ETV Bharat / opinion

ইৰাণৰ বিৰুদ্ধে ইজৰাইলে এতিয়ালৈকে কিয় প্ৰতিশোধ লোৱা নাই ? - Israel counter response on Iran

author img

By ETV Bharat Assamese Team

Published : Apr 18, 2024, 6:46 PM IST

ইৰাণৰ বিৰুদ্ধে ইজৰাইলে এতিয়ালৈকে কিয় প্ৰতিশোধ লোৱা নাই ?
ইৰাণৰ বিৰুদ্ধে ইজৰাইলে এতিয়ালৈকে কিয় প্ৰতিশোধ লোৱা নাই ?

Iran Israel Conflict : চলিত মাহৰ আৰম্ভণিতে চিৰিয়াত অভিযানৰ অংশ হিচাপে ইজৰাইলে ইৰাণী দূতাবাসৰ ওপৰত বোমা বিস্ফোৰণ কৰাৰ অভিযোগৰ প্ৰতিশোধকল্পে বিগত সপ্তাহত ইৰাণে ইজৰাইলত আকাশী আক্ৰমণ চলায় । কিন্তু ইৰাণৰ এই আকাশী আক্ৰমণৰ কোনো প্ৰতিক্ৰিয়া প্ৰদান কৰা নাই ইজৰাইলে । ইয়াৰ এক প্ৰধান কৰাণ হৈছে আমেৰিকাই ইজৰাইলক স্পষ্ট কৰি দিছে যে ইৰাণৰ বিৰুদ্ধে কোনো ধৰণৰ প্ৰতিক্ৰিয়াৰ বাবে ইহুদী ৰাষ্ট্ৰখনক সমৰ্থন নকৰে । এই সন্দৰ্ভত ই টিভি ভাৰতে বিশেষজ্ঞসকলৰ সৈতে কথা পাতে আৰু জানিবলৈ চেষ্টা কৰে যে কিয় আমেৰিকাই এইবাৰ ইজৰাইলক দিয়া সমৰ্থন প্ৰত্যাহাৰ কৰিছে আৰু ইজৰাইলৰ ভৱিষ্যতৰ কাৰ্যপন্থা কি হ'ব পাৰে ।

বিশেষ প্ৰতিবেদন : ১ এপ্ৰিলত চিৰিয়াত চলোৱা অভিযানৰ বিৰুদ্ধে আৰু এই আক্ৰমণৰ প্ৰতিশোধ স্বৰূপে ইৰাণে বিগত সপ্তাহত ইজৰাইলক লক্ষ্য কৰি তিনি শতাধিক ড্ৰোন, ক্ৰুজ মিছাইল আৰু বেলিষ্টিক মিছাইল নিক্ষেপ কৰে । যাৰ বাবে বিশ্ব সম্প্ৰদায় আসন্ন বিশ্ব যুদ্ধৰ প্ৰতি শংকিত হৈ পৰিছে ।

এফালে বিশ্বৰ এটা অংশত চলি আছে ৰাছিয়া-ইউক্ৰেইন যুদ্ধ আৰু আনফালে গাজাত ইজৰাইল-হামাছ যুদ্ধ চলি থকাৰ ফলত যদি ইজৰাইলে সম্ভাৱ্য প্ৰতিক্ৰিয়াৰ অংশ হিচাপে ইৰাণক লক্ষ্য কৰি লয় তেন্তে ইয়াৰ ভয়ানক পৰিণাম হ'ব পাৰে । অৱশ্যে এই প্ৰতিবেদন যুগুত কৰাৰ সময়লৈকে ইজৰাইলে তেনে একো কৰা নাই । আৰু সকলো সম্ভাৱনীয়তা বিবেচনা কৰি এইটো ক'ব পৰা যায় যে নিকট ভৱিষ্যতে হয়তো সেয়া নহ'ব ।

