ETV Bharat / bharat

ৰাহি হ’ব সময়, EPFO ই কৰ্মচাৰীসকললৈ লৈ আহিছে বৃহৎ সকাহ - EPFO Profile data online Update

author img

By ETV Bharat Assamese Team

Published : Jun 3, 2024, 1:52 PM IST

EPFO Profile data correct : কৰ্মচাৰী ভৱিষ্যত নিধি সংস্থাই (ই পি এফ অ') ইয়াৰ সদস্যসকলৰ বাবে লৈ আহিছে এক ডাঙৰ খবৰ ৷ মুকলি কৰিছে এক নতুন অনলাইন সুবিধা ৷ পঢ়ক সম্পূৰ্ণ প্ৰতিবেদন...

EPFO Profile data online Update
এতিয়াৰে পৰা অনলাইনত কৰিব পাৰিব তথ্যৰ সংশোধন (RKC)

নেশ্যনেল ডেস্ক, 3 জুন : কৰ্মচাৰী ভৱিষ্যত নিধি সংস্থাই (ই পি এফ অ') ঘোষণা কৰিছে এক বৃহৎ খবৰ ৷ এতিয়াৰে পৰা পি এফৰ অন্তৰ্ভূক্ত লোকসকলে কৰিব পাৰিব তথ্যৰ সংশোধন ৷ নিজৰ নিজৰ প্ৰফাইলৰ তথ্য অনলাইনযোগে আপডেট কৰিব পাৰিব বুলি শেহতীয়াকৈ ঘোষণা কৰিছে সংস্থাটোৱে ৷

উল্লেখ্য যে, এতিয়াৰে পৰা কাৰ্যকৰী হোৱাকৈ পি এফ সদস্যসকলে তেওঁলোকৰ তথ্যৰ পৰিৱৰ্তন বা সংশোধনৰ বাবে অনলাইনযোগে অনুৰোধ কৰিব পাৰিব ৷ লগতে নিৰ্ধাৰিত নথিপত্ৰও অনলাইনতে আপলোড কৰিব পাৰিব ৷

লগতে পঢ়ক: EPFO Pension Data Exposed : ইপিএফঅ' পেঞ্চন আঁচনিৰ তথ্য অনলাইনত ফাদিল, দাবী সুৰক্ষা গৱেষকৰ

সংস্থাটোৱে ইয়াৰ ৱেবছাইটত পি এফ সদস্যসকলৰ বাবে নাম, লিংগ, জন্মৰ তাৰিখ, পিতৃ-মাতৃৰ নাম, বৈবাহিক স্থিতি আৰু আধাৰ আদিৰ দৰে প্ৰফাইল আপডেট বা সংশোধন কৰাৰ বাবে এক নতুন ছফটৱেৰ প্ৰৱৰ্তন কৰিছে ।

বিগত বৰ্ষৰ 22 আগষ্টত ই পি এফ অ' ৰ দ্বাৰা জাৰি কৰা এক অপাৰেটিং প্ৰক্ৰিয়া(এছ অ’ পি) ৰ দ্বাৰা সদস্যৰ প্ৰফাইলত ডাটাৰ সুৰক্ষা নিশ্চিত কৰা হৈছে বুলি সংস্থাটোৱে সদৰী কৰে ৷ যি এতিয়া ডিজিটেলভাৱে অনলাইনৰ জৰিয়তে কাৰ্যকৰী কৰা হৈছে ৷ সদস্যসকলে ইতিমধ্যে এই নতুন সুবিধা ব্যৱহাৰ কৰি তেওঁলোকৰ অনুৰোধ পঞ্জীয়ন কৰা আৰম্ভ কৰিছে ৷ বৰ্তমানলৈকে প্ৰায় 40,000 এনে অনুৰোধ সংস্থাটোৰ দ্বাৰা অনুমোদিত হোৱা বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক: ই পি এফ অ’ৰ মৃত্যু বীমাৰ ক'ভাৰ ৭ লাখলৈ বৃদ্ধি

বৰ্তমান প্ৰায় 7.5 কোটি সদস্যই প্ৰতি মাহে ভৱিষ্যত নিধি, পেঞ্চন আৰু বীমা আঁচনিত সক্ৰিয়ভাৱে অৰিহণা যোগাই আছে । এই বিত্তীয় বৰ্ষৰ প্ৰথম দুমাহত গৃহ নিৰ্মাণৰ বাবে অগ্ৰিম, সামাজিক সুৰক্ষা লাভালাভ যেনে: সন্তানৰ মেট্ৰিকৰ পিছৰ শিক্ষা, বিবাহ, অসুস্থতা, চূড়ান্ত ভৱিষ্যত নিধি নিষ্পত্তি, পেঞ্চন, বীমা আদিৰ ৰূপত প্ৰায় 87 লাখ দাবী নিষ্পত্তি কৰা হোৱাৰ কথা ই পি এফ অ'য়ে ব্যক্ত কৰে ৷

সদস্যসকলে এই লাভালাভবোৰ পাবলৈ অনলাইনৰ জৰিয়তে আবেদন কৰিছিল ৷ এক কম্পিউটাৰ ছফটৱেৰ এপ্লিকেচনৰ জৰিয়তে এয়া সম্ভৱ হৈছে, যি ইউনিভাৰ্চেল একাউণ্ট নম্বৰ (ইউ এ এন)ত সদস্যৰ তথ্যৰ বৈধকৰণত সহায় কৰে বুলি সংস্থাটোৱে প্ৰকাশ কৰিছে ৷

লগতে পঢ়ক: PF Withdrawal: EPF ৰ ধন কেনেকৈ উলিয়াব, কি কি নথি-পত্ৰৰ প্ৰয়োজন হ’ব, জানি লওক সম্পূৰ্ণ প্ৰক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.