰীক্ষাৰ পৰামৰ্শ ৰাষ্ট্ৰপতিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.