ETV Bharat / bharat

অনুচ্ছেদ ৩৭০ প্ৰত্যাহাৰৰ বাবে কৰা আবেদন খাৰিজ উচ্চতম ন্যায়ালয়ৰ - REVOCATION OF ARTICLE 370

author img

By ETV Bharat Assamese Team

Published : May 22, 2024, 9:02 AM IST

SUPREME COURT : উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত পাঁচজনীয়া বিচাৰপীঠে খাৰিজ কৰিছে অনুচ্ছেদ ৩৭০ ৰায়ৰ পুনৰীক্ষণৰ আবেদন । এই নিৰ্দেশ শীৰ্ষ আদালতখনৰ ৱেবছাইটত আপলোড কৰা হৈছে ।

SUPREME COURT on ARTICLE 370
সংবিধানৰ ৩৭০ অনুচ্ছেদ (ETV BHARAT ASSAM)

নেশ্য়নেল ডেস্ক, ২২ মে': উচ্চতম ন্যায়ালয়ত সংবিধানৰ ৩৭০ অনুচ্ছেদ সন্দৰ্ভত কৰা পুনৰীক্ষণৰ আবেদন দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে খাৰিজ কৰিছে । এই পুনৰীক্ষণৰ আবেদন বাতিলৰ পিচত কেন্দ্ৰ চৰকাৰে চলিত বছৰৰ ছেপ্টেম্বৰৰ শেষৰফালে জম্মু-কাশ্মীৰৰ বিধানসভা নিৰ্বাচন আৰু অতি সোনকালে ৰাজ্যৰ মৰ্যাদা পুনৰুদ্ধাৰৰ বাবে কৰা আবেদন সন্দৰ্ভত ন্যায়ালয়ে দিয়া নিৰ্দেশ বাহাল থাকিব ।

উচ্চতম ন্যায়ালয়ে ইয়াৰ ৰায়ৰ পুনৰীক্ষণ বিচাৰি কৰা আবেদনসমূহ খাৰিজ কৰাৰ লগে লগে সংবিধানৰ ৩৭০ নং অনুচ্ছেদৰ অধীনত জম্মু-কাশ্মীৰৰ বিশেষ মৰ্যাদা বাতিল কৰা বিষয়ত দিয়া নিৰ্দেশনা অব্য়াহত থাকিব ।

ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত ন্যায়াধীশ সঞ্জীৱ খান্না, বি আৰ গাভাই, সূৰ্যকান্ত আৰু এ এছ বোপান্নাক লৈ গঠিত পাঁচজনীয়া বিচাৰপীঠে চেম্বাৰত পুনৰীক্ষণ আবেদনসমূহ খাৰিজ কৰি উল্লেখ কৰে যে ২০২৩ চনৰ ১১ ডিচেম্বৰত দিয়া ৰায়ত কোনো স্পষ্ট ত্ৰুটি নাই ।

"আদালতত তালিকাভুক্ত কৰাৰ বাবে জনোৱা পুনৰীক্ষণ আবেদনসমূহ খাৰিজ কৰা হৈছে ৷ লগতে ব্যক্তিগতভাৱে উপস্থিত হোৱা আৰু যুক্তি আগবঢ়োৱাৰ অনুমতি প্ৰত্যাখ্যান কৰা হয় । পুনৰীক্ষণ আবেদনসমূহ চালি-জাৰি চোৱাৰ পিছত ৰেকৰ্ডত কোনো ত্ৰুটি স্পষ্ট হোৱা নাই । উচ্চতম ন্যায়ালয়ৰ নিয়ম ২০১৩ ৰ আদেশ XLVII ৰ এক নং নিয়মৰ অধীনত পুনৰীক্ষণৰ বাবে কোনো গোচৰ নাই । সেয়েহে, পুনৰীক্ষণ আবেদনসমূহ খাৰিজ কৰা হৈছে । অমীমাংসিত আবেদনসমূহ যদি থাকে, নিষ্পত্তি কৰা হয়" বুলি শীৰ্ষ ন্যায়ালয়ে ইয়াৰ ৰায়ত উল্লেখ কৰে ।

উল্লেখ্য় যে, এই আদেশটো যোৱা ১ মে’ৰ যদিও শেহতীয়াকৈ ইয়াক শীৰ্ষ আদালতৰ ৱেবছাইটত আপলোড কৰা হৈছে । যোৱা বছৰৰ ১১ ডিচেম্বৰত উচ্চতম ন্যায়ালয়ে কেন্দ্ৰৰ ২০১৯ চনৰ সিদ্ধান্ত বাহাল ৰাখি এই বছৰৰ ছেপ্টেম্বৰৰ শেষৰফালে জম্মু-কাশ্মীৰৰ বিধানসভা নিৰ্বাচন আৰু অতি সোনকালে ৰাজ্যৰ মৰ্যাদা পুনৰুদ্ধাৰৰ নিৰ্দেশ দিছিল ।

লগতে পঢ়ক:অনুচ্ছেদ ৩৭০ আৰু ইয়াৰ বাতিলকৰণ : উৎপত্তিৰ পৰা বিলুপ্তিলৈ জম্মু কাশ্মীৰৰ বিশেষ মৰ্যাদাৰ সময়ৰেখা

Article 370 Of Constitution : সংবিধানৰ অনুচ্ছেদ ৩৭০ৰ স্থায়ী বৈশিষ্ট্য সন্দৰ্ভত কপিল চিবালক প্ৰশ্ন উচ্চতম ন্যায়ালয়ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.