Selling beef meat at Jonai : জোনাইত আইনক বুঢ়া আঙুলি দেখুৱাই মুকলিকৈ গো মাংসৰ বেহা

By ETV Bharat Assamese Team

Published : Sep 5, 2023, 5:10 PM IST

thumbnail

জোনাই, ৫ ছেপ্টেম্বৰ : সমগ্ৰ দেশতে গো ধন আৰু গো মাংস বিক্ৰীৰ বন্ধৰ বাবে চৰকাৰে কটকটীয়া আইন প্ৰণয়ন কৰাৰ সময়তে জোনাইৰ মুৰ্কংচেলেক ৰে’লৱে ষ্টেচনৰ সমীপত মুকলিকৈ বিক্ৰী কৰিছে গো মাংস। মঙলবাৰে দিনৰ ২ বজাত বিশেষ সূত্ৰৰ তথ্য অনুসৰি জোনাইৰ স্থানীয় সংগঠন TMPK ৰ একাংশ সদস্যই মুৰ্কংচেলেক ৰে’লৱে ষ্টেচনৰ সমীপত অভিযান চলাই হলা আলি নামৰ ব্যক্তিজনৰ ঘৰৰ চোতালত মুকলিকৈ গো মাংস বিক্ৰী কৰাৰ সময়ত হাতে লোটে ধৰা পেলাই ৷

ইয়াৰ পিচতে TMPK ৰ সদস্যই আৰক্ষীক ঘটনা সন্দৰ্ভত খবৰ দিয়ে ৷ চৰকাৰ তথা আইনক বুঢ়া আঙুলি দেখুৱাই হলা আলি নামৰ লোকজনে কৰা এই কাণ্ডক সকলোৱে একেমুখে ধিক্কাৰ দিছে ৷ অতি শীঘ্ৰে হলা আলি নামৰ ব্যক্তিজনক আৰক্ষীয়ে আটক কৰি উচিত শাস্তি প্ৰদানৰ দাবী তুলিছে স্থানীয় সংগঠন TMPK য়ে।

লগতে পঢ়ক: Sexual harassment case: নলবাৰীত 50 উৰ্ধৰ ব্যক্তিৰ কামনাৰ বলি হ’ল নাবালিকা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.