ETV Bharat / state

আৰু কিমান ভূগিব লাগিব ৰাজ্যৰ চাহ শ্ৰমিকে ? - Tea Estate Labour Protest

author img

By ETV Bharat Assamese Team

Published : May 22, 2024, 11:45 AM IST

: আন্তঃৰাষ্ট্ৰীয় চাহ দিৱসৰ দিনাই উত্তপ্ত হৈ ৰাজ্যৰ চাহ বিগাচসমূহৰ শ্ৰমিকসকল ৷ চাহ বগিচা কৰ্তৃপক্ষৰ বিৰুদ্ধে হিটলাৰী শাসন চলোৱাৰ অভিযোগ ৷

Tea Estate Labour Protest
আৰু কিমান ভুগিব লাগিব ৰাজ্যৰ চাহ শ্ৰমিকে ? (etv bharat assam)
ৰাজ্যত চাহ শ্ৰমিকৰ প্ৰতিবাদ (etv bharat assam)

নিউজ ডেস্ক, 22 মে’ : ৰাজ্যত সময়ে সময়ে চাহ শ্ৰমিকসকলে প্ৰতিবাদ সাব্যস্ত কৰিছে যদিও কাণসাৰ নাই ৰজাঘৰৰ ৷ দীৰ্ঘদিন ধৰি নিজৰ উচিত প্ৰাপ্য পৰা বঞ্চিত হৈ আহিছে বাগিচাৰ চাহ শ্ৰমিকসকল । আনকি বৰ্তমান সময়তো এজন শ্ৰমিকে দৈনিক মজুৰি যিমান পাব লাগে, সেয়া সম্ভৱ হৈ উঠা নাই ৷ আন্তৰাষ্ট্ৰীয় চাহ দিৱসৰ দিনটোতে ৰাজ্যৰ ভিন্ন প্ৰান্তত গৰজি উঠিল চাহ শ্ৰমিকসকল ৷

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে মঙলবাৰে তিনিচুকীয়া জিলাৰ ডুমডুমাৰ দিয়ামুলী চাহ বাগিচাত শ্ৰমিকসকলে বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে ৷ অসম চাহ মজদুৰ সংঘ বাগিচা গোটৰ উদ্যোগত স্থানীয় শ্ৰমিকৰ সহযোগত দিয়ামুলী চাহ বাগিচাৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।

অভিযোগ অনুসৰি, অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকা এগৰাকী শ্ৰমিকক কামত উপস্থিত হ’বলৈ কেইবানো জাননী জাৰি কৰিছে বাগিচাখনৰ পৰিচালকে । শ্ৰমিকে তিনিদিন কামত অনুপস্থিত হ’লেই নাম কৰ্তন কৰাৰ কৰাৰ ভাবুকি দিয়াৰ অভিযোগ পৰিচালকগৰাকীৰ বিৰুদ্ধে । পৰিচালকে দমন নীতিৰে বাগিচা পৰিচালনা কৰাৰ অভিযোগ চাহ শ্ৰমিকসকলৰ । গতিকে অযথা শ্ৰমিকক হাৰাশাস্তি কৰা বন্ধ কৰিবলৈ দাবী উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে ৷

সমান্তৰালভাৱে বাগিচাখনত প্ৰৱৰ্তন নতুন নীতি প্ৰত্যাহাৰ কৰি নাম কৰ্তন কৰা শ্ৰমিকক পুনৰ কামত যোগদানৰ সুবিধা দিয়া আৰু খালী পদসমূহ শীঘ্ৰে পূৰণ কৰাৰ দৰে মুঠ 11 টাকৈ দাবী উত্থাপন কৰি 1 ঘণ্টীয়া বিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰে প্ৰতিবাদকাৰী শ্ৰমিকসকলে ।

ইফালে ডিব্ৰুগড় জিলাৰ টিংখাঙত প্ৰাপ্য বিচাৰি ৰাজপথ কঁপালে সহস্ৰাধিক চাহ শ্ৰমিকে ৷ এনড্ৰিইউল কোম্পানীৰ অধীনৰ কোনো এখন বাগিচাৰ শ্ৰমিকেই বিগত কেইবামাহো ধৰি লাভ কৰা নাই দৰমহা । সেয়ে প্ৰাপ্য বেতন আৰু ৰেচনৰ পৰা বঞ্চিত শ শ শ্ৰমিকে অসম চাহ মজুদৰ সংঘৰ সহযোগত টিংখাঙৰ বিভিন্ন স্থানত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ।

অসম চাহ মজদুৰ সংঘৰ আহ্বান ক্ৰমে এনড্ৰিইউল চাহ কোম্পানীৰ শ্ৰমিক বিৰোধী নীতিৰ প্ৰতিবাদ কৰি
কোম্পানীটোৰ সঞ্চালক অনন্ত মোহন সিঙৰ প্ৰতিমূৰ্তি দাহ কৰে প্ৰতিবাদকাৰীসকলে ।

আনহাতে যোৰহাট জিলাৰ টীয়কত চাহ শ্ৰমিকসকলে তেওঁলোকৰ দীৰ্ঘদিনীয়া সমস্যা কেতিয়া সমাধান হ'ব বুলি প্ৰশ্ন কৰি প্ৰতিবাদ সাব্যস্ত কৰে শ্ৰমিকসকলে ৷ ব্যক্তিগত মালিকীস্বত্ব থকা চাহ বাগিচাৰ কোম্পানীসমূহে চাহ শ্ৰমিকসকল শোষন আৰু প্ৰতাৰণা কৰি আহিছে বুলি মৰিয়নী হোলোংগুৰি চাহ বাগিচাৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত অসম চাহ মজদুৰ সংঘ সহযোগত সহস্ৰাধিক শ্ৰমিকে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি পৰিৱেশ উত্তাল কৰি তোলে ৷ ফলত শ্ৰমিকসকলে যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষী মোতায়েন কৰা হয় ।

তাপৰ্যপূৰ্ণ যে, এনড্ৰিইউল কোম্পানীৰ মালিকাধীন 10 খন চাহ বাগিচাৰ শ্ৰমিকসকলে প্ৰায় ডেৰমাহ ধৰি প্ৰাপ্য মজুৰি আৰু ৰেচন লাভ কৰা পৰা বঞ্চিত হৈ আহিছে । কোম্পানীৰ স্বেচ্ছাচাৰিতাৰ বাবে শ্ৰমিকসকলৰ অৱস্থাত পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে । ফলত এনেদৰে ৰাজপথলৈ ওলাই আহে শ্ৰমিকসকল ৷

লগতে পঢ়ক: ডিব্ৰুগড়ত বঞ্চিত চাহ শ্ৰমিকে দাহ কৰিলে প্ৰধানমন্ত্ৰী-মুখ্যমন্ত্ৰীৰ পুত্তলিকা - Tea Estate Labour Protest

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.