Sivasagar murder case: যেতিয়া পৰিয়ালেই ঘাতক হয়; পত্নী, পুত্ৰ, কন্যাই হত্যা কৰিলে লোকক !

By ETV Bharat Assamese Team

Published : Sep 5, 2023, 6:34 PM IST

thumbnail

শিৱসাগৰ, 5 ছেপ্টেম্বৰ : শিৱসাগৰৰ জয়াপাৰাত লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে ৷ অজিত বৰুৱা(৪৫) নামৰ এজন ব্যক্তিক হত্যা পত্নী, পুত্ৰ, কন্যাই লগ লাগি হত্যা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৷ দীৰ্ঘদিনৰে পৰা অজিত বৰুৱাই সুৰাপান কৰি ঘৰত অশান্তিৰ সৃষ্টি কৰি অহা বাবেই এই নৃশংস হত্যাকাণ্ডৰ ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰে স্থানীয় ৰাইজে ৷ ইপিনে স্থানীয় লোকে অভিযোগ কৰা অনুসৰি অজিত বৰুৱাকহে পত্নী আৰু খুলশালীয়েক লগ লাগি অত্যাচাৰ কৰি আহিছিল। যোৱা নিশাও অজিত বৰুৱাক পত্নীয়ে মাৰপিট কৰাৰ অভিযোগ উত্থাপন কৰে স্থানীয় লোকে ৷

এই ঘটনাৰ পিচতে ঘটনাস্থলীত আৰক্ষী, দণ্ডাধীশ উপস্থিত হৈ তদন্ত আৰম্ভ কৰাৰ লগতে অজিত বৰুৱাৰ পত্নী, পুত্ৰ, কন্যাক আটক কৰিছে । আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ৷

লগতে পঢ়ক: Selling beef meat at Jonai : জোনাইত আইনক বুঢ়া আঙুলি দেখুৱাই মুকলিকৈ গো মাংসৰ বেহা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.