ETV Bharat / state

তিনিচুকীয়াত সুৰাপায়ী চালকৰ তাণ্ডৱ - Road accident in Tinsukia

author img

By ETV Bharat Assamese Team

Published : Mar 29, 2024, 10:30 PM IST

Drunk driver commits several accidents in Tinsukia
তিনিচুকীয়াত সুৰাপায়ী চালকৰ তাণ্ডৱ

Accident in Tinsukia: তিনিচুকীয়াৰ বাইপাছত সুৰাপায়ী চালকৰ তাণ্ডৱ ৷ এখন ই-ৰিক্সা, এখন বলেৰ' পিকআপ আৰু দুখন মটৰ চাইকেলত খুন্দা মাৰে সুৰাপায়ী চালকে ৷ ঘটনাক লৈ সমগ্ৰ অঞ্চলত বিৰাজ কৰে তীব্ৰ চাঞ্চল্য ।

তিনিচুকীয়াত সুৰাপায়ী চালকৰ তাণ্ডৱ

তিনিচুকীয়া,২৯ মাৰ্চ: ৰাজপথত আৰক্ষী, জিলা পৰিবহণ বিভাগে সুৰাপায়ী চালকৰ বিৰুদ্ধে দিনে-নিশাই অভিযান চলাইছে যদিও নাকী লগাব পৰা নাই একাংশ সম্ভ্ৰান্ত ঘৰৰ লোকক । কিয়নো শুকুৰবাৰে বিয়লি তিনিচুকীয়াৰ বাইপাছত এগৰাকী তেনে সম্ভ্ৰান্ত ঘৰৰ লোকে বিলাসী বাহনেৰে সৃষ্টি কৰে সন্ত্ৰাসৰ ৷ বাইপাছৰ চান্দমাৰী চাহ বাগিচাৰ সমীপত AS-01-FU-1780 নম্বৰৰ এখন মহিন্দ্ৰা স্কৰ্পিঅ' এন বাহনে মহতিয়াই নিয়ে কেইবাখনো বাহনৰ লগতে দুখনকৈ মটৰ চাইকেলক ৷

  • " class="align-text-top noRightClick twitterSection" data="">

স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, সুৰাসক্ত অৱস্থাত আছিল কামাখ্যা বৰ্মন নামৰ স্কৰ্পিঅ' বাহনখনৰ চালকগৰাকী ৷ সুৰাসক্ত চালক কামাখ্যা বৰ্মনে প্ৰথমে এখন ই-ৰিক্সাক খুন্দা মাৰে, দ্বিতীয়তে AS-04-BC-9663 নম্বৰৰ এখন বলেৰ' পিকআপ বাহনক পিচফালৰ পৰা খুন্দা মাৰে আৰু তাৰ পাচতে দুখনকৈ ৰখাই থোৱা মটৰ চাইকেলত খুন্দা মাৰি এখনক সম্পূৰ্ণৰূপে চকাৰ তলত সুমুৱাই মহতিয়াই নিয়ে । ফলত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ ৷

সৌভাগ্যক্ৰমে প্ৰাণ ৰক্ষা পৰে মটৰচাইকেলৰ গৰাকীৰ ৷ পৰৱৰ্তী সময়ত দুৰ্ঘটনাস্থলীত তিনিচুকীয়াৰ উপ-আৰক্ষী অধীক্ষক পুলকেশ ৰাভা, সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পৰাগজ্যোতি বুঢ়াগোহাঁইৰ নেতৃত্বত গেলাপুখুৰী আৰু যান-বাহন আৰক্ষীৰ এটা দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে কামাখ্যা বৰ্মনক আটক কৰি লৈ যায় । লগতে সমগ্ৰ ঘটনা সন্দৰ্ভত আৰম্ভ কৰে তদন্ত ৷

সমগ্ৰ ঘটনা সন্দৰ্ভত উপ-আৰক্ষী অধীক্ষকগৰাকীয়ে জনোৱা অনুসৰি চালক কামাখ্যা বৰ্মনে অত্যাধিক সুৰাপান কৰি আছিল বুলি উল্লেখ কৰে । ইফালে সদৰ আৰক্ষী থানাত আৰক্ষীয়ে বাতৰি প্ৰেৰণ কৰা সময়লৈকে নিজৰ জিম্মাত ৰখা বুলি জানিব দিয়ে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পৰাগজ্যোতি বুঢ়াগোঁহায়ে ৷ ইফালে, সুৰাসক্ত অৱস্থাত থকা চালক বৰ্মনে দুৰ্ঘটনা সংঘটিত কৰাৰ পাছত নিজকে এগৰাকী কেন্দ্ৰীয় মন্ত্ৰীৰ নাম লৈ তেখেতৰ মানুহ, মোক একো কৰিব নোৱাৰে বুলি দম্ভালি মাৰিছিল বুলি উপস্থিত ৰাইজে জানিবলৈ দিয়ে ৷

লগতে পঢ়ক: মহানগৰীত ক্ৰমাৎ বৃদ্ধি পাইছে যান-বাহনৰ সংখ্যা - Pollution In Guwahati

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.