ETV Bharat / opinion

পেলেষ্টাইন ৰাষ্ট্ৰৰ স্বীকৃতি আৰু ৰাষ্ট্ৰসংঘৰ পূৰ্ণ সদস্যপদৰ বৰ্ধিত সমৰ্থনে ওৰ পেলাবনে ইজৰাইল-পেলেষ্টাইন সংঘাত ? - Palestine State Demand

author img

By Achal Malhotra

Published : May 26, 2024, 7:01 AM IST

Palestine State Demand : শেহতীয়াভাৱে পেলেষ্টাইন ৰাষ্ট্ৰৰ স্বীকৃতিৰ দাবী আন্তৰাষ্ট্ৰীয় সম্প্ৰদায়ৰ মাজত সজোৰে উত্থাপন হৈছে । লগতে পেলেষ্টাইনক ৰাষ্ট্ৰসংঘৰ পূৰ্ণ সদস্যপদ প্ৰদানৰ ওপৰতো দাবী উঠিছে । যোৱা ২১ মে'ত আৰু তিনিখন দেশে এই বিষয়ত প্ৰস্তাৱ আগবঢ়াইছে । কিন্তুক পেলেষ্টাইনক ৰাষ্ট্ৰ হিচাপে স্বীকৃতি প্ৰদান আৰু ৰাষ্ট্ৰসংঘৰ পূৰ্ণ সদস্যপদৰ বাবে ক্ৰমবৰ্ধমান সমৰ্থনে ইজৰাইল আৰু পেলেষ্ঠাইনৰ মাজত যি সংঘাত তাৰ প্ৰকৃত সমাধান আনিবনে ? এই সন্দৰ্ভত অৱসৰপ্ৰাপ্ত আই এফ এছ বিষয়া অচল মলহোত্ৰাৰ এক বিশেষ প্ৰতিবেদন ।

Palestine State Demand
পেলেষ্টাইন ৰাষ্ট্ৰৰ স্বীকৃতি সম্ভৱনে (ETV Bharat)

বিশেষ প্ৰতিবেদন, ২৫ মে' : ইজৰাইল-পেলেষ্টাইন সংঘাতৰ মাজতে পেলেষ্টাইনক এখন পূৰ্ণ ৰাষ্ট্ৰ হিচাপে স্বীকৃতি দিয়াৰ দাবী সজোৰে উত্থাপিত হৈছে । ইতিমধ্যে বহুকেইখন দেশে পেলেষ্টাইনক ৰাষ্ট্ৰ হিচাপে স্বীকৃতি দিয়াৰ ক্ষেত্ৰত ৰাষ্ট্ৰসংঘত মুকলিকৈ প্ৰস্তাৱ আগবঢ়াইছে । তাৰ মাজতে চলিত বৰ্ষৰ 21 মে'ত আৰু তিনিখন দেশ ক্ৰমে নৰৱে', স্পেইন আৰু আয়াৰলেণ্ডে পেলেষ্টাইনক স্বীকৃতি দিয়াৰ সিদ্ধান্তৰ কথা ঘোষণা কৰে । ইফালে ইহুদী ৰাষ্ট্ৰ ইজৰাইলৰ সৈতে সংঘৰ্ষৰ মাজতে পেলেষ্টাইন লিবাৰেচন অৰ্গেনাইজেচন (পিএলঅ')ৰ অধ্যক্ষ য়াছেৰ আৰাফাতে পেলেষ্টাইনক এখন স্বাধীন ৰাষ্ট্ৰ হিচাপে ঘোষণা কৰি ইয়াৰ ৰাজধানী হিচাপে জেৰুজালেমক ঘোষণা কৰাৰ পিচত ১৯৮৮ চনৰ ১৫ নৱেম্বৰৰ পৰা সমগ্ৰ মহাদেশখনত ৰাষ্ট্ৰসংঘৰ ১৯৩ খন সদস্য ৰাষ্ট্ৰৰ ভিতৰত ১৪৩ খনে পেলেষ্টাইনক স্বীকৃতি দিছে ।

