ETV Bharat / technology

ভুলতো অচিনাকি মানুহক নিদিব মোবাইল, নহ’লে গোটেই জীৱন ভুগিব অনুশোচনাত - scam through call forwarding

author img

By ETV Bharat Assamese Team

Published : May 23, 2024, 1:24 PM IST

Call Forwarding Scam: আজিকালি প্ৰৱঞ্চকে মানুহক প্ৰতাৰণা কৰাৰ কোনো সীমা নাই ৷ নিত্য নতুন উপায় উলিয়াই লয় প্ৰৱঞ্চকে ৷ মানুহে ভাবি পাৰ নোপোৱা ধৰণে প্ৰৱঞ্চকে আজিকালি মানুহক লুটি লৈ যায় ৷

never give your phone to strangers scammer can empty your bank account through call forwarding
অচিনাকি মানুহক নিদিব মোবাইল (etv bharat graphics)

চাইবাৰ ক্ৰাইমটো শুনিছেই চাগৈ ৷ কি কি নহয় আজিকালি অনলাইন মানুহৰ লগত ৷ ফোনটোৱেই যে কিমানৰ বাবে কাল হৈছে আজিলৈকে ! টেকন’লজী আগবাঢ়ি যোৱাৰ লগে লগে সমাজত বাঢ়ি আহিছে চাইবাৰ অপৰাধী ৷ এতিয়াটো বাটে-পথে, ৰাস্তাই-ঘাটে অপৰাধী ৷

শেহতীয়াকৈ এটা নতুন কিটিপ লৈছে চাইবাৰ অপৰাধীয়ে ৷ সহায় বিচৰাৰ নামত ফোন বিচাৰি আপোনাৰ সকলো ডাটা উলিয়াই লৈ যাব আৰু আপুনি গমেই নাপাব ৷ প্ৰথমে ইহঁতি আপোনাৰ ওচৰলৈ সহায় বিচাৰি আহি আপোনাৰ ফোনটো বিচাৰিব আৰু আপুনি ফোনটো দি দিয়া মাত্ৰকে আপোনাৰ সকলো কল আৰু মেছেজ তেওঁলোকৰ নম্বৰলৈ ফৰৱাৰ্ড কৰি ল’ব ৷

ভাৰত এনেকুৱা এখন দেশ, য’ত অতিথি সেৱা মুখ্যতঃ থাকে ৷ অৱশ্যে আজিকালি ইমানবোৰ অপৰাধজনিত ঘটনাৰ পিচত হয়তো এইষাৰ কথা সম্পূৰ্ণৰূপে প্ৰযোজ্য নহয় ৷ ভাৰতৰ স্থায়ী বাসিন্দাৰ লগতে এতিয়া অতিথিও বহুত ঠাইত সুৰক্ষিত নহয় ৷ কিন্তু যি হ’লেও ভাৰতবৰ্ষৰ এটা নাম আছে যে ইয়াত মানুহে মানুহক সহায় কৰিবলৈ সদা প্ৰস্তুত ৷ কিছুমান মানুহটো যিকোনো ব্যক্তিকে সহায় কৰিবলৈ সদায়ে সাজু । কোনোবাই সামান্যতম সমস্যা দেখুৱালেও তেওঁলোক আগবাঢ়ি আহে । কেণা তেতিয়াই লাগে যেতিয়া বহু সময়ত ইয়াৰ সুবিধা লৈ অপৰাধীয়ে প্ৰৱঞ্চনা কৰে ৷ বৰ্তমান সময়ত সমগ্ৰ দেশখনতে সক্ৰিয়ৰূপত আছে চাইবাৰ প্ৰৱঞ্চক ।

বহু সময়ত এনেকুৱা হয় যে আপুনি ৰাজহুৱা স্থানত থাকোতে হঠাতে কোনোবাই আপোনাৰ মোবাইল বিচাৰি সহায় আশা কৰে । আপুনি হা না একো ক’ব নোৱাৰা পৰিস্থিতি এটাত পৰে ৷ কোনোবাই ফোনৰ বেটাৰী কম বুলি কয় নতুবা আন কোনোবাই কয় ফোন চুৰি হৈছে বুলি ! মুঠৰ ওপৰত সিহঁতৰ হাজাৰটা বাহানাত আপোনাৰ বহ সময়ত মুখৰ মাত নাইকিয়া হৈ পৰে ৷ এনে পৰিস্থিতিত বেছিভাগ মানুহেই আনজনক সহায় কৰি প্ৰৱঞ্চকৰ লক্ষ্য হৈ পৰে । পিছে এনে লোকো আছে যি জানি বুলি তৎক্ষণাত তেনেকুৱা পৰিস্থিত এৰাই চলিব জানে ৷

আপোনাৰ কলটো ফৰৱাৰ্ড কৰি দিয়ে : আচলতে আজিকালি প্ৰৱঞ্চকে মানুহক প্ৰতাৰণা কৰাৰ নতুন উপায় উলিয়াই লৈছে । চাইবাৰ অপৰাধীয়ে আপোনাৰ ওচৰলৈ সহায় বিচাৰি আহি আপোনাক মিছা কথা কয় আৰু আপোনাৰ ফোনটো বিচাৰি আপোনাৰ ফোনৰ পৰা *৪০১* ডায়েল কৰি তেওঁলোকে আপোনাৰ সকলো কল আৰু মেছেজ তেওঁলোকৰ নম্বৰলৈ ফৰৱাৰ্ড কৰি লয় ।

কেৱল এইয়াই নহয়, অপৰাধীয়ে আনকি ব্যৱহাৰকাৰীৰ কল আৰু মেচেজ অৰ্থাৎ অ’টিপিও উলিয়াই ল’ব পাৰে ৷ এই কেলেংকাৰী ইমানেই বিপজ্জনক যে ভুক্তভোগীয়ে অ’টিপি আৰু এই কলবোৰৰ কোনো তথ্যও নাপায় । কাৰণ তেওঁলোকৰ ফোনত ৰিং নহয় আৰু অপৰাধীয়ে অ’টিপিৰ জৰিয়তে অতি সহজতে তেনেদৰে বেংক একাউণ্ট খালী কৰিব পাৰে ।

কেনেকৈ সুৰক্ষিত হৈ থাকিব?

আপোনাৰ মোবাইলটো কোনো অচিনাকি ব্যক্তিক কেতিয়াও নিদিব । কোনোবাই সহায় বিচাৰিলে আপুনি নিজেই সেই নম্বৰ ডায়েল কৰি দিব । যদি আপুনি আপোনাৰ ফোনটো কাৰোবাক দিবলগীয়া হয়, তেন্তে প্ৰথমে *#21# ডায়েল কৰক । ইয়াৰ জৰিয়তে আপুনি জানিব পাৰিব যে আপোনাৰ ফোনলৈ অহা কল আৰু বাৰ্তাসমূহ ফৰৱাৰ্ড কৰা হৈছে নে নাই । যদি আপোনাৰ কল অন্য কোনো নম্বৰলৈ ফৰৱাৰ্ড কৰা হৈছে, আপুনি ##002# ডায়েল কৰি কল আৰু বাৰ্তা ফৰৱাৰ্ডিং নিষ্ক্ৰিয় কৰিব পাৰিব ।

লগতে পঢ়ক : WhatsAppত এতিয়াৰে পৰা ইন্টাৰনেট নোহোৱাকৈয়ে শ্বেয়াৰ কৰিব পাৰিব ফাইল: জানি লওক কেনেকৈ ? - WhatsApp File Sharing

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.