৩ টা চকাৰে স্কৰপিঅ' চলাই ডিব্ৰুগড়ত সন্ত্ৰাস সুৰামত্ত চালকৰ - Drunk Driver in Dibrugarh

🎬 Watch Now: Feature Video

thumbnail
ডিব্ৰুগড়ত সুৰামত্ত চালকৰ সন্ত্ৰাস (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : May 17, 2024 at 10:37 PM IST

1 Min Read
Choose ETV Bharat

ডিব্ৰুগড়, 17 মে’: পৰিবহন বিভাগে পথ দুৰ্ঘটনা ৰোধ কৰাৰ বাবে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে যদিও একাংশ উদণ্ড চালকৰ বাবে প্ৰতিদিনে সংঘটিত হৈছে পথ দুৰ্ঘটনা । তেনে সময়তে শুকুৰবাৰে বিয়লি ডিব্ৰুগড়ত সংঘটিত হ'ল ভয়ংকৰ ঘটনা  ।

৩ টা চকাৰে স্কৰপিঅ’ চলাই ডিব্ৰুগড়ত সন্ত্ৰাস চলালে সুৰামত্ত চালকে । বৰবৰুৱাৰ সমীপৰ পৰা ৩ টা চকাৰে ১০ কিলোমিটাৰ এখন স্কৰপিঅ' চলাই আহি সন্ত্ৰাসৰ সৃষ্টি কৰিলে এজন সুৰামত্ত চালকে । সুৰামত্ত অৱস্থাত বাহনখন চলাই আহি থাকোতে বাটত কেবাখনো বাহন আৰু দুই-এক লোকক খুন্দিয়াই অহাৰ অভিযোগ ৰাইজৰ ।

খুন্দা মৰাৰ ফলত স্কৰপিঅ'খনৰ এটা চকা খুলি যায় যদিও তীব্ৰ বেগত তেনেকৈয়ে তিনিটা চকাৰেই বৰবৰুৱাৰ পৰা লোকজনে মদৰ ৰাগীত বাহনখন কেবা কিলোমিটাৰ চলাই আনি ডিব্ৰুগড় চহৰ মাজমজিয়াত থকা মহেন্দ্ৰ ডিলাৰত সুমুৱায় । ফলত একাংশ উত্তেজিত ৰাইজে লোকজনক বাহনৰ পৰা উলিয়াই আনি উত্তম-মধ্যম সোধোৱাৰ লগতে আৰক্ষীক গটাই দিয়ে ।

সুৰামত্ত চালকজনৰ নাম যুগল সোণোৱাল বুলি জানিব পৰা গৈছে যদিও তেওঁৰ ঠিকনা জানিব পৰা হোৱা নাই । এই ঘটনাই ডিব্ৰুগড় চহৰত তীব্ৰ উত্তেজনাপূৰ্ণ পৰিৱেশৰ সৃষ্টি কৰিছে ।

লগতে পঢ়ক: তিনিচুকীয়াত সুৰাপায়ী চালকৰ তাণ্ডৱ