১ এপ্ৰিলত ইজৰাইলৰ আকাশী আক্ৰমণত চিৰিয়াৰ ডামাস্কাছত ইৰাণী দূতাবাসৰ কাষত থকা ইৰানী কনছুলেট ভৱনটো ধ্বংস হয় । যাৰ ফলত ইছলামিক ৰিভলিউচনেৰী গাৰ্ড ক'ৰ্পছৰ (আইআৰজিচি) জ্যেষ্ঠ কুডছ ফ'ৰ্চৰ কমাণ্ডাৰ ব্ৰিগেডিয়াৰ জেনেৰেল মহম্মদ ৰেজা জাহেদী আৰু আন সাতজন আইআৰজিচি বিষয়াসহ ১৬ জন লোক নিহত হয় । ২০২০ চনৰ জানুৱাৰীত বাগদাদ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত আমেৰিকাৰ ড্ৰোন আক্ৰমণত মুখ্যত অতিৰিক্ত আৰু গোপন সামৰিক অভিযানৰ বাবে দায়বদ্ধ আইআৰজিচি বিভাগ কুডছ বাহিনীৰ তদানীন্তন মুৰব্বী কাচেম চোলেমানিৰ হত্যাৰ পিছত জাহেদী আছিল জ্যেষ্ঠতম ইৰাণী বিষয়া ।

ইজৰাইলে দাবী কৰে যে আক্ৰমণ কৰা চিৰিয়াৰ অট্টালিকাটো ইৰাণৰ কনচুলেট বা দূতাবাস নহয়, কিন্তু কুডছ বাহিনীৰ এটা সামৰিক ভৱনহে যিটো 'ডামাস্কাছত অসামৰিক আন্তঃগাঁথনিৰ ছদ্মবেশত' আছিল । আনহাতে, ইজৰাইলে আমেৰিকাক কৈছে যে ইৰাণৰ এই প্ৰতিশোধমূলক আক্ৰমণৰ বাবে ইজৰাইলৰ পৰা এক শক্তিশালী সঁহাৰি লাভ কৰিব ।

অৱশ্যে ১৩ এপ্ৰিলত ইৰাণৰ সামৰিক বাহিনীয়ে বিমান আক্ৰমণ চলাই ইজৰাইলত ৩০০-তকৈও অধিক অস্ত্ৰ নিক্ষেপ কৰে । ইয়াৰ ভিতৰত আছে কমেও ১৭০ এৰিয়েল ড্ৰোন, ৩০ ক্ৰুজ মিছাইল আৰু ১২০ টা বেলেষ্টিক মিছাইল । ইতিহাসৰ সৰ্ববৃহৎ একক ড্ৰোন আক্ৰমণ হিচাপে চিহ্নিত এই আক্ৰমণটো ইজৰাইলৰ বিফলতাৰ বিপৰীতে ইৰাণৰ সফলতা বুলি দাবী কৰা হৈছে । আনহাতে, ইজৰাইলে দাবী কৰিছে যে মিত্ৰশক্তিৰ দ্বাৰা সমৰ্থিত ইয়াৰ আকাশী প্ৰতিৰক্ষাই লক্ষ্যত উপনীত হোৱাৰ পূৰ্বে প্ৰায় সকলো অস্ত্ৰ ধ্বংস কৰে ।

ইৰাণৰ সতৰ্কবাণী আৰু আমেৰিকাৰ চৰ্ত

উল্লেখ্য যে ইজৰাইলৰ ওপৰত আকাশী আক্ৰমণ আৰম্ভ কৰাৰ পূৰ্বে ইৰাণে তুৰস্কক ইয়াৰ কাৰ্যপৰিকল্পনাৰ বিষয়ে অৱগত কৰিছিল । "কি হ'বলৈ ওলাইছে সেই বিষয়ে ইৰাণে আমাক আগতীয়াকৈ অৱগত কৰিছিল ।" সংঘৰ্ষ প্ৰতিবেদন সন্দৰ্ভত তুৰ্কীৰ এক সূত্ৰই এক্স হেণ্ডেলত এটা পোষ্টত এইদৰে কয় । পোষ্টটোত লগতে কোৱা হৈছে, "আমেৰিকাই আমাৰ জৰিয়তে ইৰাণক জনাইছিল যে এই প্ৰতিক্ৰিয়া নিৰ্দিষ্ট সীমাৰ ভিতৰত থাকিব লাগিব ।"

