Brutally beat up incident: এখন ঠেলাক কেন্দ্ৰ কৰি এটা পৰিয়ালক নিৰ্মমভাৱে প্ৰহাৰ

By ETV Bharat Assamese Team

Published : Sep 5, 2023, 10:51 PM IST

thumbnail

তিনিচুকীয়া, ৫ ছেপ্তেম্বৰ: তিনিচুকীয়া জিলাৰ ডুমডুমাৰ তালাপত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হয়  ৷ মহিলাসহ এটা পৰিয়ালৰ পাঁচগৰাকী লোকক লোহাৰ ৰ’ড, বাঁহেৰে আক্ৰমণ কৰে কেইবাজনো লোকে । পৰৱৰ্তী সময়ত তালাপ আৰক্ষী চকীত ভুক্তভোগীয়ে এজাহাৰ দাখিল কৰে । 

জানিব পৰামতে সাধাৰণ এখন ঠেলা আন এজন লোকৰ ঘৰৰ সন্মুখত ৰখাই থোৱাক কেন্দ্ৰ কৰিয়েই এই ঘটনা সংঘটিত হোৱাৰ কথা অৱগত কৰে ভুক্তভোগী পৰিয়ালটোৱে । প্ৰিন্স জয়চোৱাল, সঞ্জয় জয়চোৱাল, শুভম জয়চোৱাল আৰু শ্ৰৱণ জয়চোৱাল নামৰ চাৰি ভাই-ককায়ে মিলি অতি বৰ্বৰতাৰে পৰিয়ালটোক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ 

পৰৱৰ্তী সময়ত এই আক্ৰমণত আঘাতপ্ৰাপ্ত লোককেইজনক ডুমডুমা চিকিৎসালয়ত চিকিৎসা কৰা হয় যদিও উন্নত চিকিৎসাৰ বাবে পৰৱৰ্তী সময়ত ডিব্ৰুগড় মেডিকেল কলেজলৈ প্ৰেৰণ কৰে । ইপিনে, অভিযুক্ত চাৰিজনৰ ভিতৰত তিনিজনক আটক কৰি তালাপ আৰক্ষীয়ে ডুমডুমা আৰক্ষী থানালৈ প্ৰেৰণ কৰে । কিন্তু বৰ্তমানো তালাপ আৰক্ষীয়ে শুভম জয়চোৱালক আটক কৰিবলৈ সক্ষম হোৱা নাই বুলি জানিবলৈ দিয়ে অভিযোগকাৰীয়ে । আনহাতে, আক্ৰমণকাৰী চাৰিজনক উচিত শাস্তি প্ৰদানৰ দাবী জনাইছে ভুক্তভোগী পৰিয়ালটোৱে ।

লগতে পঢ়ক: Sivasagar murder case: যেতিয়া পৰিয়ালেই ঘাতক হয়; পত্নী, পুত্ৰ, কন্যাই হত্যা কৰিলে লোকক !

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.