বিলাসীপাৰাত সজীৱ গুলী-পিষ্টলসহ আটক এজন - arms recovered in Bilasipara

By ETV Bharat Assamese Team

Published : Apr 3, 2024, 7:26 AM IST

thumbnail

বিলাসীপাৰা, 3 এপ্ৰিল: ধুবুৰী জিলাৰ বিলাসীপাৰাত পুনৰ মাৰণাস্ত্ৰ উদ্ধাৰ । জানিব পৰা মতে, বিলাসীপাৰা মহকুমাৰ সাপটগ্ৰাম আৰক্ষী থানাৰ অন্তৰ্গত ঢেমঢেমাত দুৰ্বৃত্তৰ এটা গেঙক বিচাৰি আৰক্ষীয়ে অভিযান চলায় । অভিযানকালত দুৰ্বৃত্তৰ পৰা জব্দ কৰা হয় 7.65 এম এম পিষ্টলসহ পাঁচ ৰাউণ্ড সজীৱ গুলী । আৰক্ষীয়ে কৰায়ত্ত কৰিবলৈ সক্ষম হৈছে হাফিজ উদ্দিন শ্বেখক (42) । 

আৰক্ষীয়ে ইতিমধ্যে জব্দ কৰিছে দুৰ্বৃত্তই ব্যৱহাৰ কৰা AS 16D 9138 নম্বৰৰ চেন্ট্ৰ’ জিংক বাহন আৰু মোবাইল ফোন । বিলাসীপাৰা মহকুমা আৰক্ষী বিষয়াৰ নেতৃত্বত সাপটগ্ৰাম, নয়াহাট আৰু বিলাসীপাৰা আৰক্ষীয়ে চলাইছিল এই অভিযান । আৰক্ষীৰ জালত পৰা হাফিজ উদ্দিন শ্বেখৰৰ ঘৰ ফকিৰাগ্ৰামত বুলি জানিব পৰা গৈছে । 

সম্প্ৰতি গেঙটোত জড়িত আন কেইজনো সদস্যক বিচাৰি আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান ।

লগতে পঢ়ক: সমুখত নিৰ্বাচন : থানাই থানাই জমা হৈছে বাৰ হাজাৰৰো অধিক মাৰণাস্ত্র - Lok Sabha Election 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.