Kakopathar accident:৭ টাকৈ মৃতদেহ লৈ সোণজনৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ

By ETV Bharat Assamese Team

Published : Sep 6, 2023, 9:18 PM IST

thumbnail

তিনিচুকীয়া, ৬ ছেপ্টেম্বৰ : কাকপথাৰৰ বৰডিৰাকৰ শোকাৱহ পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি ৷ কাকপথাৰৰ ৰাজপথত ৭ টাকৈ মৃতদেহ লৈ ডিৰাক সোণজানত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ শতাধিক ৰাইজৰ  ৷ মঙলবাৰে নিশা কাকপথাৰৰ বৰডিৰাকত শোকাৱহ পথ দুৰ্ঘটনাত নিহত হোৱা ৭ গৰাকী লোকৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ অন্তত অন্ত্যেষ্টিক্ৰিয়াৰ বাবে নিজা নিজা ঘৰলৈ নিয়াৰ সময়তে এম্বুলেন্সৰ ভিতৰতে ৭ টাকৈ মৃতদেহ লৈ ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত ৰাখি পথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় দল-সংগঠন তথা ৰাইজে ৷

উক্ত প্ৰতিবাদৰ জৰিয়তে পথ দুৰ্ঘটনাত মৃত্যু হোৱা ৭ গৰাকী লোকৰ পৰিয়াললৈ এককালীন আৰ্থিক সাহায্য প্ৰদান কৰা, পৰিয়ালৰ দায়িত্ব লোৱা, আঘাতপ্ৰাপ্ত ১১ গৰাকী লোকৰ ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসা ব্যৱস্থা চৰকাৰে বিনামূলীয়াকৈ প্ৰদান কৰা, কাকপথাৰৰ উক্ত পথটোত স্পীড ব্ৰেকাৰ নিৰ্মাণ কৰাৰ লগতে পথ দুৰ্ঘটনা ৰোধ কৰাৰ উদ্দেশ্য বিহিত ব্যৱস্থা লোৱাৰ দাবী উত্থাপন কৰে বিভিন্ন দল-সংগঠনৰ লগতে স্থানীয় ৰাইজে ৷

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.