ETV Bharat / state

Kakopathar accident: বৰডিৰাকৰ দুৰ্ঘটনাত আহতসকলক চৰকাৰীভাৱে চিকিৎসা কৰোৱাৰ আশ্বাস সুৰেণ ফুকনৰ

author img

By ETV Bharat Assamese Team

Published : Sep 6, 2023, 2:23 PM IST

তিনিচুকীয়া অসামৰিক চিকিৎসালয়ত উপস্থিত ডিগবৈৰ বিধায়ক সুৰেণ ফুকন ৷ আহত 12 গৰাকী লোকক চৰকাৰীভাৱে চিকিৎসাৰ ব্যৱস্থা কৰাৰ প্ৰতিশ্ৰুতি বিধায়ক গৰাকীৰ ৷

Terrible Road Accident in Tinsukia
তিনিচুকীয়া অসামৰিক চিকিৎসালয়ত উপস্থিত বিধায়ক সুৰেণ ফুকন

তিনিচুকীয়া অসামৰিক চিকিৎসালয়ত উপস্থিত বিধায়ক সুৰেণ ফুকন

তিনিচুকীয়া, 6 ছেপ্তেম্বৰ : তিনিচুকীয়া জিলাৰ কাকপথাৰ বৰডিৰাকত সংঘটিত হোৱা শোকাৱহ পথ দুৰ্ঘটনাই জোঁকাৰি গৈছে সমগ্ৰ ৰাজ্য ৷ এখন ট্ৰাক আৰু এখন মালবাহী টাটা মেজিক বাহনৰ মুখামুখি সংঘৰ্ষ হোৱাৰ ফলত থিতাতে নিহত হৈছিল 7 গৰাকী আৰু আহত হৈছে 12 গৰাকীকৈ লোক ৷ দুৰ্ঘটনা সংঘটিত হোৱা ট্ৰাক খনৰ নম্বৰ AS 23 CC 8930 আৰু টাটা মেজিক খনৰ নম্বৰ AR 20 A 1093 ৷

দুৰ্ঘটনাত নিহত 7 গৰাকীলোকৰ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা তিনিচুকীয়া অসামৰিক চিকিৎসালয়তে কৰা হৈছে ৷ ইফালে সমগ্ৰ ঘটনাৰ বুজ ল’বলৈ তিনিচুকীয়া অসামৰিক চিকিৎসালয়ত উপস্থিত হয় ডিগবৈ সমষ্টিৰ বিধায়ক সুৰেণ ফুকন ৷ ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকৰ 12 গৰাকী লোকক যাতে চৰকাৰীভাৱে চিকিৎসা ব্যৱস্থা কৰা হয় তাৰ বাবে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰীৰ লগতে মুখ্যমন্ত্ৰীৰ সৈতে যোগাযোগ কৰা হৈছে ৷ এই কথা জানিবলৈ দিছে বিধায়ক সুৰেণ ফুকনে ৷ আনহাতে দুৰ্ঘটনাত নিহতৰ পৰিয়ালৰ লোক কান্দোনত ভাগি পৰিছে ৷ কেমেৰাৰ সন্মুখত হুকহুকাই কান্দি উঠিল দুৰ্ঘটনাত নিহতৰ আত্মীয় ৷

নিশা সংঘটিত পথ দুৰ্ঘটনাত নিহত কেইগৰাকী ক্ৰমে বিনিতা (বিলি) বৰুৱা, ৰিণা গগৈ, মিহিধৰ নেওগ, পবেন মৰাণ, কুলাই মেছ আৰু পল্লৱী দহোটীয়া ৷ আনহাতে, আহতসকল ক্ৰমে অতুল গগৈ, বুৰঞ্জীত মৰাণ, জোণালী মৰাণ, বিকাশ নেওগ, গোলেশ্বৰ মৰাণ, মনো মৰাণ, যশোদা মৰাণ, লক্ষিমণী মৰাণ, এবলতা মৰাণ, পিংকী মৰাণ, মাকন গগৈ ৷

উল্লেখ্য যে ডুমডুমাৰ মংগলবৰীয়া বজাৰৰ পৰা ডিৰাক সোণজান গাঁৱৰ বাসগৃহলৈ মালবাহী টাটা মেজিকেৰে গৈ থকা অৱস্থাত ট্ৰাকখন সৈতে হয় মুখামুখি সংঘৰ্ষটো ৷ ট্ৰাকৰ চালক গৰাকী অত্যাধীক মদ্যপান কৰি অৰুণাচল প্ৰদেশ দিশৰ পৰা আহি আছিল বুলি জানিব পৰা গৈছে স্থানীয় ৰাইজৰ পৰা ৷

লগতে পঢ়ক: Terrible Road Accident: তিনিচুকীয়াৰ বৰ ডিৰাকত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত 7 গৰাকী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.