ETV Bharat / sports

এছিয়ান ৰিলে চেম্পিয়নশ্বিপত ৰূপৰ পদক অৰ্জন ভাৰতীয় দলৰ - ASIAN RELAY CHAMPIONSHIPS - ASIAN RELAY CHAMPIONSHIPS

ASIAN RELAY CHAMPIONSHIPS: বেংককত অনুষ্ঠিত এছিয়ান ৰিলে চেম্পিয়নশ্বিপত ৪x৪০০ মিটাৰ ৰিলেত ভাৰতীয় পুৰুষ আৰু মহিলাৰ দলৰ দ্বিতীয় স্থান দখল ৷ প্ৰবল বৰষুণ আৰু বজ্ৰপাতৰ মাজতে প্ৰতিযোগিতাত অৱৰ্তীণ হৈছিল দলকেইটা ৷

ASIAN RELAY CHAMPIONSHIPS
ভাৰতীয় পুৰুষ আৰু মহিলা দল (ETV BHARAT ASSAM)
author img

By ETV Bharat Assamese Team

Published : May 22, 2024 at 11:30 AM IST

2 Min Read

স্প’ৰ্টছ ডেস্ক, ২২ মে’: পেৰিছ অলিম্পিকৰ বাবে যোগ্যতা অৰ্জনৰ পিচত মঙলবাৰে বেংককত অনুষ্ঠিত এছিয়ান ৰিলে চেম্পিয়নশ্বিপত ভাৰতীয় পুৰুষ আৰু মহিলা দুয়োটা দলে ৪x৪০০ মিটাৰ ৰূপৰ পদক অৰ্জন কৰে ।

ছুফাচালাছাই ৰাষ্ট্ৰীয় ষ্টেডিয়ামত প্ৰবল বৰষুণ আৰু বজ্ৰপাতৰ মাজতে অনুষ্ঠিত হোৱা মহিলাৰ ৪x৪০০ মিটাৰ ৰিলেৰ ফাইনেলত বিথ্যা ৰামৰাজ, এম আৰ পূৱম্মা, প্ৰাচী চৌধুৰী আৰু ৰূপল চৌধুৰীয়ে ৩ মিনিট ৩৩.৫৫ ছেকেণ্ড সময় অতিক্ৰম কৰি ভিয়েটনামৰ পিছত (৩:৩০.৮১) অন্ত পেলাইছে । জাপানে ৩:৩৫.৪৫ ছেকেণ্ডত ব্ৰঞ্জৰ পদক লাভ কৰে ।

ইফালে মহম্মদ আনাছ ইয়াহিয়া, সন্তোষ কুমাৰ, মিজো চাকো কুৰিয়ান আৰু আৰোকিয়া ৰাজীৱে ৩:০৫.৭৬ ছেকেণ্ডত দৌৰ সমাপ্ত কৰি দ্বিতীয় স্থান দখল কৰে ৷ শ্ৰীলংকাৰ দলটোৱে ৩:০৪.৪৮ মিনিটত দৌৰ সমাপ্ত কৰি প্ৰথম স্থান দখল কৰাৰ বিপৰীতে ৩:০৭.৩৭ ছেকেণ্ডেৰে তৃতীয় স্থান লাভ কৰে ভিয়েটনামে ।

প্ৰথম লেগৰ পিছত শ্ৰীলংকাৰ দলটো আগবাঢ়ি আছিল যদিও দ্বিতীয় লেগত সন্তোষে ভাৰতক অগ্ৰগতি প্ৰদান কৰে । তৃতীয় লেগৰ পিছত চাকোৱে ভাৰতক অগ্ৰগতি অব্যাহত ৰাখিছিল যদিও শ্ৰীলংকাৰ এংকৰ ৰাৰ্ণাৰ হেৱা কলিংগা কুমাৰগে চূড়ান্ত ষ্ট্ৰেচত আৰোকিয়াক অতিক্ৰম কৰে ।

ইয়াৰ পূৰ্বে সোমবাৰে ভাৰতীয় মিক্সড ৪x৪০০ ৰিলে দলটোৱে স্বৰ্ণ পদক লাভ কৰাৰ সমান্তৰালকৈ ৰাষ্ট্ৰীয় অভিলেখ গঢ়িবলৈ সক্ষম হৈছিল যদিও পেৰিছ অলিম্পিকৰ অৰ্হতা ব্ৰেকেটত প্ৰৱেশত ব্যৰ্থ হয় । মহম্মদ আজমল, জ্যোতিকা শ্ৰী দাণ্ডী, আমোজ জেকব আৰু শোভা ভেংকটেছনে ৩ মিনিট ১৪.১২ ছেকেণ্ড এই সাফল্য লাভ কৰিবলৈ সক্ষম হয় । বিগত বৰ্ষত হাংঝু এছিয়ান গেমছত ভাৰতীয় দলটোৱে ৩:১৪.৩৪ ছেকেণ্ডৰ দৌৰ সমাপ্ত কৰি ৰূপৰ পদক লাভ কৰাৰ লগতে ৰাষ্ট্ৰীয় অভিলেখ গঢ়িবলৈ সক্ষম হয় ।

সোমবাৰৰ প্ৰদৰ্শনে ভাৰতীয় মিক্সড ৪x৪০০ মিটাৰ দলটোক বিশ্ব এথলেটিকছৰ পেৰিছ পৰ্যায়ৰ তালিকাত পূৰ্বৰ ২৩ নম্বৰৰ পৰা ২১ নম্বৰ স্থানলৈ উন্নীত কৰিব ৷ ইফালে ভাৰতীয় দলটোৰ লক্ষ্য আছিল তালিকাৰ ১৫ বা ১৬ নম্বৰ স্থান লাভ কৰাৰ । পেৰিছত অনুষ্ঠিত হ’বলগীয়া মিক্সড ৪x৪০০ মিটাৰ ৰিলে ইভেণ্টত মাত্ৰ ষোল্লটা দলেহে অংশগ্ৰহণ কৰিব পাৰিব । এনে স্থলত ভাৰতীয় মিক্সড ৪x৪০০ মিটাৰ দলটোৰ অলিম্পিকত স্থান লাভ কৰাতো কঠিন হ’ব ৷

লগতে পঢ়ক: অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন ভাৰতীয় পুৰুষ-মহিলা ৪x৪০০ ৰিলে দলৰ - Paris Olympic 2024

লগতে পঢ়ক: Indian athletic team: এছিয়ান অভিলেখ গঢ়ি বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত ভাৰত; প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা

লগতে পঢ়ক: ড'প টেষ্ট : সোণলৈ উন্নীত জাকাৰ্টা এছিয়ান গেমছ ভাৰতৰ ৰূপৰ পদক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.