আনহাতে, আমেৰিকাৰ সমৰ্থন লাভ কৰা ইজৰাইলে ১৯৪৮ চনৰ মে' মাহত স্বাধীনতা ঘোষণা কৰাৰ এবছৰ পিচত ১৯৪৯ চনৰ মে' মাহত ৰাষ্ট্ৰসংঘৰ সম্পূৰ্ণ সদস্য হয় ।

বৰ্তমান মধ্যপ্ৰাচ্য, এছিয়া আৰু আফ্ৰিকাৰ বেছিভাগ দেশে পেলেষ্টাইনক স্বীকৃতি প্ৰদান কৰিছে । অৱশ্যে ১৯৮৮ চনত ইউৰোপীয় ইউনিয়নত যোগদান কৰাৰ পূৰ্বে আৰু ছোভিয়েট ব্লকৰ দেশসমূহৰ অংশ হিচাপে মাত্ৰ নখন ইউৰোপীয় ইউনিয়নৰ দেশে পশ্চিম এছিয়াৰ দেশখনক স্বীকৃতি দিছিল ।

আমেৰিকাকে ধৰি কোনো এখন জি-৭ দেশ আৰু আমেৰিকা, জাপান, অষ্ট্ৰেলিয়া, জাৰ্মানী, ফ্ৰান্স, ব্ৰিটেইনৰ দৰে মুখ্য বৈশ্বিক শক্তিবোৰৰ কোনোৱে এতিয়ালৈকে পেলেষ্টাইনক স্বীকৃতি দিয়া নাই । নৰৱে', স্পেইন আৰু আয়াৰলেণ্ডৰ সিদ্ধান্ত আৰু সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি আৰু কিছুমান ইউৰোপীয় দেশে স্বীকৃতি প্ৰদানৰ কথা চিন্তা কৰি আছে । এনেদৰেই ইউৰোপীয় ইউনিয়নৰ দ্বাৰা পেলেষ্টাইন ৰাষ্ট্ৰৰ স্বীকৃতিৰ সপক্ষে ইউৰোপত এক উদীয়মান প্ৰৱণতাৰ সৃষ্টি হৈছে ।

এই ঘোষণাবোৰক শেহতীয়া ঘটনাক্ৰমৰ শৃংখলাৰ এক সংযোগ বুলি গণ্য কৰিব পাৰি, যিয়ে পেলেষ্টাইন ৰাষ্ট্ৰৰ প্ৰতি বৰ্ধিত ৰাজনৈতিক সমৰ্থনৰ দিশত আঙুলিয়াই দিয়ে আৰু অন্ততঃ তেওঁলোকৰ আন্তৰ্জাতিক সম্পৰ্কত সমান সদস্য হিচাপে গণ্য কৰাৰ আৰু ৰাষ্ট্ৰসংঘৰ সম্পূৰ্ণ সদস্য হোৱাৰ অধিকাৰৰ বাবে প্ৰচেষ্টা ত্বৰান্বিত কৰে ।

চলিত বৰ্ষৰ এপ্ৰিল মাহত আলজেৰিয়াই ইউ এন এছ চিত এটা অতি চমু প্ৰস্তাৱ উত্থাপন কৰে, য'ত লিখা আছিল : "নিৰাপত্তা পৰিষদে ৰাষ্ট্ৰসংঘত নামভৰ্তিৰ বাবে পেলেষ্টাইন ৰাষ্ট্ৰৰ আবেদন পৰীক্ষা কৰি (এছ/২০১১/৫৯২) সাধাৰণ সভাক পৰামৰ্শ দিয়ে যে পেলেষ্টাইন ৰাষ্ট্ৰক ৰাষ্ট্ৰসংঘত সদস্যপদত অন্তৰ্ভুক্তি কৰা হ'ব ।" ১৮ এপ্ৰিলত 15 সদস্যৰ ভিতৰত 12 সদস্য ৰাষ্ট্ৰই ইয়াৰ সপক্ষে ভোট দিয়ে আৰু মাত্ৰ দুখন সদস্য ৰাষ্ট্ৰ ইয়াৰ পৰা বিৰত থকা সত্ত্বেও প্ৰস্তাৱটো গ্ৰহণ কৰিব পৰা নগ'ল । কিয়নো ইয়াত ইজৰাইলৰ পৰম্পৰাগত আৰু শক্তিশালী সহযোগী আমেৰিকাই ভেটো প্ৰদান কৰিছিল । ইয়াৰ পূৰ্বে ২০১১ চনতো ইউ এন এছ চিত সহমতৰ অভাৱত পেলেষ্টাইনে ৰাষ্ট্ৰসংঘৰ সম্পূৰ্ণ সদস্যপদ সুৰক্ষিত কৰাত ব্যৰ্থ হৈছিল ।

