টিহু নাথকুছিৰ এখন বিশেষ প্ৰাথমিক বিদ্যালয়

By ETV Bharat Assamese Team

Published : Jan 3, 2024, 4:44 PM IST

Updated : Jan 3, 2024, 9:03 PM IST

thumbnail

বাক্সা, 3 জানুৱাৰী : নলবাৰী জিলাৰ টিহুৰ নাথকুছিৰ 31 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিতে থকা এখন বিশেষ বিদ্যালয় ৷ 207 নং 1 নং নাথকুছি নিম্ন বুনিয়াদী বিদ্যালয়খনত আছে 165 গৰাকী ছাত্ৰ-ছাত্ৰী ৷ ছাত্ৰ-ছাত্ৰীয়ে ভৰি থকা বিদ্যালয়খনত ছাত্ৰ-ছাত্ৰীক পাঠদানৰ লগতে প্ৰতি শনিবাৰে প্ৰদান কৰা হয় সংগীত, চিত্ৰকলা ইত্যাদি বিষয়ৰ প্ৰশিক্ষণ ৷

শনিবৰীয়া চ’ৰাত অংশগ্ৰহণ কৰি আনন্দত আত্মহাৰা হৈ পৰে ছাত্ৰ-ছাত্ৰী সকল ৷ ইতিমধ্যে বিদ্যালয়তে নৃত্যৰ প্ৰশিক্ষণ গ্ৰহণ কৰি বিভিন্ন মঞ্চত প্ৰতিযোগিতাতো অংশগ্ৰহণ কৰিছে ছাত্ৰ-ছাত্ৰীসকলে ৷ বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী সকলৰ প্ৰচেষ্টাত আটক ধুনীয়াকৈ সজাই তোলা হৈছে বিদ্যালয়খন ৷

সুন্দৰ শৈক্ষিক পৰিৱেশ আৰু সকলো দিশৰ পৰা যথেষ্ট উন্নত বিদ্যালয়খন ৷ 1912 চনতে স্থাপন হোৱা তথা শতবৰ্ষ গৰকা বিদ্যালয়খন অঞ্চলটোৰ বাবে এক গৌৰৱৰ থল হৈ পৰিছে ৷ প্ৰাথমিক অৱস্থাতেই ছাত্ৰ-ছাত্ৰীক শৈক্ষিক দিশৰ লগতে আন আন দিশতো আগবঢ়াই নিয়াৰ পদক্ষেপ গ্ৰহণ কৰিছে বিদ্যালয়খনে ৷ 

লগতে পঢ়ক : নৰাকটাত ব্যস্ত নলবাৰীৰ এজাক মহিলা

Last Updated : Jan 3, 2024, 9:03 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.