ETV Bharat / entertainment

বেংগালুৰুৰ ৰেভ পাৰ্টীৰ অভিযুক্তৰ সমৰ্থৱত অভিনেতা-প্ৰযোজক মাঞ্চু বিষ্ণু - Bengaluru Rave Party

author img

By ETV Bharat Assamese Team

Published : May 26, 2024, 8:11 AM IST

Bengaluru Rave Party: ড্ৰাগছ সেৱনৰ অভিযোগত অভিযুক্ত অভিনেত্ৰী হেমাৰ সমৰ্থনত তেলেগু অভিনেতা-প্ৰযোজক মাঞ্চু বিষ্ণু । বিষ্ণুৱে জনসাধাৰণক ভিত্তিহীন অভিযোগ পৰিহাৰ কৰিবলৈ আহ্বান জনায় আৰু প্ৰামাণিক তথ্যৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে ৷

Bengaluru Rave Party: Manchu Vishnu Urges Public to Avoid Baseless Claims Against Hema
অভিনেত্ৰী হেমাৰ কাষত অভিনেতা-প্ৰযোজক মানচু বিষ্ণু (Etv bharat)

চিটাৰা ডেস্ক, 26 মে’: বেংগালুৰুৰ ৰেভ পাৰ্টীত হোৱা বিতৰ্কৰ পিছত তেলেগু অভিনেতা তথা প্ৰযোজক মাঞ্চু বিষ্ণুৱে এই অনুষ্ঠানত ড্ৰাগছ সেৱনৰ অভিযোগ উত্থাপন হোৱা অভিনেত্ৰী হেমাৰ পক্ষত থিয় দিছে ।

বিগত 20 মে’ত হেব্বাগোডী থানাৰ অন্তৰ্গত এটা ফাৰ্ম হাউচত হোৱা এই অভিযানে টলীউড চলচ্চিত্ৰ উদ্যোগত জোকাৰণিৰ সৃষ্টি কৰে ৷ কিয়নো ইয়াৰ সৈতে শ্ৰীকান্ত আৰু হেমাকে ধৰি কেইবাজনো অভিনেতা জড়িত থকাৰ উৰাবাতৰি ইতিমধ্যে প্ৰচাৰ হৈছে ।

শ্ৰীকান্ত আৰু হেমা দুয়োজনেই এই কাণ্ডৰ সৈতে কোনোধৰণে জড়িত নহয় বুলি ষ্পষ্টকৈ স্বীকাৰ কৰে ৷ শ্ৰীকান্তই সংবাদ মাধ্যমক সম্বোধন কৰে আৰু হেমাই ভিডিঅ’যোগে এক বিবৃতি প্ৰকাশ কৰে । অৱশ্যে বেংগালুৰুৰ আৰক্ষী আয়ুক্ত বি দয়ানন্দই হেমাই ভিডিঅ’টো মুকলি কৰি জনসাধাৰণক প্ৰতাৰণা কৰাৰ চেষ্টা কৰা বুলি প্ৰকাশ কৰে । তদুপৰি আৰক্ষী আয়ুক্তগৰাকীয়ে হেমাৰ তেজত ড্ৰাগছৰ উপস্থিতি পোৱা গৈছে বুলি প্ৰকাশ কৰে ।

বিতৰ্কৰ মাজতে মাঞ্চু বিষ্ণুৱে ছ’চিয়েল মিডিয়াত হেমাৰ প্ৰতি সমৰ্থন প্ৰকাশ কৰি জনসাধাৰণক ভিত্তিহীন অভিযোগ উত্থাপন আৰু অসত্য তথ্য প্ৰচাৰৰ পৰা বিৰত থাকিবলৈ আহ্বান জনায় ।

তেওঁ নিজৰ X একাউণ্টত লিখিছে, “শেহতীয়াকৈ ৰেভ পাৰ্টীত ড্ৰাগছ সম্পৰ্কীয় গোচৰটোৰ সন্দৰ্ভত একাংশ সংবাদ মাধ্যম আৰু ব্যক্তিয়ে অভিনেত্ৰী হেমাৰ বিষয়ে ভিত্তিহীন অভিযোগ উত্থাপন কৰিছে” ৷

তেওঁ আৰু লিখিছে, "মই সকলোকে আহ্বান জনাইছো যে সিদ্ধান্ত প্ৰকাশ কৰা আৰু ভূৱা তথ্য বিয়পোৱাৰ পৰা বিৰত থাকিব লাগে । দোষী প্ৰমাণ নোহোৱালৈকে হেমাক নিৰ্দোষী বুলি গণ্য কৰাৰ যোগ্য । তেওঁ এগৰাকী মাতৃ আৰু পত্নীও আৰু উৰাবাতৰিৰ ভিত্তিত তেওঁৰ ভাৱমূৰ্তিক নিন্দা কৰাটো অন্যায়" ৷

তেওঁ লগতে কয়, "মুভি আৰ্টিষ্ট এছ'চিয়েচনে (এম এ এ) যিকোনো অবৈধ কাৰ্যক গৰিহণা দিয়ে । যদিহে হেমাক জড়িত কৰা সুনিৰ্দিষ্ট প্ৰমাণ আৰক্ষীয়ে প্ৰদান কৰে, তেন্তে মুভি আৰ্টিষ্ট এছ'চিয়েচনে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব । তেতিয়ালৈকে অনুগ্ৰহ কৰি প্ৰমাণহীন বাতৰিক চাঞ্চল্যকৰ কৰি তোলাৰ পৰা বিৰত থাকক" ৷

ইফালে, বেংগালুৰু আৰক্ষীৰ কেন্দ্ৰীয় অপৰাধ শাখাই (চিচিবি) ৰেভ পাৰ্টী গোচৰৰ সন্দৰ্ভত 27 মে’ত তদন্তকাৰী বিষয়াৰ সন্মুখত হাজিৰ হ’বলৈ আঠজন ব্যক্তিক নিৰ্দেশ দিয়া বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক: অশ্ৰুসিক্ত নয়নেৰে অনসূয়া সেনগুপ্তাই কুইৰ সম্প্ৰদায়লৈ উৎসৰ্গা কৰে শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান - Best Actress at Cannes 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.