মেৰাপানীত পিষ্টলসহ আৰক্ষীৰ জালত তিনি দুৰ্ধৰ্ষ বাইক চোৰ - Arms Recovered In Merapani

By ETV Bharat Assamese Team

Published : May 15, 2024, 9:34 AM IST

thumbnail
অসম-নাগালেণ্ড সীমান্তত মাৰণাস্ত্ৰৰ বেহা (ETV BHARAT ASSAM)

গোলাঘাট/ তিতাবৰ, ১৫ মে’: যোৰহাট আৰক্ষীয়ে মঙলবাৰে নিশা মেৰাপানী আৰক্ষীৰ সৈতে যুটীয়া অভিজান চলাই বলিন গগৈ, জিতেন দাস আৰু গোপাল কছাৰী নামৰ তিনি যুৱকক মাৰণাস্ত্ৰসহ গ্ৰেপ্তাৰ কৰে । আৰক্ষীয়ে তিনি যুৱকৰ পৰা এটা .২২ পিষ্টল আৰু তিনি জাঁই সক্ৰিয় গুলী জব্দ কৰিবলৈ সক্ষম হয় । দীৰ্ঘ সময়ৰ পৰা এই তিনি যুৱকে বাইক চোৰৰ লগত জড়িত আছিল বুলি আৰক্ষীয়ে উল্লেখ কৰিছে । মঙলবাৰে নিশা যোৰহাট আৰক্ষীৰ এটা দলে অভিযান চলাই অসম-নাগালেণ্ড সীমান্তৰ ক'লাজানৰ, চেনীজান আৰু মেৰাপানীৰ পৰা গ্ৰেপ্তাৰ কৰে অভিযুক্ত তিনিটাক ।  

উল্লেখযোগ্য যে দীৰ্ঘদিনৰ পৰা এই তিনি চোৰে যোৰহাট জিলাৰ বিভিন্ন প্ৰান্তত বাইক চুৰি কৰি এক প্ৰকাৰৰ সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল । জিলাখনত দৈনিক চুৰি হোৱা বাইকসমূহ অতি কৌশলেৰে অসম সীমান্ত পাৰ কৰি চুবুৰীয়া ৰাজ্য নাগালেণ্ডত বিক্ৰী কৰি আহিছিল । যোৰহাট আৰক্ষী একপ্ৰকাৰ নিদ্ৰাহৰণ কৰা এই গভাইত চোৰ তিনিটা অসম-নাগালেণ্ড সীমান্তত আত্মগোপন কৰি থকাৰ তথ্য লাভ কৰি মঙলবাৰে নিশাই যোৰহাট জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক কৌশিক কলিতাৰ নেতৃত্বত এটা বৃহৎ আৰক্ষীৰ দলে মেৰাপানী আৰক্ষীৰ সহযোগত অভিযান চলাই গ্ৰেপ্তাৰ কৰে । ইয়াৰ পিচতেই এই চোৰৰ দলটোৱে ২০পৰা ২৫ হাজাৰ টকাত নাগালেণ্ডৰ পৰা মাৰণাস্ত্ৰ ক্ৰয় কৰাৰ তথ্য়ও পোহৰলৈ আহে ।

 

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.