কামলৈ নহাৰ বাবেই কৰ্মচাৰীক কামুৰি আহত কৰিলে মালিকে - owner attacked employee

By ETV Bharat Assamese Team

Published : May 27, 2024, 9:11 PM IST

thumbnail
কৰ্মচাৰীক কামুৰি আক্ৰমণ মালিকৰ (ETV BHARAT ASSAM)

গুৱাহাটী, 27 মে’ : কামলৈ নহাৰ বাবেই কৰ্মচাৰীক কামুৰি আক্ৰমণ মালিকৰ ৷ গালত কামুৰি কৰ্মচাৰীক আহত কৰে মালিকে ৷ মহানগৰীৰ জাপৰিগোগত এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে ৷  

জানিব পৰা মতে গৌৰাংগ মহন্ত নামৰ কৰ্মচাৰীজনক গেৰেজৰ মালিকে কামলৈ নহাৰ বাবে কামুৰি আৰু লোৰ ৰডেৰে আক্ৰমণ কৰি আহত কৰে ৷ কৰ্মচাৰীজনৰ গালত কামোৰাৰ লগতে লোৰ ৰডেৰে প্ৰহাৰ কৰি মূৰ ফালি দিয়ে অভিযুক্ত হৰে নাথ নামৰ ব্যক্তিজনে ৷ মূৰত 5 টাকৈ চিলাই পৰিছে আহত গৌৰাংগ মহন্তৰ ৷

ইতিমধ্যে ঘটনা সন্দৰ্ভত গেৰেজৰ স্বত্বাধিকাৰী হৰে নাথ নামৰ লোকজনৰ বিৰুদ্ধে দিছপুৰ থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী কৰ্মচাৰীজনে ৷ জানিব পৰা মতে, গৌৰাংগ মহন্তক মাজে মাজে নাথৰ গেৰেজলৈ কাম কৰিবলৈ মাতিছিল ৷ দেওবাৰেও কামলৈ মাতিছিল তেওঁক ৷ কিন্তু গৌৰাংগই অস্বীকাৰ কৰি আন ঠাইত কাম কৰিবলৈ গৈছিল ৷ কাম কৰি দেওবাৰে দুপৰীয়া ভাত খাবলৈ অহাৰ সময়ত গৌৰাংগক আক্ৰমণ কৰে নাথে ৷ লোৰ ৰডেৰে গৌৰাংগক মূৰত প্ৰহাৰ কৰাৰ লগতে গালত কামোৰে হৰে নাথে ৷

লগতে পঢ়ক : আৰক্ষীৰ গুলীত নিহত দুর্ধর্ষ ডকাইত - Police Encounter

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.