ETV Bharat / state

Terrible Road Accident: তিনিচুকীয়াৰ বৰ ডিৰাকত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত 7 গৰাকী

author img

By ETV Bharat Assamese Team

Published : Sep 6, 2023, 7:21 AM IST

তিনিচুকীয়াৰ কাকপথাৰ বৰ-ডিৰাকত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ এখন ট্ৰাক আৰু এখন মালবাহী টাটা মেজিক গাড়ীৰ মুখামুখি সংঘৰ্ষ ৷ দুৰ্ঘটনাত থিতাতে নিহত হৈছে 7 গৰাকী লোক ৷

Terrible Road Accident
Road Accident in Tinsukia

বৰ ডিৰাকত ভয়ংকৰ পথ দুৰ্ঘটনা

তিনিচুকীয়া, 6 ছেপ্তেম্বৰ: মঙলবাৰে নিশা তিনিচুকীয়া জিলাৰ কাকপথাৰ বৰ-ডিৰাকত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ এখন ট্ৰাক আৰু এখন মালবাহী টাটা মেজিক গাড়ীৰ মুখামুখি সংঘৰ্ষ হোৱাৰ ফলত থিতাতে নিহত হৈছে 7 গৰাকী লোক ৷ দুৰ্ঘটনাত আহত হৈছে 12 গৰাকী ৷ দুৰ্ঘটনাগ্ৰস্ত ট্ৰাকখনৰ নম্বৰ AS 23 CC 8930 আৰু টাটা মেজিকখনৰ নম্বৰ AR 20 A 1093 ৷

আহতসকলক সংকটজনক অৱস্থাত ততাতৈয়াকৈ তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও নিশাই উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়লৈ স্থানান্তৰ কৰা হয় ৷

জানিব পৰা অনুসৰি ডুমডুমাৰ মঙলবৰীয়া বজাৰৰ পৰা ডিৰাক সোণজান গাঁৱৰ বাসগৃহলৈ মালবাহী টাটা মেজিকেৰে গৈ থকা অৱস্থাত ট্ৰাকখনৰ লগত মুখামুখি সংঘৰ্ষ হয় ৷ ট্ৰাকৰ চালকগৰাকীয়ে অত্যধিক মদ্যপান কৰি অৰুণাচল প্ৰদেশৰ দিশৰ পৰা আহি আছিল বুলি জানিবলৈ দিছে স্থানীয় ৰাইজে ৷ ইফালে ৰাইজৰ অভিযোগ অনুসৰি উক্ত স্থানত প্ৰায়েই দুৰ্ঘটনা হৈ থাকে ৷ স্পীড বেকাৰ নিৰ্মাণৰ বাবে ৰাইজে প্ৰশাসনক বাৰম্বাৰ আবেদন কৰাৰ পাচতো কোনো গুৰুত্ব দিয়া নাই ৷ যাৰ ফলত এই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ যদিহে প্ৰশাসনে ব্যৱস্থা গ্ৰহণ নকৰিলে আৰু অধিক ভয়ংকৰ পথ দুৰ্ঘটনা হ’ব বুলি মন্তব্য কৰে ৰাইজে ৷

দুৰ্ঘটনাত নিহত কেইগৰাকী ক্ৰমে বিনিতা (বিলি) বৰুৱা, ৰিণা গগৈ, মিহিধৰ নেওগ, পবেন মৰাণ, কুলাই মেছ আৰু পল্লৱী দহোটীয়া ৷ আনহাতে আহতসকল অতুল গগৈ, বুৰঞ্জীত মৰাণ, জোণালী মৰাণ, বিকাশ নেওগ, গোলেশ্বৰ মৰাণ, মনো মৰাণ, যশোদা মৰাণ, লক্ষীমণি মৰাণ, এবলতা মৰাণ, পিংকী মৰাণ আৰু মাকন গগৈ ৷

লগতে পঢ়ক: Brutally beat up incident: এখন ঠেলাক কেন্দ্ৰ কৰি এটা পৰিয়ালক নিৰ্মমভাৱে প্ৰহাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.