Independence Day 2023: ৰঙিয়াত হাতে হাতে জাতীয় পতাকা লৈ বিশাল সমদল

By

Published : Aug 14, 2023, 10:37 PM IST

thumbnail

ৰঙিয়া, 14 আগষ্ট: কাইলৈ স্বাধীনতা দিৱস ৷ দেশৰ লগতে ৰাজ্যজুৰি আজাদী কী অমৃত মহোৎসৱৰ সামৰণি বৰ্ষ উপলক্ষে "মোৰ মাটি মোৰ দেশ" অভিযানেৰে ৰাজ্যবাসীৰ মাজত জোৱাৰ উঠিছে ৷ ৰঙিয়াতো নহয় ইয়াৰ ব্যতিক্ৰম ৷ অসম ৰাজ্যিক জীৱিকা অভিযানৰ অধীনৰ মহিলাসকলে সদলবলে হাতে হাতে জাতীয় পতাকা লৈ ওলাই আহিল ৰাজপথলৈ । সোমবাৰে ৰঙিয়াৰ এন টি ৰোডৰ পৰা আৰম্ভ কৰি তুলসীবাৰীলৈ শতাধিক লোকে পৃথকে পৃথকে সকলোৱে হাতে হাতে ত্ৰিৰংগা পতাকা লৈ স্কুটীৰে সমদল উলিয়াই । 

জাতি বৰ্ণ নিৰ্বিশেষে সকলোৱে বন্দে মাতৰম শ্লোগানেৰে আকাশ বতাহ কঁপাই তুলিলে । ১৪২ কোটি জনতাৰ স্বাভিমান ৰাষ্ট্ৰীয় পতাকা উৰুৱাই সমদল উলিয়াই গৰ্ব অনুভৱ কৰে বুলি মন্তব্য কৰে সমদল উলিওৱা লোকসকলে ।

লগতে পঢ়ক: Independence Day 2023 : স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ডিব্ৰুগড়ৰ বিভিন্ন প্ৰান্তত আৰক্ষীৰ ব্যাপক তালাচী

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.