Independence Day 2023 : স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ডিব্ৰুগড়ৰ বিভিন্ন প্ৰান্তত আৰক্ষীৰ ব্যাপক তালাচী

By

Published : Aug 14, 2023, 8:46 PM IST

thumbnail

ডিব্ৰুগড়, 14 আগষ্ট : দেশৰ 77 সংখ্যক স্বাধীনতা দিৱসলৈ মাজত মাত্ৰ আৰু কেইটিমান ক্ষণ বাকী ৷ স্বাধীনতা দিৱসৰ দিনটোত যাতে কোনোধৰণৰ কূটাঘাতমূলক ঘটনা সংঘটিত নহয় তাৰবাবে ৰাজ্যজুৰি কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা ৷ ৰাজ্যজুৰি সষ্টম হৈ পৰিছে আৰক্ষী ৷  

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে ডিব্ৰুগড় জিলাৰ প্ৰতিখন থানাৰ আৰক্ষীৰ দলে চলাইছে তালাচী অভিযান ৷ ডিব্ৰুগড় সদৰ আৰক্ষী থানাৰ লগতে মৰাণ, খোৱাং , টিংখাং, নাহৰকটীয়া আদিত আৰক্ষীয়ে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলি চলাইছে তালাচী অভিযান ৷ টিংখাঙতো দেখা পোৱা গৈছে একেই পৰিবেশ ৷  

স্বাধীনতা দিৱসৰ দিনটোত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰবাবে টিংখাং আৰক্ষীয়ে দিনে-নিশাই তালাচী অভিযান অব্যাহত ৰাখিছে ৷ প্ৰতিখন দুচকীয়া- চাৰিচকীয়া বাহন তন্ন তন্নকৈ পৰীক্ষা কৰিছে আৰক্ষীয়ে ৷

লগতে পঢ়ক :  AASU Protest at Namrup : নামৰূপ সাৰ কাৰখানা বন্ধৰ বিৰোধিতাৰে নামৰূপত আছুৰ অনশন কাৰ্যসূচী

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.