Bike rally on Independence Day:বৃহৎ বাইক ৰেলীৰে লোকসভা নিৰ্বাচনৰ ৰণদুন্দুভি

By

Published : Aug 15, 2023, 9:32 PM IST

thumbnail

বাইহাটা, 15 আগষ্ট : আজি 77 সংখ্যক স্বাধীনতা দিৱস ৷ ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে উদযাপন কৰা হৈছে দেশৰ স্বাধীনতা দিৱস ৷ দেশৰ স্বাধীনতা দিৱসৰ দিনাই কমলপুৰত বৃহৎ বাইক ৰেলীৰে লোকসভা নিৰ্বাচনৰ ৰণদুন্দুভি বজালে বিজেপিৰ নেতৃবৃন্দই । মন্ত্ৰী বিমলা বড়াই শুভাৰম্ভ কৰা এই বাইক ৰেলী বোৰ্কাৰ হাইস্কুল খেলপথাৰৰ পৰা আৰম্ভ কৰি শিংৰাৰপাৰত সামৰণি পৰে ।

প্ৰায় ৫০ কিলোমিটাৰ দুৰত্বৰ এই বাইক ৰেলীত মন্ত্ৰীগৰাকীক সংগ দিয়ে সাংসদ দিলীপ শইকীয়া আৰু বিধায়ক দিগন্ত কলিতাই । তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেন্দ্ৰত পুনৰ শাসন ভাৰ হাতত ল’ব বুলি দাবী কৰে বিজেপি নেতৃবৃন্দই । বিজেপি চৰকাৰৰ অভিলাষী আঁচনি সমুহ ৰাইজৰ মাজত প্ৰচাৰ কৰাৰ বাবে এই বাইক ৰেলী অনুষ্ঠিত কৰা হয় ।

লগতে পঢ়ক : Independence Day 2023: ৰঙিয়াত হাতে হাতে জাতীয় পতাকা লৈ বিশাল সমদল

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.