ETV Bharat / entertainment

ৰবীনাৰ ঘটনাত কাৰ বাবে শাস্তিৰ দাবী তুলিলে কংগনাই - raveena tandon car accident

author img

By ETV Bharat Entertainment Team

Published : Jun 3, 2024, 1:34 PM IST

Kangana Ranaut and Raveena Tondon : ৰবীনা টেণ্ডনৰ বিৰুদ্ধে মিছা অভিযোগৰ ঘটনাটোত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কংগনা ৰণৌতে ৷ ইনষ্টাগ্ৰামত এটা ষ্ট’ৰী শ্বেয়াৰ কৰি কংগনাই শাস্তিৰ দাবী তুলিছে ৷

raveena tandon car accident
কংগনাই শাস্তিৰ দাবী তুলিছে (etv bharat)

চিটাৰা ডেস্ক, 3 জুন : বিগত শনিবাৰে ৰবীনা টেণ্ডনৰ চালকৰ সৈতে গাড়ী পাৰ্কিঙক কেন্দ্ৰ কৰি এটা পৰিয়ালৰ তৰ্কাতৰ্কি হয় ৷ এই তৰ্কাতৰ্কিয়ে পিছলৈ উত্তপ্ত ৰূপ লয় আৰু পৰিয়ালটোৰ সদস্যকেইজনে ৰবীনা আৰু তেওঁৰ চালকজনক আক্ৰমণ কৰিবলৈয়ো উদ্যত হয় ৷ ঘটনা বাঢ়ি গৈ আৰক্ষী থানা পায়গৈ ৷

এই ঘটনাৰ কথা আৰু ভিডিঅ’ ছ’চিয়েল মিডিয়াত বিয়পি পৰে ৷ এতিয়া অভিনেত্ৰী তথা মাণ্ডি লোকসভা সমষ্টিৰ প্ৰাৰ্থী কংগনা ৰনৌতে এই ঘটনাত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ কিনো ক’লে কংগনাই জানো আহক -

কংগনা ৰণৌতে এই ঘটনা সন্দৰ্ভত তেওঁৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত নিজৰ মনৰ ভাৱ শ্বেয়াৰ কৰিছে । কংগনাই লিখিছে, ৰবীনা টেণ্ডনজীৰ সৈতে যি ঘটিছে সেয়া আচৰিত ৷ তেওঁক ৫ৰ পৰা ৬ জন লোকে আক্ৰমণ কৰে, আমি এই বিষয়টোক গৰিহণা দিছো, সেই লোকসকলক ভৰ্ৎসনা কৰা উচিত আৰু এনে হিংসা আৰু নিৰ্যাতন সহ্য কৰিব নালাগে ৷

Kangana Ranaut REACTS To Raveena Tondon Parking Case Says Those people must be reprimanded
কংগনাৰ ইনষ্টাগ্ৰাম ষ্ট’ৰী (insta story)

ঘটনাটো কি আছিল ?

শনিবাৰে গাড়ী পাৰ্কিঙক লৈ ৰবীনা টেণ্ডন আৰু তেওঁৰ চালকজনৰ সৈতে এটা পৰিয়ালৰ কথাৰ কটাকটি লাগে ৷ ঘটনাৰ ভিডিঅ’ সামাজিক মাধ্যমত বিয়পি পৰে ৷ ভিডিঅ’টোত পৰিয়ালটোৰ সদস্যই অভিনেত্ৰী ৰবীনা টেণ্ডনক ঠেলা মাৰি দিয়া পৰিলক্ষিত হৈছে আৰু তেওঁৰ চালকৰ সৈতেও হতাহতি কৰে । দুয়োপক্ষই থানালৈ যায় যদিও পিচত তেওঁলোকে গোচৰ উঠাই লয় ৷ আনহাতে আৰক্ষীৰ মতে, এই ঘটনাত কাৰো ক্ষতি হোৱা নাই ।

কংগনা ৰণৌতে বৰ্তমান ছবিজগতৰ পৰা আঁতৰি ৰাজনীতিত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছে ৷ অভিনেত্ৰীগৰাকীয়ে ২০২৪ চনৰ লোকসভা নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থী হিচাপে নিজৰ গৃহ চহৰ হিমাচল প্ৰদেশৰ মাণ্ডিৰ হাই প্ৰফাইল আসনৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে । কাইলৈ ​​অৰ্থাৎ ৪ জুন তাৰিখে লোকসভা নিৰ্বাচন ২০২৪ৰ ফলাফলৰ বাবে সমগ্ৰ দেশে অপেক্ষা কৰি আছে ।

লগতে পঢ়ক : এচাম উন্মত্তৰ মাজৰ পৰা সাৰি আহিল ৰবীনা টেণ্ডন ! - raveena tandon car accident

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.