সমুখত নিৰ্বাচন : থানাই থানাই জমা হৈছে বাৰ হাজাৰৰো অধিক মাৰণাস্ত্র - Lok Sabha Election 2024
SEIZED LICENCED ARMS IN ASSAM : নিৰ্বাচনৰ পূৰ্বে অনুজ্ঞাপত্র থকা মাৰণাস্ত্রসমূহ জমা লোৱাটো এটা স্বাভাৱিক প্ৰক্ৰিয়া। নির্বাচন আয়োগৰ নিৰ্দেশনাৰ পাছতে তৎপৰ আৰক্ষী আৰু প্ৰশাসন। এই পৰ্যন্ত ৰাজ্যৰ থানাসমূহত জমা হৈছে ১২,৩৯২টা মাৰণাস্ত্ৰ। গুৱাহাটী মহানগৰীত জমা হৈছে ১২০০০ মাৰণাস্ত্র। অপৰাধমূলক গোচৰৰ ১,২৬১ জন অভিযুক্তৰ বিৰুদ্ধে অসম আৰক্ষীয়ে জাৰি কৰিছে জামিনবিহীন গ্রেপ্তাৰী পৰোৱানা।

Published : March 31, 2024 at 5:47 PM IST
গুৱাহাটী, 31 মাৰ্চ : লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত বৰ্তমানলৈ ৰাজ্যৰ থানাই থানাই জমা হৈছে 12 হাজাৰৰো অধিক মাৰণাস্ত্ৰ ৷ উল্লেখ্য যে, নিৰ্বাচনৰ পূৰ্বে অনুজ্ঞাপত্ৰ থকা মাৰণাস্ত্ৰসমূহ জমা লোৱাটো এটা স্বাভাৱিক প্ৰক্ৰিয়া ৷ তাৰেই অংশস্বৰূপে স্বচ্ছ, নিকা আৰু ভয়মুক্ত লোকসভা নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ তৎপৰ হৈ পৰিছে নিৰ্বাচন আয়োগ ৷ নিৰ্বাচন আয়োগে জাৰি কৰা নিৰ্দেশনাৰ পিচতেই লোকসভাৰ নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত ৰাজ্যৰ থানাই থানাই বৈধ মাৰাণাস্ত্ৰ সমূহ জমা কৰাৰ প্ৰক্ৰিয়া অব্যাহত আছে ৷
এইপৰ্যন্ত ৰাজ্যৰ থানাসমূহত 12,392 টা মাৰণাস্ত্ৰ জমা হৈছে ৷ ইফালে গুৱাহাটী মহানগৰীৰ থানাসমূহত এতিয়ালৈকে 12,000 টা মাৰণাস্ত্ৰ জমা হৈছে ৷ নিৰ্বাচনৰ সময়ত যাতে বন্দুকৰ প্ৰভাৱ তথা ভয়-ভাবুকি নাথাকে আৰু স্বচ্ছ-নিকাভাৱে নিৰ্বাচন অনুষ্ঠিত হয় তাৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্বাচন আয়োগে অনুজ্ঞাপত্ৰ থকা বন্দুক, পিষ্টল আদি মাৰণাস্ত্ৰ সংশ্লিষ্ট সকলৰ পৰা জমা ল'বলৈ অসম আৰক্ষীক নিৰ্দেশ জাৰি কৰিছিল ৷ নিৰ্বাচন আয়োগৰ নিৰ্দেশৰ ভিত্তিতেই অসম আৰক্ষীয়ে ৰাজ্যৰ সকলো থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক বৈধ মাৰণাস্ত্ৰসমূহ জমা ল'বলৈ নিৰ্দেশ জাৰি কৰে ৷
তদুপৰি অসম আৰক্ষীয়ে মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ থকা লোকৰ নাম আৰু ঠিকনাসহ তালিকা ৰাজ্যৰ প্ৰতিখন থানালৈ প্ৰেৰণ কৰে ৷ এই তালিকাৰ ভিত্তিত আৰক্ষীয়ে কিছু বৈধ মাৰণাস্ত্ৰ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে ৷ জানিব পৰা মতে এতিয়াও বুজন পৰিমাণৰ মাৰণাস্ত্ৰ জমা হোৱা নাই ৷ অৱশ্যে বৈধ মাৰণাস্ত্ৰ সমূহ সংগ্ৰহ কৰিবলৈ অসম আৰক্ষীয়ে যুদ্ধকালীন তৎপৰতাৰে অভিযান চলাই আছে ৷ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পূৰ্বেই বাহিৰত থকা বৈধ মাৰণাস্ত্ৰ সমূহ নিজৰ অধীনলৈ অনাৰ বাবে আৰক্ষীয়ে অভিযান চলাই আছে ৷
ইফালে নিৰ্বাচন আয়োগে গ্ৰেপ্তাৰী পৰোৱানা জাৰি হোৱা অপৰাধীক গ্ৰেপ্তাৰ কৰিবলৈ অসম আৰক্ষীক নিৰ্দেশনা জাৰি কৰিছে ৷ নিৰ্বাচন আয়োগৰ নিৰ্দেশ মৰ্মে পূৰ্বৰ অপৰাধমূলক গোচৰৰ 1,261 গৰাকী অভিযুক্তৰ বিৰুদ্ধে অসম আৰক্ষীয়ে জাৰি কৰিছে জামিনবিহীন গ্ৰেপ্তাৰী পৰোৱানা ৷ এনে একাংশ অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে যদিও আন একাংশই আকৌ গ্ৰেপ্তাৰৰ পৰা হাত সাৰিবলৈ আত্মগোপন কৰিছে ৷ আনহাতে কামৰূপ মহানগৰ জিলা প্ৰশাসনে জাৰি কৰা নিৰ্দেশমৰ্মে গুৱাহাটীৰ থানাসমূহত এতিয়ালৈকে জমা হৈছে 1,200 ৰো অধিক অনুজ্ঞাপত্ৰ থকা আগ্নেয়াস্ত্ৰ ৷ উল্লেখ্য যে কামৰূপ মহানগৰ জিলা প্ৰশাসনে গুৱাহাটী মহানগৰীত প্ৰদান কৰা আগ্নেয়াস্ত্ৰৰ অনুজ্ঞাপত্ৰৰ সংখ্যা হৈছে 1,418 টা ৷
লগতে পঢ়ক : ডিব্ৰুগড়ত গাড়ী ডিলাৰৰ প্ৰৱঞ্চনাৰ বলি গ্ৰাহক - Fraud In Dibrugarh

