ETV Bharat / bharat

ই পি এফ অ’ৰ মৃত্যু বীমাৰ ক'ভাৰ ৭ লাখলৈ বৃদ্ধি

ক'ভিড সংক্ৰমণৰ হাৰ বৃদ্ধি হৈ থকা সময়ত এমপ্ল'ইজ প্ৰভিডেন্ট ফাণ্ড অৰ্গেনাইজেশ্যন (EPFO )য়ে মৃত্যু বীমা আদায়ৰ মূল্য সৰ্বনিম্ন ২.৫ লাখ আৰু সৰ্বোচ্চ ৭ লাখ টকালৈ বৃদ্ধি কৰিছে । এই বৰ্ধিত হাৰ কৰ্মচাৰীৰ আমানত জড়িত বীমা প্ৰকল্পৰ লগত জড়িত ।

EPFO DEATH INSURANCE
EPFOৰ মৃত্যু বীমাৰ ক'ভাৰ ৭ লাখলৈ বৃদ্ধি
author img

By

Published : May 25, 2021, 4:40 PM IST

Updated : May 25, 2021, 5:48 PM IST

শেহতীয়াকৈ ই পি এফ অ'ৰ দ্বাৰা প্ৰকাশিত এক গেজেট নটিফিকেশ্যন মতে, মৃত্যু বীমাৰ আদায়ৰ বাবদ আগতে থকা সৰ্বনিম্ন ২ লাখ টকাৰ পৰা ২.৫ লাখ টকালৈকে বৃদ্ধি কৰা হৈছে আৰু একেদৰে সৰ্বোচ্চ আদায়ৰ বাবদ প্ৰচলিত ৬ লাখ টকাৰ পৰা এই ধনৰাশি ৭ লাখ টকালৈ বৃদ্ধি কৰা হৈছে । প্ৰকাশিত নটিফিকেশ্যন মতে, এই বৰ্ধিত হাৰ ২৮ এপ্ৰিল ২০২১ চনৰ পৰা তিনি বছৰলৈ একে ধৰণেই বাহাল থাকিব ।

কৰ্মচাৰীৰ আমানত জড়িত বীমা আঁচনি কি?

কেন্দ্ৰীয় চৰকাৰে ১৯৭৬ চনত কৰ্মচাৰীৰ আমানত জড়িত বীমা আঁচনি (employees deposit linked insurance) ৰূপায়ন কৰিছিল ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীসকলৰ পৰিয়ালৰ বাবে, যাৰ দ্বাৰা কৰ্মচাৰী জনৰ মৃত্যু হ'লে বা তেনে ধৰণৰ পৰিস্থিতিৰ সময়ত পৰিয়ালটোক আৰ্থিকভাৱে সহায় কৰিব পৰা যায় । এই আঁচনি ই পি এফ অ'ৰ লগত জড়িত সকলো কৰ্মচাৰীৰ বাবে প্ৰযোজ্য ।

এই আঁচনিৰ লগত জড়িত হোৱাৰ বাবে কৰ্মচাৰী জনে একো খৰচ কৰিব নালাগে । কিন্তু নিয়োগ কৰ্তাজনে সামান্য বৰঙণি দিব লাগে । এই আঁচনি ব্যক্তিগত খণ্ডৰ সকলো অনুষ্ঠানৰ বাবে জৰুৰী নহয় । যদি কোনো প্ৰতিষ্ঠানে নিজৰ কৰ্মচাৰীৰ বাবে জীৱন বীমা আঁচনি গ্ৰহণ কৰে, তেনেহলে সেই প্ৰতিষ্ঠানৰ বাবে এই আঁচনি প্ৰযোজ্য নহ'ব পাৰে । পৰিসংখ্যা অনুসৰি আমাৰ দেশৰ ই পি এফ অ'ৰ লগত জড়িত ৫ কোটি কৰ্মচাৰীৰ মাত্ৰ ২০ লাখ;কৰ্মচাৰীহে এই আঁচনিৰ লগত জড়িত ।

এই আঁচনিৰ সবিশেষ:

যি কৰ্মচাৰীয়ে মাহে মুঠ দৰমহা ১৫ হাজাৰতকৈ কম পায়, তেওঁলোকে এই আঁচনিৰ লগত জড়িত হ'ব পাৰে । এই আঁচনিৰ বাবে নিয়োগ কৰ্তাই কৰ্মচাৰীৰ মুঠ দৰমহাৰ ০.৫ শতাংশ বা সর্বোচ্চ ৭০ টকাৰ বৰঙনি আগবঢ়াব লাগে । আঁচনিৰ লগত জড়িত হোৱাৰ পাছত কৰ্মচাৰী জনৰ মৃত্যু হ'লে পৰিয়ালটোৱে আৰ্থিক সকাহ লাভ কৰে য'ত মুঠ দৰমহা, মৰগীয়া বানচ আৰু তেওঁৰ নামত আঁচনিত জমা হোৱা ধনৰাশি লাভ কৰিব পাৰে ।

নতুন নিৰ্দেশনাৱলী মতে কৰ্মচাৰী জনৰ মৃত্যুৰ ক্ষেত্ৰত পৰিয়ালে ২.৫ লাখ টকাৰ পৰা ৭ লাখ টকালৈকে লাভ কৰিব । যদি মৃত কৰ্মচাৰী জনৰ কোনো মনোনীত উত্তৰাধিকাৰী নাথাকে, তেন্তে আইনগত উত্তৰাধিকাৰীয়ে সেই ধনৰাশি লাভ কৰিব । মন কৰিবলগীয়া যে, এই আচঁনিৰ লাভ গ্ৰহণ কৰিবলৈ হ'লে কৰ্মচাৰী জনে সংস্থাটোত তেওঁৰ মৃত্যুৰ আগতে কমেও ১২ মাহ কাম কৰাটো প্ৰয়োজনীয় ।

লগতে পঢ়ক-ভাৰতত আগষ্টৰ পৰা আৰম্ভ হ'ব স্পুটনিক ভেকছিনৰ উৎপাদন..

Last Updated : May 25, 2021, 5:48 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.