কিন্তু ইয়াৰ প্ৰত্যুত্তৰত ইৰাণে কয়, "এই প্ৰতিক্ৰিয়া ইজৰাইলে ডামাস্কাছত থকা দূতাবাসত কৰা আক্ৰমণৰ প্ৰতিক্ৰিয়া হ'ব আৰু ই তাৰ বাহিৰলৈ নাযায় ।"

সংঘৰ্ষ প্ৰতিবেদনৰ পোষ্ট অনুসৰি, আমেৰিকাৰ কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাৰ (চিআইএ) সঞ্চালক উইলিয়াম বাৰ্ণছে তুৰ্কীৰ ৰাষ্ট্ৰীয় চোৰাংচোৱা সংস্থাৰ (এমআইটি) মুৰব্বী ইব্ৰাহিম কালিনক ইৰাণ আৰু ইজৰাইলৰ মাজত মধ্যস্থতা কৰিবলৈ কৈছিল ।

ইৰাণৰ আক্ৰমণৰ পিছত নেতান্যাহুলৈ বাইডেনৰ ফোন

আমেৰিকাৰ বাতৰি ৱেবছাইট এক্সিঅছে হোৱাইট হাউছৰ এগৰাকী বিষয়াৰ উদ্ধৃতি দি কয় যে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে ১৩ এপ্ৰিলত টেলিফোনযোগে এক আহ্বানন জনাই ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুক কৈছিল যে আমেৰিকাই ইৰাণৰ বিৰুদ্ধে কৰা ইজৰাইলৰ কোনো প্ৰতিক্ৰিয়াক সমৰ্থন নকৰে ।

"আপুনি এক জয়লাভ কৰিছে । তাতেই সন্তুষ্ট থাকক ।" বাইডেনে নেতান্যাহুক এনেদৰে কোৱা বুলি বিষয়াজনে প্ৰকাশ কৰে ।

এক্সিঅছৰ প্ৰতিবেদন অনুসৰি, বিষয়াজনে কয় যে বাইডেনে নেতান্যাহুক আমেৰিকাই ইৰাণৰ বিৰুদ্ধে কোনো আক্ৰমণাত্মক অভিযানত অংশগ্ৰহণ নকৰে আৰু এনে অভিযানক সমৰ্থন নকৰে বুলি জনোৱাৰ পিচত নেতান্যাহুৱে কয় যে তেওঁ বুজি পাইছে ।

আনহাতে, ইজৰাইলৰ প্ৰধানমন্ত্ৰীৰে হোৱা বাৰ্তালাপৰ পিচত জাৰি কৰা এক বিবৃতিত বাইডেনে কয়, "মই তেওঁক (নেতান্যাহু) কওঁ যে ইজৰাইলে আক্ৰমণৰ বিৰুদ্ধে অভূতপূৰ্ব প্ৰতিৰক্ষা আৰু পৰাজিত কৰিব পৰা এক উল্লেখযোগ্য ক্ষমতা প্ৰদৰ্শন কৰিছে । ইয়াৰ দ্বাৰা শত্ৰুসকললৈ এক স্পষ্ট বাৰ্তা প্ৰেৰণ কৰিছে যে তেওঁলোকে কাৰ্যকৰীভাৱে ইজৰাইলৰ নিৰাপত্তাৰ প্ৰতি ভাবুকি সৃষ্টি কৰিব নোৱাৰে ।"

