১ কেজিৰো অধিক ওজনৰ নকল সোণৰ নাও জব্দ - Fake Gold Boat Seized

By ETV Bharat Assamese Team

Published : May 27, 2024, 9:10 PM IST

thumbnail
আৰক্ষীৰ এটা দলে জব্দ কৰে এখন নকল সোণৰ নাও (ETV BHARAT ASSAM)

চতিয়া, 27 মে’ : আজিও চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ আছে নকল সোণ আৰু লখিমপুৰৰ বঙালমৰা অঞ্চল ৷ নকল সোণৰ বিৰুদ্ধে সময়ে সময়ে অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷ সোমবাৰে বিশেষ সূত্ৰৰ পম খেদি জিলাখনৰ উপ-আৰক্ষী অধীক্ষক দেৱাশীষ কায়স্থৰ নেতৃত্বত যোৱা জামুগুৰি আৰক্ষীৰ এটা দলে জব্দ কৰে এখন নকল সোণৰ নাও ৷

AS-07-U-9233 নম্বৰৰ এখন ৱেগন আৰ গাড়ীত লখিমপুৰৰ বঙালমৰাৰ পৰা জামুগুৰিহাটৰ টৌভঙালৈ বুলি 1 কেজি 470 গ্ৰাম ওজনৰ নাওখন বিক্ৰীৰ বাবে আনি থকা অৱস্থাতে আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয় ৷ অৱশ্যে নাওখন জব্দ কৰিবলৈ সক্ষম হয় যদিও সৰবৰাহকাৰীটো পলাই সাৰিবলৈ সক্ষম হয় ৷ উল্লেখ্য যে ইয়াৰ পূৰ্বেও জামুগুৰিহাটত কেবাবাৰো নকল সোণৰ নাও জব্দ কৰিবলৈ সক্ষম হৈছিল জামুগুৰি আৰক্ষী ৷
 

লগতে পঢ়ক : আৰক্ষীৰ গুলীত নিহত দুর্ধর্ষ ডকাইত - Police Encounter

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.