MP Fund Scam: সাংসদ পুঁজিৰ আঁচনি ৰূপায়ণত দুৰ্নীতি, তদন্তৰ বাবে বাইহাটাত চি এম ভিজিলেঞ্চৰ দল

By

Published : Feb 7, 2023, 10:07 AM IST

Updated : Feb 14, 2023, 11:34 AM IST

thumbnail

বাইহাটা চাৰিআলি, 7 জানুৱাৰী: শেহতীয়াকৈ কামৰূপ জিলাৰ কমলপুৰ বিধানসভা সমষ্টিত ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাৰ সাংসদ পুঁজিৰ আঁচনি ৰূপায়ণত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে (Ajit Kumar Bhuyan MP Fund Scam) ৷

অজিত কুমাৰ ভূঞাৰ সাংসদ পুঁজিৰ আঁচনি ৰূপায়ণত ব্যাপক দুৰ্নীতি হোৱাৰ বিষয়টো সন্দৰ্ভত সংবাদ মাধ্যমত ধাৰাবাহিক বাতৰি সম্প্ৰচাৰ হৈছিল ৷ ইয়াৰ পিছতে বিষয়টো সন্দৰ্ভত তৎপৰ হৈ পৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ তদাৰকী কোষ (MP Ajit Kumar Bhuyan)   ৷ 

ইতিমধ্যেই মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়া (Corruption in implementation of MP fund schemes) ৷ এই তদন্তৰ লগত জড়িত মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ ছয়জনীয়া এটা দলে সোমবাৰে উপস্থিত হয়গৈ কমলপুৰ সমষ্টিৰ ৰঙিয়াৰ লগতে বাইহাটা চাৰিআলিত (CM Vigilance team in Baihata Chariali) ৷ 

তদন্তকাৰী দলটোৱে সমষ্টিটোত সাংসদ পুঁজিৰ দ্বাৰা আবন্টিত কেইবাটাও পথ নিৰীক্ষণ কৰে তদন্তকাৰী । পথসমূহ নিৰীক্ষণ কৰাৰ লগতে দলটোৱে বৰলেচাকোনা গাঁৱৰ স্থানীয় লোকৰো ভাষ্য গ্ৰহণ কৰে ।

উল্লেখ্য যে আঠাৰা মধুকুছি পথৰ পৰা বৰলেচাকোনা নামঘৰলৈ থকা পথচোৱা নিৰ্মাণৰ নামত সাংসদ ভূঞাৰ সাংসদ পুঁজিৰ পৰা আবন্টন দিয়া হৈছিল ১৬ লাখ ৬০ হাজাৰ টকা ৷ কিন্তু কেৱল নামতহে আবন্টন হৈছিল এই ধন, কাৰ্যত ফুটুকাৰ ফেনত পৰিণত হৈছে পথ নিৰ্মাণৰ কাম (MP Fund Scam) ৷ সাংসদ পুঁজিৰ আঁচনিৰ জড়িয়তে কৰা এই কামৰ কোনো এখন ফলক পৰ্যন্ত আঁৰি থোৱা দেখা নাপালে মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ দলটোৱে ৷  

স্থানীয় লোকসকলে জানিবলৈ দিয়া অনুসৰি বিভিন্ন স্থানসমূহত আঁচনিৰ জৰিয়তে ৰূপায়ণ কৰা পথ নিৰ্মাণৰ কথাকে নাজানে স্থানীয় ৰাইজে । সেয়েহে মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ তদন্তকাৰী দলটোৰ জৰিয়তে বিষয়টোক লৈ উচিত তদন্তৰ দাবী জনাইছে স্থানীয় ৰাইজে ।

লগতে পঢ়ক: MP Fund Scam: সাংসদ পুঁজিৰ আঁচনি ৰূপায়ণত হোৱা অনিয়মৰ তদন্ত কৰিবলৈ ৰঙিয়াত চি এম ভিজিলেঞ্চৰ দল

Last Updated : Feb 14, 2023, 11:34 AM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.