নৰা কটাত ব্যস্ত নলবাৰীৰ এজাক মহিলা

By ETV Bharat Assamese Team

Published : Jan 3, 2024, 2:11 PM IST

Updated : Jan 3, 2024, 5:11 PM IST

thumbnail

নলবাৰী,৩ জানুৱাৰী: চৌদিশে নৱবৰ্ষক আদৰাৰ আনন্দ । ইয়াৰ মাজতে লাহে লাহে আৰম্ভ হৈছে ভোগৰ উৎসৱ ভোগালীক আদৰাৰ প্ৰস্তুতি । ভোগালী বিহু বুলি ক'লেই আহি পৰে মেজি, ভেলাঘৰৰ কথা । সেয়েহে নৰা কটা পৰ্ব আৰম্ভ হৈছে বিভিন্ন প্ৰান্তত । নলবাৰীতো নৱবৰ্ষৰ উৎসাহ-উদ্দীপনাৰ মাজতে সমাগত মাঘৰ মেজি সজাক লৈ ব্যস্ত হৈ পৰিছে শিশুৰ পৰা বৃদ্ধালৈকে ৷ নলবাৰীৰ হেলচাত মাঘ বিহুক আদৰিবলৈ আৰম্ভ হৈছে উদুলি-মুদুলি পৰিৱেশৰ ৷

হেঁপাহৰ ভোগালীক আদৰিবলৈ নলবাৰীৰ হেলচাত মেজি সজোৱাত এতিয়া ব্যস্ত হৈ পৰিছে পুৰুষ মহিলা, শিশু বৃদ্ধা । যুৱকসকলৰ বিপৰীতে মহিলাসকলে হাতে হাতে কাঁচি লৈ ওলাই অহা পৰিলক্ষিত হৈছে নলবাৰীৰ হেলচাত । অশীতিপৰ বৃদ্ধাৰ পৰা মহাবিদ্যালয়ৰ প্ৰবক্তালৈ কোনো ৰৈ থকা নাই মেজি ঘৰ সজাৰ বাবে ৷ সেয়েহে এতিয়া সকলো মাথো ব্যস্ত নৰা কটাত ৷ চেনেহৰ ভোগালী বিহুক আদৰিবলৈ এয়াই হৈছে নলবাৰীৰ চহা গ্ৰাম্য জীৱনৰ এক পৰিৱেশ ৷ 

লগতে পঢ়ক: বৰপেটাত পুষ্প কাঁহাৰ বুৰঞ্জীমূলক পূর্ণাংগ নাটখন মঞ্চস্থ

Last Updated : Jan 3, 2024, 5:11 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.