Drugs Smuggler Arrested : হাউলীত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ এজন

By

Published : Oct 29, 2022, 5:36 PM IST

Updated : Feb 3, 2023, 8:30 PM IST

thumbnail

বৰপেটা সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰঞ্জন দলেই হাউলী আৰক্ষীৰ সহযোগত অভিযান চলাই হাউলীৰ হাজীপাৰাৰ মহিৰ উদ্দিন আহমেদ নামৰ ড্ৰাগছ ব্যৱসায়ীটোক (Drugs smuggler arrested in Barpeta) নিজ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰাৰ লগতে জব্দ কৰে বৃহৎ পৰিমাণৰ ড্ৰাগছ (Drugs seized in Barpeta) । নিজগৃহত দুটা চাবোনৰ বাকচত ভৰাই থোৱা অৱস্থাত প্ৰায় ৮৪.৯৬ গ্ৰাম ব্ৰাউন ছুগাৰ জব্দ কৰে আৰক্ষীয়ে । ধৃত ড্ৰাগছ ব্যৱসায়ীটোৱে জনোৱা মতে, ডিমাপুৰৰ পৰা ট্ৰাকৰ সহায়ত বৰপেটালৈ সৰবৰাহ কৰে নিষিদ্ধ ড্ৰাগছ (Drugs smuggling from Dimapur to Barpeta) ৷ ইতিমধ্যে ড্ৰাগছ ব্যৱসায়ীটোৰ বিৰুদ্ধে হাউলী থানাত এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে । আৰক্ষীৰ তদন্তত বহু তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে ৷

Last Updated : Feb 3, 2023, 8:30 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.