পেলেষ্টাইনৰ কাৰণে বৰ্ধিত ৰাজনৈতিক সমৰ্থনৰ ইতিবাচক প্ৰৱণতা পেলেষ্টাইনীসকলৰ বাবে এক ভাল খবৰ । সাংকেতিক মূল্যৰ উপৰি ই ইজৰাইলৰ বাবে এক স্পষ্ট বাৰ্তা প্ৰেৰণ কৰে যে ৭ অক্টোবৰৰ হামাছ সন্ত্ৰাসবাদী আক্ৰমণক গৰিহণা দিয়া আন্তৰ্জাতিক সম্প্ৰদায় ইজৰাইলৰ নিৰ্মম প্ৰতিশোধৰ ফলত মানুহৰ প্ৰচুৰ পৰিমাণে কষ্ট সৃষ্টি কৰাত সুখী নহয় । অৱশ্যে ইয়াৰ দ্বাৰা প্ৰকৃত সত্য সলনি কৰাৰ বিশেষ সম্ভাৱনা থকা দেখা নাযায় ।

প্ৰকৃত সত্যটো হৈছে যে অদূৰ ভৱিষ্যতে গাজা ষ্ট্ৰিপত ইজৰাইল আৰু হামাছৰ মাজত চলি থকা বিধ্বংসী সামৰিক সংঘৰ্ষৰ সমাপ্তিৰ কোনো লক্ষণ নাই । ইজৰাইলে ইয়াৰ নিকটতম সহযোগী আমেৰিকাকে ধৰি আন্তৰ্জাতিক চাপক অস্বীকাৰ কৰিছে আৰু গাজাত ইয়াৰ সামৰিক অভিযান বন্ধ কৰিবলৈ অস্বীকাৰ কৰিছে, যদিও ইয়াৰ দ্বাৰা মানুহৰ যথেষ্ট কষ্ট হৈছে ।

২০২৩ চনৰ ৭ অক্টোবৰত ইজৰাইলৰ ওপৰত হোৱা সন্ত্ৰাসবাদী আক্ৰমণক ভাৰতে তাৎক্ষণিকভাৱে তীব্ৰ গৰিহণা দিছিল । শেহতীয়াকৈ পেলেষ্টাইনৰ ওপৰত দশম ৰাষ্ট্ৰসংঘৰ সাধাৰ পৰিষদৰ জৰুৰীকালীন বিশেষ অধিবেশনত ভাষণ দিয়াৰ সময়ত ভাৰতৰ স্থায়ী প্ৰতিনিধিয়ে চলিত ইজৰাইল-হামাছ সংঘৰ্ষত অসামৰিক লোকৰ প্ৰাণ হেৰুওৱা ঘটনাক গৰিহণা দিয়ে ।

ভাৰতীয় নেতৃত্বই ইজৰাইল আৰু পেলেষ্টাইন বিষয়ত তেওঁলোকৰ সমকক্ষসকলৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি চলিছে আৰু সংযম ৰক্ষা আৰু উত্তেজনা বৃদ্ধি হ্ৰাস কৰিবলৈ আহ্বান জনাইছে । লগতে আলোচনা আৰু কূটনীতিৰ জৰিয়তে এই সংঘৰ্ষৰ শান্তিপূৰ্ণ সমাধানৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে । ইয়াৰ উপৰি বাকী থকা পণবন্দীসকলক মুকলি কৰি দিবলৈও আহ্বান জনাইছে ।

লগতে পঢ়ক :ইৰাণৰ বিৰুদ্ধে ইজৰাইলে এতিয়ালৈকে কিয় প্ৰতিশোধ লোৱা নাই ? - Israel Counter Response On Iran
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.