আমেৰিকাই এইবাৰ কিয় ইজৰাইলক দিয়া সমৰ্থন প্ৰত্যাহাৰ কৰে

লণ্ডনৰ কিংছ কলেজৰ কিংছ ইণ্ডিয়া ইনষ্টিটিউটৰ আন্তৰ্জাতিক সম্পৰ্কৰ অধ্যাপক আৰু অবজাৰ্ভাৰ ৰিচাৰ্চ ফাউণ্ডেচন থিংক টেংকৰ উপাধ্যক্ষ (অধ্যয়ন আৰু বৈদেশিক নীতি) হৰ্ষ ভি পণ্টে ইটিভি ভাৰতক কয়, "মিত্ৰ হোৱাৰ অৰ্থ এইটো নহয় যে আপুনি ইয়াক সকলো সময়তে সমৰ্থন কৰে ।"

"আমেৰিকাই সংঘৰ্ষ বৃদ্ধি ৰোধ কৰিব বিচাৰে ।" পণ্টে লগতে কয়, "অঞ্চলটোত সুপ্ত পাৰমাণৱিক ক্ষমতা আছে ।"

তেওঁ কয় যে ৰাছিয়া-ইউক্ৰেইন যুদ্ধও ইয়াৰ এক কাৰক । "আমেৰিকাই একাধিক দিশত যুদ্ধ নিবিচাৰে ।" পণ্টে ইয়াৰ ব্যাখ্যা কৰি কয়, "এইটো হৈছে এটা নিৰ্বাচনী বছৰ । ইয়াত এক ঘৰুৱা ৰাজনৈতিক প্ৰেক্ষাপটো আছে ।"

তেওঁ লগতে কয় যে আমেৰিকাৰ অন্যান্য মিত্ৰশক্তিক লৈয়ো উদ্বেগ আছে । "ভাৰতৰ বাবেও এয়া চিন্তাৰ বিষয় । সংঘৰ্ষ বৃদ্ধিয়ে এনে এক সময়ত শক্তি সংকটৰ সৃষ্টি কৰিব পাৰে, যিটো সময়ত গোলকীয় অৰ্থনীতিয়ে ভাল ফল প্ৰদৰ্শন কৰা নাই ।" পণ্টে কয় ।

এতিয়া ইজৰাইলে কি কৰাৰ সম্ভাৱনা আছে

মনোহৰ পাৰিকাৰ ইনষ্টিটিউট অব ডিফেন্স ষ্টাডিজ এণ্ড এনালাইচিছৰ সহযোগী ফেলো আৰু পশ্চিম এছিয়াৰ বিশেষজ্ঞ এছ চেমুৱেল চি ৰাজীৱে ইটিভি ভাৰতক কয়, "বেছিভাগ বিশ্লেষকে কয় যে ইজৰাইলে প্ৰতিশোধ ল'ব ।"

ৰাজীৱে কয়, "তেওঁলোকে ইৰাণৰ ভিতৰত বা লেবানন বা চিৰিয়াৰ দৰে আন দেশত ইৰাণৰ নাগৰিক বা সম্পত্তি বা নিৰ্বাচিত লক্ষ্য নিৰ্ধাৰণ কৰিব পাৰে ।"

তেওঁ ব্যাখ্যা কৰে যে ইজৰাইলে ইৰাণৰ তুলনাত অধিক তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশৰ শপত খাইছে ।

"ইয়াৰ অৰ্থ হৈছে যে ইজৰাইলে এই বাৰ্তা প্ৰেৰণ কৰিব বিচাৰে যে অঞ্চলটোৰ যিকোনো বিদ্বেষপূৰ্ণ শক্তিৰ সৈতে যিকোনো সংঘৰ্ষৰ ক্ষেত্ৰত ইজৰাইলৰ হাত আছে ।" ৰাজীৱে কয়।

লগতে পঢ়ক :ইজৰাইলৰ ওপৰত ইৰাণৰ আক্ৰমণৰ আচল উদ্দেশ্য কি ? - Iran Israel Conflict

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.